--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজাটত বিধানসভা নিৰ্বাচন।কঁকালত টঙালি বান্ধিছে বিজেপি, কংগ্ৰেছকে ধৰি আম আদমী পাৰ্টীৰ দৰে দলসমূহে। এনে সময়তে হঠাতে সংসদৰ শীতকালীন অধিৱেশন পিছুাই দিয়াৰ কথাই বহুতৰে মনত নানান প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।

সংসদৰ শীতকালীন অধিৱেশন সাধাৰণতে নৱেম্বৰৰ তৃতীয় সপ্তাহত আৰম্ভ হয় আৰু ডিচেম্বৰত খ্ৰীষ্টমাছৰ আগতে সমাপ্ত হয়। ২০২১ চনৰ  ২৯ নৱেম্বৰত সংসদৰ  শীতকালীন অধিৱেশন  আৰম্ভ হৈছিল। কিন্তু এইবাৰ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ সময়তে সংসদৰ শীতকালীন অধিৱেশন পুনৰ পিছুৱাই দিয়া হৈছে। বিশেষ সূত্ৰই নিশ্চিত কৰিছে যে গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবেই সংসদৰঅধিৱেশন স্থগিত ৰখা হৈছে। 

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কৈছে যে সংসদৰ শীতকালীন অধিৱেশন ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু  ২৯ ডিচেম্বৰলৈকে অব্যাহত থাকিব। এই ২৩ দিনত মুঠ ১৭ টা কৰ্ম দিন উপলব্ধ হ'ব।ইয়াৰ মাজতে ল্লেখনীয় কথাটো হ’ল  বিৰোধী শিবিৰে আগতে ভৱিষ্যতবাণী কৰিছিল যে গুজৰাট নিৰ্বাচনৰ বাবে কেন্দ্ৰই এইবাৰো সংসদৰ শীতকালীন অধিৱেশন স্থগিত ৰাখিব। 

কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ বাঘা বাঘা নেতাসকলগুজৰাটত প্ৰচাৰত ব্যস্ত থাকিব। গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্য খনৰ নিৰ্বাচনৰ পৰা মোদীকে ধৰি বিজেপিৰ নেতাসকল আজৰি হোৱাৰ পিছতহে  সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ'ব পাৰে বুলি বিৰোধীয়ে আগতেই কৈছিল। অৱশেষত সেয়াই হৈছে।

 সেয়ে বিষয়টোলৈ বিৰোধীয়ে বিষোদগাৰ প্ৰকাশ কৰা পৰকিলক্ষিত হৈছে। গুজৰাটৰ বিধানসভাৰ নিৰ্বাচন এইবাৰ মোদীৰ বাবে সন্মানৰ প্ৰশ্ন হৈ পৰিছে। আপকে ধৰি কংগ্ৰেছেও ৰাজ্য নৰ বহু কেইটা সমষ্টিত বিজেপিৰ বাবে গুৰুতৰ প্ৰত্যাহ্বান হৈ পৰিছে। 

সৌৰাষ্ট্ৰত বিজেপিৰ প্ৰভাৱ আগৰে পৰাই শূন্য। তাত কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰি আহিছে। সৌৰাষ্ট্ৰ ভোটাৰৰ মন মুহিবলৈ মোদীয়ে নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই নানান লোভনীয় আঁচনি ঘোষণা কৰিছে। ইমানৰ পিছতো অৱশ্যে সেই সমষ্টি কেইটাত আশ্বস্ত হ’ব পৰা নাই মোদী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement