--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৭ গৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ। একমাত্ৰ ভায়েকক খুব মৰম কৰিছিল আটাইকেইজনী বায়েকে। হঠাতে নামি আহিল কাল অমানিশা। ৪ বছৰীয়া ভাতৃৰ চলিল জীৱন-মৰণৰ যুঁজ। যাক বচাবলৈ ৭ গৰাকী ভগ্নীয়ে ৫০ ঘণ্টাত ২ কোটি টকা সংগ্ৰহ কৰিছিল। চিকিৎসাৰ সময়তে মৃত্যু হয় শিশুটিৰ। চাৰি বছৰীয়া নিৰীহ শিশুটিয়ে ৪ দিন ধৰি জীৱন-মৃত্যুৰ মাজত যুঁজ দি আছিল। 

ৰাজস্থানৰ গুদামালানীৰ মালপুৰাৰ বাসিন্দা খেতাৰাম ভীল আৰু তেওঁৰ পত্নী কুকুদেৱীয়ে ডাঙৰ কন্যাৰ বাগদান কৰিবলৈ গৈ আছিল। এই সময়তে তেওঁলোকক এখন বলেৰ’ গাড়ীয়ে খুন্দা মাৰে। একেদিনাই পিতৃ-মাতৃৰ মৃত্যু হয়। খেতাৰামৰ একমাত্ৰ পুত্ৰ যশৰাজ (৪ বছৰীয়া) আহত হয়।

পিতৃ-মাতৃৰ মৃত্যুৰ পাছত ৭ গৰাকী ভগ্নীয়ে আশাবাদী আছিল যে একমাত্ৰ ভাতৃ যশৰাজ সুস্থ হৈ ঘৰলৈ আহিব। মৰমৰ ভায়েকক হেৰুৱাৰ পাছত কান্দি কান্দি ৭ গৰাকী ভগ্নীৰ অৱস্থা বেয়া হৈ পৰিছে। যোধপুৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পাছত শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষা কৰি ৪ বছৰীয়া শিশুৰ মৃতদেহ বৰমেৰলৈ অনা হয়। যশৰাজৰ মৃত্যুৰ পাছত ছ’চিয়েল মিডিয়াত সকলোৱে শোক প্ৰকাশ কৰিছে।
जसराज ने चार दिन तक लड़ी मौत से जंग, आखिरकार हार गया। नहीं काम आई 7 बहनों की दुआ।
বহু সময়ত দুৰ্ঘটনাৰ বিষয়ত সমাজে দূৰত্ব বজাই ৰাখে। কিন্তু বলেৰ’ গাড়ীখনৰ খুন্দাত পিতৃ-মাতৃ নিহত হোৱাৰ পাছত অনাথ হৈ পৰা সন্তানকেইটিৰ বাবে এক আদৰ্শ দাঙি ধৰিলে, যিটো আগন্তুক প্ৰজন্মই মনত ৰাখিব। হাস্পতালত কান্দি থকা ৭ ভগ্নীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছত যিয়েই দেখিলে তেওঁৱেই সহায় কৰিবলৈ আগবাঢ়ি আহিল। চাৰিদিনত প্ৰায় ২ কোটি টকা সংগ্ৰহ হয়।

২৫ লাখ টকা বিভিন্ন প্ৰতিষ্ঠান-গোটে প্ৰদান কৰিছিল। বাকীখিনি অনলাইনযোগে আহিছিল। মঙলবাৰে সন্ধিয়া ৬ বজাত ৰাইজে সহায়ৰ বাবে ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰে। জ্যেষ্ঠ কন্যাৰ একাউণ্টত প্ৰতি ঘণ্টাত জমা ৩ লাখ টকা হয়। ৫০ ঘণ্টাত অৰ্থাৎ বৃহস্পতিবাৰে নিশা ১১ বজালৈকে একাউণ্টত ২ কোটি টকা আহিছিল। তাৰপাছতো যশৰাজৰ প্ৰাণ বচাব পৰা নগ'ল। 

এই খবৰ পোৱাৰ পাছতে সকলো লোকেই শোকস্তব্ধ হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক