--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ ডুমকাত এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। শ্বাহৰুখ নামৰ এজন যুৱকে একপক্ষীয় প্ৰেমত ব্যৰ্থ হৈ দ্বাদশ শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীক জীৱন্তে জ্বলাই দিয়ে। এই ঘটনাত ছোৱালীজনীয়ে মৃত্যুক সাবটি হৈছে। ঘটনাটোৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।

৯০ শতাংশ অগ্নিদগ্ধ হৈছিল ছোৱালীজনী

ডুমকা আৰক্ষী অধীক্ষক অম্বেৰ লাক্ৰাই জনোৱা মতে, এই ঘটনাত ছোৱালীজনীৰ দেহৰ ৯০ শতাংশ জ্বলি যায়। তাৰপাছত তেওঁক চিকিৎসাৰ বাবে ৰাঁচীৰ ৰিমছত ভৰ্তি কৰাইছিল, য’ত দেওবাৰে তেওঁৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাৰ পিছত ছোৱালীজনীৰ মৃতদেহ ডুমকালৈ অনা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ঘটনাৰ পিছতে ছোৱালীজনীৰ ঘৰত বিশদ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু ডুমকাৰ পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা চলাই থকা হৈছে।

ডুমকাত উত্তেজিত পৰিস্থিতি

ডুমকাৰ এছ ডি অ’ মহেশ্বৰ মাহটোৱে কয় যে ছোৱালীজনীৰ মৃত্যুৰ তথ্য ডুমকাত পোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে দোষীক ফাঁচী দিয়াৰ দাবীত শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁ কয় যে প্ৰতিবাদৰ পিছত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডুমকা চহৰত চি আৰ পি চিৰ ১৪৪ ধাৰা জাৰি কৰা হৈছে।

আৰক্ষীক লৈ প্ৰশ্ন উত্থাপন কৰিলে বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই

এই সন্দৰ্ভত গোদাৰ পৰা বিজেপিৰ সাংসদ ড০ নিশিকান্ত ডুবেই টুইট কৰি কয়, ‘‘শ্বাহৰুখৰ দৰে কুলাংগাৰৰ পৰা ডুমকাৰ কন্যা অংকিতাক বচাব পাৰিলে ভাল আছিল।’ ইয়াৰ লগতে তেওঁ ডুমকাৰ উপ আৰক্ষী অধীক্ষকৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰি লিখিছে, ‘মুছলমান বিষয়া নূৰ মুস্তাফাই অপৰাধীক দিয়া সমৰ্থন দেশৰ বাবে মাৰাত্মক।’’ 


অভিযুক্তই পেট্ৰ’ল ঢালি জুই লগাই দিয়ে

২৩ আগষ্টত শ্বাহৰুখ নামৰ মুছলমান যুৱকজনে চুবুৰীৰ ব্যৱসায়ী সঞ্জীৱ সিঙৰ ১৭ বছৰীয়া কন্যা অংকিতা গভীৰ নিশা শুই থকা অৱস্থাত খিৰিকীৰে পেট্ৰ’ল ঢালি জুই জ্বলাই দিছিল। অংকিতাৰ প্ৰতি শ্বাহৰুখৰ আছিল একপক্ষীয় প্ৰেম। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ পিছতে অংকিতাক ৰাঁচীৰ ৰিমছত ভৰ্তি কৰাইছিল, য’ত কাৰ্যবাহী দণ্ডাধীশ চন্দ্ৰদীপ সিঙে তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিছিল, যিটো এতিয়া মৃত্যুৰ পূৰ্বে ভুক্তভোগীৰ শেষ বক্তব্য হিচাপে লোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, শ্বাহৰুখে কিছুদিনৰ পৰা অংকিতাক হাৰাশাস্তি কৰি আহিছিল আৰু যেতিয়া তেওঁ প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিবলৈ সন্মত নহ’ল, তেতিয়া অভিযুক্তই ভাবুকি দিছিল, ‘মোৰ প্ৰেমৰ প্ৰস্তাৱ মানি নললে মই তোমাক হত্যা কৰিম’। আৰক্ষীয়ে অভিযুক্ত যুৱক শ্বাহৰুখক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। প্ৰতিবাদকাৰীয়ে শ্বাহৰুখৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবলৈ দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ