--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত জনজাতীয় ভোটক লৈ বিজেপি  এতিয়া চিন্তিত। বিগত প্ৰায় ২৭ টা বছৰে জনজাতীয় লোক সকলৰ প্ৰতি পিঠি দি মোদীয়ে যেন এতিয়া অনুশোচনা কৰিবলৈ বাধ্য হৈছে।  ৰাজ্যখনত অনুসূচীত জনজাতিৰ বাবে ২৭ খন আসন সংৰক্ষিত আছে। ইয়াৰ উপৰিও ১৪  খন জিলাত জনজাতীয়  ভোটেই এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে।

গুজৰাটত প্ৰায় ১৫ শতাংশ ভোট খিলঞ্জীয়া লোকৰ হাততে আছে। অৱশ্যে দীৰ্ঘদিন ধৰি ৰাজ্যখনত শাসনত থকা স্বত্বেও গুজৰাটৰ বিজেপিত  জনজাতীয় লোক নেতা হিচাবে বাচনি কৰা হোৱা নাই। এক কথাত বিজেপিয়ে ৰাজ্য খনত জনজাতীয় লোকসকলক উপেক্ষা কৰিয়ই আহিছে। এসময়ত আদিবাসীসকলৰ বাবে সংৰক্ষিত ২৭ খন আসনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিল। ২০১৭  চনৰ নিৰ্বাচনত ১৭ টা সমষ্টি  কংগ্ৰেছৰ হাতলৈ গৈছিল। পিছত তেওঁলোকৰ পাঁচজনে বিজেপিত যোগদান কৰে।

এইবাৰ অৱশ্যে কংগ্ৰেছ তাত দুৰ্বল হৈ পৰিছে। কিন্তু ইয়াৰ ফলত বিজেপিয়ে বেছি লাভান্বিত হোৱা বুলি ক’ব নোৱাৰি। এইবাৰ সেই  আসনবোৰত তিনিকোণীয়া  যুঁজ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কংগ্ৰেছ আৰু বিজেপিৰ লগতে  অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে সেই সমষ্টিসমূহত সৱল স্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। বিজেপিয়ে জনজাতীয় লোকৰ মন মুহিবলৈ নৰ্মদা জিলাৰ কেভাদিয়াত ষ্টেচু অফ ইউনিটি স্থাপন কৰিছিল। অৱশ্যে, বিজেপিয়ে সেই এলেকাবোৰত বিশেষ কোনো চকুত লগা ধৰণৰ উন্নয়নমূলক কাম কৰা নাই। 

আনকি  প্ৰতিমূৰ্তিটোৰ স্থানক লৈ ৰাজ্য চৰকাৰৰ সৈতে জনজাতীয় সম্প্ৰদায়ৰসংঘাতো  হৈছিল। ষ্টেচু অৱ ইউনিটিৰ সৈতে জৰিত কামত  জনজাতীয় সম্প্ৰদায়ক লোকক  নিযুক্তিৰ যি সপোন দেখুওৱা হৈছিল সেয়াও ৰূপায়ণত বিজেপি ব্যৰ্থ হৈছে।আদিবাসীসকলৰ মাজত নিবনুৱা সংখ্যা বৃদ্ধি, স্বাস্থ্য সেৱাৰ পয়লা ৰূপ, শিক্ষাৰ দুৰৱস্থা আদি কাৰকে এতিয়া বিজেপি শলঠেকত পেলাইছে। জনজাতীয় লোকসকলক  ভূমিৰ মালিকীস্বত্বৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰতো বিজেপি সফল হ’ব পৰা নাই।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সেয়ে  জনজাতীয় লোকসকলৰমন  জয় কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই গৈছে। গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত  মোদীয়ে 'এ ফৰ আদিবাসী' শ্লোগান দিয়াও দেখা গৈছে।  কিন্তু মোদীৰ এনে প্ৰচেষ্টাই জনজাতীয় লোকসকলক পদুৃমৰ প্ৰতি আকৃষ্ট কৰিব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement