--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭ গৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ। একমাত্ৰ ভায়েকক খুব মৰম কৰিছিল আটাইকেইজনী বায়েকে। হঠাতে নামি আহিল কাল অমানিশা। ৪ বছৰীয়া ভাতৃৰ চলিল জীৱন-মৰণৰ যুঁজ। যাক বচাবলৈ ৭ গৰাকী ভগ্নীয়ে ৫০ ঘণ্টাত ২ কোটি টকা সংগ্ৰহ কৰিছিল। চিকিৎসাৰ সময়তে মৃত্যু হয় শিশুটিৰ। চাৰি বছৰীয়া নিৰীহ শিশুটিয়ে ৪ দিন ধৰি জীৱন-মৃত্যুৰ মাজত যুঁজ দি আছিল। 

ৰাজস্থানৰ গুদামালানীৰ মালপুৰাৰ বাসিন্দা খেতাৰাম ভীল আৰু তেওঁৰ পত্নী কুকুদেৱীয়ে ডাঙৰ কন্যাৰ বাগদান কৰিবলৈ গৈ আছিল। এই সময়তে তেওঁলোকক এখন বলেৰ’ গাড়ীয়ে খুন্দা মাৰে। একেদিনাই পিতৃ-মাতৃৰ মৃত্যু হয়। খেতাৰামৰ একমাত্ৰ পুত্ৰ যশৰাজ (৪ বছৰীয়া) আহত হয়।

পিতৃ-মাতৃৰ মৃত্যুৰ পাছত ৭ গৰাকী ভগ্নীয়ে আশাবাদী আছিল যে একমাত্ৰ ভাতৃ যশৰাজ সুস্থ হৈ ঘৰলৈ আহিব। মৰমৰ ভায়েকক হেৰুৱাৰ পাছত কান্দি কান্দি ৭ গৰাকী ভগ্নীৰ অৱস্থা বেয়া হৈ পৰিছে। যোধপুৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পাছত শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষা কৰি ৪ বছৰীয়া শিশুৰ মৃতদেহ বৰমেৰলৈ অনা হয়। যশৰাজৰ মৃত্যুৰ পাছত ছ’চিয়েল মিডিয়াত সকলোৱে শোক প্ৰকাশ কৰিছে।
जसराज ने चार दिन तक लड़ी मौत से जंग, आखिरकार हार गया। नहीं काम आई 7 बहनों की दुआ।
বহু সময়ত দুৰ্ঘটনাৰ বিষয়ত সমাজে দূৰত্ব বজাই ৰাখে। কিন্তু বলেৰ’ গাড়ীখনৰ খুন্দাত পিতৃ-মাতৃ নিহত হোৱাৰ পাছত অনাথ হৈ পৰা সন্তানকেইটিৰ বাবে এক আদৰ্শ দাঙি ধৰিলে, যিটো আগন্তুক প্ৰজন্মই মনত ৰাখিব। হাস্পতালত কান্দি থকা ৭ ভগ্নীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছত যিয়েই দেখিলে তেওঁৱেই সহায় কৰিবলৈ আগবাঢ়ি আহিল। চাৰিদিনত প্ৰায় ২ কোটি টকা সংগ্ৰহ হয়।

২৫ লাখ টকা বিভিন্ন প্ৰতিষ্ঠান-গোটে প্ৰদান কৰিছিল। বাকীখিনি অনলাইনযোগে আহিছিল। মঙলবাৰে সন্ধিয়া ৬ বজাত ৰাইজে সহায়ৰ বাবে ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰে। জ্যেষ্ঠ কন্যাৰ একাউণ্টত প্ৰতি ঘণ্টাত জমা ৩ লাখ টকা হয়। ৫০ ঘণ্টাত অৰ্থাৎ বৃহস্পতিবাৰে নিশা ১১ বজালৈকে একাউণ্টত ২ কোটি টকা আহিছিল। তাৰপাছতো যশৰাজৰ প্ৰাণ বচাব পৰা নগ'ল। 

এই খবৰ পোৱাৰ পাছতে সকলো লোকেই শোকস্তব্ধ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু