--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত জনজাতীয় ভোটক লৈ বিজেপি  এতিয়া চিন্তিত। বিগত প্ৰায় ২৭ টা বছৰে জনজাতীয় লোক সকলৰ প্ৰতি পিঠি দি মোদীয়ে যেন এতিয়া অনুশোচনা কৰিবলৈ বাধ্য হৈছে।  ৰাজ্যখনত অনুসূচীত জনজাতিৰ বাবে ২৭ খন আসন সংৰক্ষিত আছে। ইয়াৰ উপৰিও ১৪  খন জিলাত জনজাতীয়  ভোটেই এক নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে।

গুজৰাটত প্ৰায় ১৫ শতাংশ ভোট খিলঞ্জীয়া লোকৰ হাততে আছে। অৱশ্যে দীৰ্ঘদিন ধৰি ৰাজ্যখনত শাসনত থকা স্বত্বেও গুজৰাটৰ বিজেপিত  জনজাতীয় লোক নেতা হিচাবে বাচনি কৰা হোৱা নাই। এক কথাত বিজেপিয়ে ৰাজ্য খনত জনজাতীয় লোকসকলক উপেক্ষা কৰিয়ই আহিছে। এসময়ত আদিবাসীসকলৰ বাবে সংৰক্ষিত ২৭ খন আসনত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছিল। ২০১৭  চনৰ নিৰ্বাচনত ১৭ টা সমষ্টি  কংগ্ৰেছৰ হাতলৈ গৈছিল। পিছত তেওঁলোকৰ পাঁচজনে বিজেপিত যোগদান কৰে।

এইবাৰ অৱশ্যে কংগ্ৰেছ তাত দুৰ্বল হৈ পৰিছে। কিন্তু ইয়াৰ ফলত বিজেপিয়ে বেছি লাভান্বিত হোৱা বুলি ক’ব নোৱাৰি। এইবাৰ সেই  আসনবোৰত তিনিকোণীয়া  যুঁজ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। কংগ্ৰেছ আৰু বিজেপিৰ লগতে  অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়ে সেই সমষ্টিসমূহত সৱল স্থিতি বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। বিজেপিয়ে জনজাতীয় লোকৰ মন মুহিবলৈ নৰ্মদা জিলাৰ কেভাদিয়াত ষ্টেচু অফ ইউনিটি স্থাপন কৰিছিল। অৱশ্যে, বিজেপিয়ে সেই এলেকাবোৰত বিশেষ কোনো চকুত লগা ধৰণৰ উন্নয়নমূলক কাম কৰা নাই। 

আনকি  প্ৰতিমূৰ্তিটোৰ স্থানক লৈ ৰাজ্য চৰকাৰৰ সৈতে জনজাতীয় সম্প্ৰদায়ৰসংঘাতো  হৈছিল। ষ্টেচু অৱ ইউনিটিৰ সৈতে জৰিত কামত  জনজাতীয় সম্প্ৰদায়ক লোকক  নিযুক্তিৰ যি সপোন দেখুওৱা হৈছিল সেয়াও ৰূপায়ণত বিজেপি ব্যৰ্থ হৈছে।আদিবাসীসকলৰ মাজত নিবনুৱা সংখ্যা বৃদ্ধি, স্বাস্থ্য সেৱাৰ পয়লা ৰূপ, শিক্ষাৰ দুৰৱস্থা আদি কাৰকে এতিয়া বিজেপি শলঠেকত পেলাইছে। জনজাতীয় লোকসকলক  ভূমিৰ মালিকীস্বত্বৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰতো বিজেপি সফল হ’ব পৰা নাই।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সেয়ে  জনজাতীয় লোকসকলৰমন  জয় কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই গৈছে। গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত  মোদীয়ে 'এ ফৰ আদিবাসী' শ্লোগান দিয়াও দেখা গৈছে।  কিন্তু মোদীৰ এনে প্ৰচেষ্টাই জনজাতীয় লোকসকলক পদুৃমৰ প্ৰতি আকৃষ্ট কৰিব নে নাই সেয়া সময়তহে স্পষ্ট হ’ব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
অম্বুবাচীলৈ অহা বহিঃৰাজ্যৰ ভক্তক আদৰণি ; কামাখ্যা ষ্টেছনত ভক্তৰ সৈতে পৰ্যটন মন্ত্ৰীৰ মত-বিনিময়
সাধাৰণ জনতাৰ মূৰত মাধমাৰ ; ঔষধ-শিশু খাদ্যৰ ব্যাপক দাম বৃদ্ধি
কাছাৰত অঘটন গুটখা খাই প্রাণ গ'ল আৰক্ষী বিষয়াৰ
ভাৰত-বাংলাদেশ সীমান্তৰ মহিশাষণ ৰে'ল ষ্টেছনত উত্তাল প্রতিবাদ
কাটাৰ, ইৰাক, ছিৰিয়াৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্রমণ
আমলখি আৰু নৰসিংহ পাত চুলিৰ বাবে বৰ উপকাৰী
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল