--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজাটত বিধানসভা নিৰ্বাচন।কঁকালত টঙালি বান্ধিছে বিজেপি, কংগ্ৰেছকে ধৰি আম আদমী পাৰ্টীৰ দৰে দলসমূহে। এনে সময়তে হঠাতে সংসদৰ শীতকালীন অধিৱেশন পিছুাই দিয়াৰ কথাই বহুতৰে মনত নানান প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

সংসদৰ শীতকালীন অধিৱেশন সাধাৰণতে নৱেম্বৰৰ তৃতীয় সপ্তাহত আৰম্ভ হয় আৰু ডিচেম্বৰত খ্ৰীষ্টমাছৰ আগতে সমাপ্ত হয়। ২০২১ চনৰ  ২৯ নৱেম্বৰত সংসদৰ  শীতকালীন অধিৱেশন  আৰম্ভ হৈছিল। কিন্তু এইবাৰ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়তে সংসদৰ শীতকালীন অধিৱেশন পুনৰ পিছুৱাই দিয়া হৈছে। বিশেষ সূত্ৰই নিশ্চিত কৰিছে যে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবেই সংসদৰঅধিৱেশন স্থগিত ৰখা হৈছে। 

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কৈছে যে সংসদৰ শীতকালীন অধিৱেশন ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু  ২৯ ডিচেম্বৰলৈকে অব্যাহত থাকিব। এই ২৩ দিনত মুঠ ১৭ টা কৰ্ম দিন উপলব্ধ হ'ব।ইয়াৰ মাজতে ল্লেখনীয় কথাটো হ’ল  বিৰোধী শিবিৰে আগতে ভৱিষ্যতবাণী কৰিছিল যে গুজৰাট নিৰ্বাচনৰ বাবে কেন্দ্ৰই এইবাৰো সংসদৰ শীতকালীন অধিৱেশন স্থগিত ৰাখিব। 

কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ বাঘা বাঘা নেতাসকলগুজৰাটত প্ৰচাৰত ব্যস্ত থাকিব। গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্য খনৰ নিৰ্বাচনৰ পৰা মোদীকে ধৰি বিজেপিৰ নেতাসকল আজৰি হোৱাৰ পিছতহে  সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব পাৰে বুলি বিৰোধীয়ে আগতেই কৈছিল। অৱশেষত সেয়াই হৈছে।

 সেয়ে বিষয়টোলৈ বিৰোধীয়ে বিষোদগাৰ প্ৰকাশ কৰা পৰকিলক্ষিত হৈছে। গুজৰাটৰ বিধানসভাৰ নিৰ্বাচন এইবাৰ মোদীৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে। আপকে ধৰি কংগ্ৰেছেও ৰাজ্য নৰ বহু কেইটা সমষ্টিত বিজেপিৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰিছে। 

সৌৰাষ্ট্ৰত বিজেপিৰ প্ৰভাৱ আগৰে পৰাই শূন্য। তাত কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰি আহিছে। সৌৰাষ্ট্ৰ ভোটাৰৰ মন মুহিবলৈ মোদীয়ে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই নানান লোভনীয় আঁচনি ঘোষণা কৰিছে। ইমানৰ পিছতো অৱশ্যে সেই সমষ্টি কেইটাত আশ্বস্ত হ’ব পৰা নাই মোদী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু