--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০১৮ চনৰে এটা আপত্তিজনক টুইটৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জনপ্ৰিয় ৱেবছাইট অল্ট নিউজৰ অন্যতম প্ৰতিষ্ঠাপক তথা সাংবাদিক মহম্মদ জুবেইৰে দাখিল কৰা জামিন আবেদন শনিবাৰে দিল্লীৰ এখন আদালতে খাৰিজ কৰে আৰু পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে জুবেইৰক চাৰি দিনৰ বাবে নিজৰ জিম্মাত লৈছিল আৰু শনিবাৰে জিম্মাৰ ম্যাদ উকলি যোৱাৰ পিছত আদালতত পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছিল।

আৰক্ষীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আদালতে জুবেইৰৰ জামিন আবেদন নাকচ কৰি কয় যে বিষয়টোৰ তদন্ত বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত আছে। লগতে গোচৰৰ সামগ্ৰিক তথ্য তথা পৰিস্থিতি আৰু অভিযুক্তৰ বিৰুদ্ধে আৰোপিত অপৰাধৰ অভিযোগ অত্যন্ত গুৰুত্বপূৰ্ণ। এনে অৱস্থাত আদালতে অভিযুক্তৰ জামিন মঞ্জুৰ কৰাৰ কোনো ভিত্তি নাই।

দিল্লী আৰক্ষীয়ে মহম্মদ জুবেইৰৰ মোবাইল ফোন জব্দ কৰাৰ লগতে গোচৰটোৰ তদন্ত কৰি থকা সময়ত এটা হাৰ্ড ডিস্ক উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে সাংবাদিক গৰাকীক পুনৰ জেৰাৰ বাবে ন্যায়িক জিম্মাত বিচাৰিছিল।

শুনানিৰ সময়ত চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে আদালতৰ সন্মুখত উল্লেখ কৰা মতে আৰক্ষীয়ে জুবেইৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১২০ বি আৰু ২০১ ৰ লগতে বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইনৰ ধাৰা ৩৫- ৰ অধীনত নতুন গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে জুবেইৰৰ বিৰুদ্ধে আইপিচি ধাৰা ১৫৩ এ আৰু ২৯৫ এ– ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

উল্লেখ্য যে তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক গৰাকীক সোমবাৰে চাৰি বছৰ পূৰ্বৰ এটা টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। এই টুইটটোৰ জৰিয়তে জুবেইৰে ধৰ্মীয় অনুভূতিত আঘাত সনা বুলি গোচৰ তৰা হৈছিল। প্ৰতীক সিন্‌হাৰ সৈতে লগলাগি ‘অল্ট নিউজ’ নামৰ ফেক্ট চেক্‌ প’ৰ্টেলটো আৰম্ভ কৰাৰ পাছৰে পৰা জুবেইৰে বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত ভুৱা খবৰৰ প্ৰচাৰত চেঁচাপানী ঢালি আহিছিল৷ ইয়াৰ বাবে মহম্মদ জুবেইৰ হৈ পৰিছিল বিজেপিৰ লগতে হিন্দুত্ববাদী মহলৰ প্ৰধান শত্ৰু৷

শাসক পক্ষই কোনো এটা নিৰ্দিষ্ট বিষয়ত অজস্ৰ পূৰ্ব নিৰ্ধাৰিত উৎসৰপৰা সামাজিক মাধ্যমত মিছা বাতৰি ৰহণ সানি সঁচাৰ দৰে প্ৰচাৰ কৰিছিল। কিন্তু কোনো লোকে এনে খবৰ সমূহৰ ওপৰত সন্দেহ প্ৰকাশ কৰিলেও সেই খবৰৰ সত্যতা নিৰূপণৰ বাবে কোনো পথ বিচাৰি নাপায়৷ কিন্তু অল্ট নিউজে প্ৰায় প্ৰতিটো তেনে ভুৱা খবৰ তথ্য প্ৰযুক্তিৰ অনবদ্য কৌশল ব্যৱহাৰ কৰি ফাদিল কৰি আহিছিল৷

যিসময়ত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমসমূহে শাসক পক্ষৰ প্ৰপাগাণ্ডা প্ৰচাৰত নামি পৰিছিল, সেই সময়তে এনে সংবাদ মাধ্যমৰ বিকল্প হৈ পৰিছিল অল্ট নিউজ৷ তথ্যক সত্য ৰূপত দাঙি ধৰাৰ বাবে সামাজিক মাধ্যমতো জুবেইৰৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি পাইছিল। এনে অৱস্থাত জুবেইৰ শাসক পক্ষৰ বাবে অতি বিপজ্জনক হৈ উঠিছিল৷ গতিকে জুবেইৰৰ গ্ৰেপ্তাৰ শাষক পক্ষৰ ষড়যন্ত্ৰৰে পৰিণতি বুলি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনহাতে ২০১৮ চনৰ যিটো টুইটৰ বাবে জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছে, সেই টুইটটোত জুবেইৰে ১৯৮৩ চনত প্ৰকাশ পোৱা বলীউডৰ হাস্যমধুৰ চিনেমা 'কিছি ছে না কেহনা'ৰ এটা দৃশ্যৰ এখন বিশেষ ফটো ব্যৱহাৰ কৰিছিল। কিন্তু উক্ত চিনেমাখনৰ মুক্তিৰ ক্ষেত্ৰত কোনো হকা-বাধা সেই সময়ত অহা নাছিল। সম্প্ৰতি এই চিনেমাখন ইণ্টাৰনেটত উপলব্ধ। গতিকে চিনেমাখনৰ পৰা ব্যৱহাৰ কৰা এখন ফটোৰ বাবে জুবেইৰ গ্ৰেপ্তাৰ হোৱাৰ পাছতো চিনেমাখন কিদৰে দৰ্শনৰ বাবে মুকলি হৈ আছে বুলিও প্ৰশ্ন উত্থাপন হৈছে।

ইফালে অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই অভিযোগ কৰিছিল যে জুবেইৰক এটা বেলেগ গোচৰত সোধা-পোছাৰ বাবে দিল্লীলৈ মাতি অনা হৈছিল। কিন্তু শেষত তেওঁক অন্য এটা গোচৰতহে গ্ৰেপ্তাৰ কৰা হয়। তদুপৰি জুবেইৰক প্ৰেপ্তাৰৰ পূৰ্বে কোনো গ্ৰেপ্তাৰৰ জাননী দিয়া হোৱা নাছিল বুলিও সিনহাই অভিযোগ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে