--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পানিয়া ফাফ্ৰি গাঁও। এসময়ত ইয়াত প্ৰচুৰ জনবসতি আছিল। এই গাঁওখনত ১০০ টাতকৈও অধিক পৰিয়াল বসবাস কৰিছিল। কিন্তু লাহে লাহে ই মাত্ৰ ৩টা পৰিয়াললৈ হ্ৰাস পালে। হয় আপুনি ঠিকেই শুনিছে এখন গাঁৱত আছে মাত্ৰ ৩টা পৰিয়াল।আটাইতকৈ আচৰিত কথাটো হ’ল, শিলিগুৰি চহৰৰ ওচৰতে আন ক’তো এনে এখন গাঁও নাই৷ কিন্তু সেই গাঁৱৰ অৱস্থা কোনেও নাজানে।

চাৰিওফালে হাবি, আৰু মাজত পানিয়া ফাফ্ৰি গাঁও। শিলিগুৰি চহৰৰ পৰা কেইকিলোমিটাৰমান দূৰত বৈকুণ্ঠপুৰ বনাঞ্চল। আৰু সেই হাবিখন ৰেঞ্জাৰ অফিচৰ ওচৰত। তাৰ পৰা কেইকিলোমিটাৰমান যোৱাৰ পিছত এই গাঁওখন দেখা যায়। য’ত কোনো নগৰীয়া অভ্যাস গঢ়ি উঠা নাই। খেৰৰ চাল, বোকাময় জুপুৰি, মাটিৰ ৰাস্তা। সন্ধিয়া লাইট নহয়, জ্বলে চাকি। কিন্তু এই অঞ্চলটো অৰণ্যৰ গাতে লাগি থকাৰ বাবে তাত মাজে মাজে হাতীৰ চলাচল দেখা যায়। 


প্ৰায় ২০ বছৰ আগতে এটা ঘটনা ঘটিছিল। এটা দঁতাল হাতীয়ে গচকি নিহত কৰিছিল এগৰাকী কন্যাক। আৰু এই সকলোবোৰ ঘটিছিল গাঁৱৰ মানুহৰ চকুৰ সন্মুখতে। গাঁৱৰ কণমানি ছোৱালীজনীক এনেকৈ হাতীয়ে গচকি মৰা দেখি গাঁৱৰ মানুহৰ অন্তৰত ভয় সোমাই গ’ল। তদুপৰি কেতিয়াবা হাতীবোৰে ঘৰত প্ৰৱেশ কৰি ঘৰ ধ্বংস কৰিছিল, আৰু হাতীবোৰে ঘৰৰ ভিতৰৰ বস্তুবোৰ খাইছিল। হাতীক লৈ বিৰক্ত হৈ এজন এজনকৈ গাঁৱৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰে বাসিন্দাসকলে।

হাতীৰ পৰা বাচিবলৈ কেইজনমান লোকে তাতে এটা গণেশ মন্দিৰ নিৰ্মাণ কৰে। যদিও মন্দিৰত গণেশৰ মূৰ্তি নাই, তথাপিও বেদীত পূজা কৰা হয়। কিন্তু গোটেই বছৰটো বেদীৰ পূজা কৰা হয় যদিও বাৰ্ষিক পূজাৰ সময়ত গণেশ মূৰ্তিৰ পূজা কৰা হয়। কিন্তু পিছদিনা পুৱা দেখা যায় হাতীয়ে নিজেই আহি গণেশৰ মূৰ্তিটো বিসৰ্জনৰ বাবে নদীৰ পাৰত এৰি থৈ যায়। গাঁওবাসীৰ মতে এই মন্দিৰ অতি জাগ্ৰত। 

মন্দিৰ নিৰ্মাণৰ পাছৰে পৰা হাতীয়ে উপদ্ৰৱ নকৰা হ'ল। আনকি এই মন্দিৰলৈ আহি ধূপকাঠি আৰু চাকি জ্বলাই পূজা কৰা সকলৰ ইচ্ছা পূৰণ হয়। স্থানীয় হৰিচন্দ্ৰ ৰায় নামৰ লোকজনে কয়, "আমি গণেশৰ ওপৰত নিৰ্ভৰ কৰি হাতীৰ পৰা ৰক্ষা পাওঁ। এই মন্দিৰৰ দেৱতা গণেশজীয়ে আমাৰ গাঁওখনৰ যত্ন লয়। হাতী এতিয়াও মাজে মাজে আহে কিন্তু মন্দিৰ প্ৰতিষ্ঠা কৰাৰ পাছত আমাৰ কোনো ক্ষতি কৰা নাই।”








FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব