--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিসম্বাদ কৰি হ’লেও তেওঁ মুখ্যমন্ত্ৰী হ’ল৷ চুৰাট-গুৱাহাটী-গোৱা, এই দীঘলীয়া যাত্ৰাত একনাথ সিন্দেৰ নেতৃত্বত চলিছিল উদ্ধৱ হতাও অভিযান৷ উদ্ধৱ থাকৰেক শ’লঠেকত পেলাই মহাৰাষ্ট্ৰৰ শিৱসেনা চৰকাৰখনৰ ভিতৰৰ পৰাই তেওঁ ৰচিছিল উদ্ধৱ থাকৰেক ক্ষমতাচ্যুত কৰাৰ কূটকৌশল৷ তেওঁ আন কোনো নহয়৷ তেওঁ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ সিন্দে৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলেও গোৱাতে ৰৈ গৈছিল তেওঁৰ অনুগত বিধায়কবৃন্দ৷ আজি মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে শিৱসেনাৰ বিসম্বাদী বিধায়কৰ সৈতে গোৱাৰ পৰা মুম্বাইত আহি উপস্থিত হয়হি৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে তেওঁৰ বিধায়কৰ দলৰ সৈতে গোৱাৰ পৰা মুম্বাইত উপস্থিত হৈছে, য’ত শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে অসমৰ পৰা উভতি যোৱাৰ পাছৰে পৰা শিবিৰ পাতি আছিল।

শিৱসেনাৰ নেতা উদ্ধৱ থাকৰেয়ে আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেক দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰিছিল৷ শিৱসেনাৰ বিসম্বাদী বিধায়কসকলৰ এটা গোটক নেতৃত্ব দিয়া মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ সম্বোধন কৰা এখন পত্ৰত থাকৰেয়ে লিখিছিল, শিৱসেনা দলৰ সভাপতি হিচাপে মোৰ হাতত থকা ক্ষমতা প্ৰয়োগ কৰি মই আপোনাক দলীয় সংগঠনত শিৱসেনাৰ নেতাৰ পদৰ পৰা আঁতৰাই দিছোঁ৷

কালি এক ভাৰ্চুৱেল ভাষণত থাকৰেয়ে কয় যে যদি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শিৱসেনা নেতাক আঢ়ৈ বছৰধৰি মুখ্যমন্ত্ৰী বনোৱাৰ মূল চুক্তিত অটল থাকিলহেঁতেন তেন্তে কোনো এমভিএ নাথাকিলহেঁতেন আৰু এজন বিজেপি নেতাই আজি মুখ্যমন্ত্ৰী হ’লহেঁতেন। তেওঁ লগতে কয়, কালি কি ঘটিছিল সেই সন্দৰ্ভত মই অমিত শ্বাহক আগতেও কৈছিলোঁ যে আঢ়ৈ বছৰৰ বাবে (শিৱসেনা-বিজেপি মিত্ৰতাৰ সময়ত) শিৱসেনাৰ মুখ্যমন্ত্ৰী থাকিব লাগে। যদি তেওঁলোকে এইটো আগতে কৰিলেহেঁতেন, তেন্তে কোনো মহা বিকাশ আঘাদী নাথাকিলহেঁতেন৷ 

ইফালে, কাইলৈ বিধায়ক ৰাহুল নাৰ্ভেকাৰক মহাৰাষ্ট্ৰ বিধানসভাৰ অধ্যক্ষ হিচাপে বাছনি কৰাটো নিশ্চিত কৰিবলৈ বিজেপিয়ে প্ৰস্তুতি চলাই আছে৷ আৰু এদিন পাছত অনুষ্ঠিত হ’বলগীয়া আস্থা ভোটৰ পূৰ্বে সিন্দেৰ নেতৃত্বত বিসম্বাদী গোটক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰা হয়। ইফালে, মহা বিকাশ আঘাদীয়ে শিৱসেনাৰ বিধায়ক ৰাজেন চালভিক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা একনাথ সিন্দেয়ে সোমবাৰে ৰাজ্যিক বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। মহাৰাষ্ট্ৰ বিধানসভাৰ এখন বিশেষ অধিৱেশন অনুষ্ঠিত ৩ আৰু ৪ জুলাইত৷ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে মুখ্যমন্ত্ৰী সিন্দেক সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ