--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন সক্ষম ব্যক্তিয়ে প্ৰতিকূল পৰিস্থিতিতো সফলতাৰ বাট মুকলি কৰে। মহাৰাষ্ট্ৰৰ জালনা চহৰৰ কন্যা মিছবাহে এই কথা আকৌ এবাৰ সত্য বুলি প্ৰমাণ কৰিলে। মিছবাহে  UG পৰীক্ষাত সমগ্ৰ পৰিয়াললৈ আনন্দ কঢ়িয়াই আনিলে। আজি সকলোৱে জালনা চহৰৰ কন্যা মিছবাহক অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰতিবেদন অনুসৰি NEET পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬৩৩ নম্বৰ পোৱা মিছবাহৰ পিতৃ আনোৱাৰ খানে পাংচাৰৰ দোকানত কাম কৰে। আৰু মাক এগৰাকী গৃহিণী। ঘৰৰ আৰ্থিক অৱস্থা অতি বেয়া হোৱাৰ পাছতো মিছবাহে এইবোৰ কথাত গুৰুত্ব নিদিয়াকৈ কঠোৰ পৰিশ্ৰম কৰি দ্বিতীয়বাৰৰ বাবে NEET পৰীক্ষাত সফলতা লাভ কৰে।

মিছবাহৰ এই সফলতাৰ পিছত মাক-দেউতাকৰ সুখৰ চকুলো ওলাই আহিল। কন্যাৰ সফলতাত সুখ প্ৰকাশ কৰি পিতৃ আনোৱাৰ খানে কয়, ‘মিছবাহে এই সফলতা লাভ কৰিছে তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু অংকুশ ছাৰৰ পথ প্ৰদৰ্শনৰ বাবে। তেওঁ কয় যে মিছবাহে যোৱা দুই-তিনি বছৰে জলনাত অংকুশ ছাৰৰ ক্লাছত বিনামূলীয়াকৈ NEETৰ বাবে প্ৰস্তুতি চলাই আছিল। আজি সঁচা কষ্ট আৰু নিষ্ঠাৰে জলনাৰ পৰা NEET পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে কন্যাই।


কোৱা হয় যে যদি আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম সঁচা হয়, তেন্তে আটাইতকৈ বেয়া পৰিস্থিতিতো কোনোবাই নিশ্চিতভাৱে আপোনাক বাট দেখুৱাবলৈ আহে। মিছবাহৰ ক্ষেত্ৰতো সেই একেই কথা। ঘৰৰ আৰ্থিক অসুবিধাৰ বাবে তেওঁৰ বাবে কোচিং কৰাটো সম্ভৱ নহ’ল যদিও ইয়াৰ মাজতে তেওঁ অংকুশ ছাৰৰ বিনামূলীয়া ক্লাছৰ সমৰ্থন পালে। NEETৰ বাবে প্ৰস্তুতি চলোৱা অংকুশ ছাৰে জনায় যে, ‘তেওঁলোকে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে এখন আঁচনি চলায়। যাৰ অধীনত দুখীয়া শিক্ষাৰ্থীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হয়। মিছবাহো এই পৰিকল্পনাৰ এটা অংশ আছিল। ইয়াৰ পৰা কোনো মাচুল নোলোৱাকৈয়ে তেওঁ বিনামূলীয়া কোচিং লৈছিল। অংকুশ ছাৰে আৰু কয় যে, ‘তেওঁ অনুভৱ কৰে যে তেওঁ এই কষ্টৰ ফল লাভ কৰিছে।

মিছবাহে নিজৰ আৰু তেওঁৰ পৰিয়ালৰ সংগ্ৰামৰ কথা জনায় কয় যে ঘৰৰ পৰিস্থিতি বেয়া হ’লেও তেওঁ দিনে নিশাই পঢ়া-শুনা কৰিছিল। তেওঁ কেতিয়াও হাৰ মনা নাছিল। মিছবাহৰ সপোন এম বি বি এছৰ ডাক্তৰ হৈ দুখীয়াৰ সেৱা কৰা। স্কুলৰ পৰাই মিছবাহ পঢ়া-শুনাত অতি মেধাৱী। দশম বৰ্ড পৰীক্ষাত ৯২% আৰু দ্বাদশ বৰ্ড পৰীক্ষাত ৮৬% নম্বৰ লাভ কৰিছিল মিছবাহে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু