--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এতিয়াৰ পৰা কোনো উপাধিৰে সম্বোধন কৰাটো নিবিচাৰে জনপ্ৰিয় অভিনেতা কমল হাছানে৷ শেহতীয়াকৈ এক বিবৃতিৰ জৰিয়তে ঘোষণা কৰিছে যে তেওঁ আৰু "উলাগনায়াগান"ৰ দৰে উপাধিৰে সম্বোধন কৰাটো নিবিচাৰে। ইংৰাজী আৰু তামিল দুয়োটা ভাষাতে লিখা এখন দীঘলীয়া চিঠিত তেওঁ এনে উপাধিত প্ৰতিফলিত হোৱা মৰম আৰু সন্মানৰ গভীৰ শলাগ ল’লেও তেওঁৰ মতে শিল্পীক কেতিয়াও শিল্পৰ ওপৰত উন্নীত কৰা উচিত নহয় বুলি মত প্ৰকাশ কৰিছে।

তেওঁ শিকিবলৈ আৰু আগবাঢ়ি যাবলৈ অহৰহ চেষ্টা কৰি থকা চিনেমাৰ ছাত্ৰ হিচাপে নিজৰ চলি থকা যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কয় চিনেমা হৈছে এক সামূহিক সৃষ্টি, য’ত অগণন শিল্পী, কাৰিকৰী দল আৰু দৰ্শকৰ অৱদানৰ জৰিয়তে প্ৰাণ পায় উঠে।

সেয়ে তেওঁ কেৱল কমল হাছান, কমল বা কে এইচ বুলি সম্বোধন কৰিবলৈ অনুৰাগী, সংবাদ মাধ্যম, সহকৰ্মী, আৰু ৰাজনৈতিক অনুগামীসকলক তেওঁৰ ইচ্ছাক সন্মান কৰিবলৈ আহ্বান জনায়। তেওঁ শিল্পী হৈ থাকিব বিচাৰে আৰু নিজৰ কামত মনোনিৱেশ কৰাৰ ইচ্ছাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰবীণ অভিনেতাগৰাকীয়ে স্পষ্ট কৰি দিছে৷ 

অনুৰাগীসকলৰ গভীৰ আস্থা তথা সমৰ্থ, জনসাধৰণৰ মৰমৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰি কয় শিল্পী কেতিয়াও শিল্পৰ উৰ্ধত হ’ব নোৱাৰে, আৰু মই এই কলাৰ এজন ছাত্ৰহে মাথোঁ৷ সৃষ্টিশীল প্ৰকাশৰ আন যিকোনো ৰূপৰ দৰেই চিনেমাও এটা ৰূপ। চিনেমা মানৱতাৰ বৈচিত্ৰময়, চহকী আৰু নিত্য বিকশিত কাহিনীৰ প্ৰকৃত প্ৰতিফলন বুলি মত প্ৰকাশ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ