--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াৰ পৰা কোনো উপাধিৰে সম্বোধন কৰাটো নিবিচাৰে জনপ্ৰিয় অভিনেতা কমল হাছানে৷ শেহতীয়াকৈ এক বিবৃতিৰ জৰিয়তে ঘোষণা কৰিছে যে তেওঁ আৰু "উলাগনায়াগান"ৰ দৰে উপাধিৰে সম্বোধন কৰাটো নিবিচাৰে। ইংৰাজী আৰু তামিল দুয়োটা ভাষাতে লিখা এখন দীঘলীয়া চিঠিত তেওঁ এনে উপাধিত প্ৰতিফলিত হোৱা মৰম আৰু সন্মানৰ গভীৰ শলাগ ল’লেও তেওঁৰ মতে শিল্পীক কেতিয়াও শিল্পৰ ওপৰত উন্নীত কৰা উচিত নহয় বুলি মত প্ৰকাশ কৰিছে।

তেওঁ শিকিবলৈ আৰু আগবাঢ়ি যাবলৈ অহৰহ চেষ্টা কৰি থকা চিনেমাৰ ছাত্ৰ হিচাপে নিজৰ চলি থকা যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কয় চিনেমা হৈছে এক সামূহিক সৃষ্টি, য’ত অগণন শিল্পী, কাৰিকৰী দল আৰু দৰ্শকৰ অৱদানৰ জৰিয়তে প্ৰাণ পায় উঠে।

সেয়ে তেওঁ কেৱল কমল হাছান, কমল বা কে এইচ বুলি সম্বোধন কৰিবলৈ অনুৰাগী, সংবাদ মাধ্যম, সহকৰ্মী, আৰু ৰাজনৈতিক অনুগামীসকলক তেওঁৰ ইচ্ছাক সন্মান কৰিবলৈ আহ্বান জনায়। তেওঁ শিল্পী হৈ থাকিব বিচাৰে আৰু নিজৰ কামত মনোনিৱেশ কৰাৰ ইচ্ছাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰবীণ অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিছে৷ 

অনুৰাগীসকলৰ গভীৰ আস্থা তথা সমৰ্থ, জনসাধৰণৰ মৰমৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয় শিল্পী কেতিয়াও শিল্পৰ উৰ্ধত হ’ব নোৱাৰে, আৰু মই এই কলাৰ এজন ছাত্ৰহে মাথোঁ৷ সৃষ্টিশীল প্ৰকাশৰ আন যিকোনো ৰূপৰ দৰেই চিনেমাও এটা ৰূপ। চিনেমা মানৱতাৰ বৈচিত্ৰময়, চহকী আৰু নিত্য বিকশিত কাহিনীৰ প্ৰকৃত প্ৰতিফলন বুলি মত প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ