--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্থা-নাগা চৈতন্যক লৈ এতিয়াও অব্যাহত আছে চৰ্চা। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত ২০১৭ চনত মহা ধুমধামেৰে দক্ষিণৰ মেগাষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। গোৱাত হিন্দু আৰু খ্ৰীষ্টিয়ান দুয়োটা ৰীতি-নীতিৰ মাজেৰেই সম্পন্ন হৈছিল তেওঁলোকৰ বিয়া। অনুৰাগীৰ মনতো আনন্দৰ ৰোল উঠা দেখা গৈছিল। বিয়াৰ খবৰত উচ্ছসিত একেখিনি অনুৰাগীৰ মন এতিয়া গোমা। দিনদিয়েক আগেয়ে প্ৰকাশ পোৱা দক্ষিণৰ তাৰকা সামান্থা ৰুথ প্ৰভু আৰু নাগা চৈতন্যৰ বিচ্ছেদৰ খবৰে আচৰিত কৰি তুলিছিল অনুৰাগীক। প্ৰিয় তাৰকা দম্পতীৰ বিচ্ছেদৰ খবৰে আহত কৰিছিল প্ৰিয় অনুৰাগীক। অৱশ্যে, এই প্ৰসংগত নাগা চৈতন্যৰ পিতৃ নাগাৰ্জুনে কোনো ধৰণৰ মন্তব্য কৰা নাছিল। এইবাৰ মৌনত ভংগ কৰিলে নাগাৰ্জুনে। দক্ষিণৰ খ্যাতনামা তাৰকাজনে তেওঁলোকৰ বিচ্ছেদৰ কাৰণ সম্পৰ্কে বিস্ফোৰক তথ্য দাঙি ধৰিছে। নাগাৰ্জুনৰ মন্তব্যত এতিয়া লাগিছে তোলপাৰ। কাৰণ, ইমান দিনে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে শুনা মন্তব্যৰ সম্পূৰ্ণ বিপৰীত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নাগাৰ্জুনে। শেহতীয়াকৈ বলীউড লাইফৰ এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, ইণ্ডিয়া গ্লিটজৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত নাগাৰ্জুনে কয় যে, ‘সামান্থাই বিবাহ বিচ্ছেদ বিচাৰিছিল আৰু চৈতন্যই তেওঁৰ সিদ্ধান্ত মানি ল’ব লগা হৈছিল।’ তেওঁ কয়, ‘বিনাদ্বিধাই নাগা চৈতন্যই সামান্থাৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাইছিল। নাগাই মোৰ বিষয়ে বৰকৈ ভাবিছিল। মই কি ভাবিম আৰু পৰিয়ালৰ সন্মান লাঘৱ হ’ব নেকি? এনে কেতবোৰ কথাই চৈতন্যৰ মনত বৰকৈ ক্ৰিয়া কৰিছিল।’ নাগাৰ্জুনে লগতে কয়, ‘বিবাহ বিচ্ছেদৰ পাছত নাগাই মোক সান্তনা দিছিল। সামান্থা-নাগাৰ মাজত ২০২১ চনৰ আৰম্ভণিৰ পৰাই অশান্তিৰ আৰম্ভণি হৈছিল। মই উদ্বিগ্ন হোৱা বুলি ভাবি মোৰ পুত্ৰই মোক বহুত বুজাইছে। ৪ বছৰৰ বিবাহিত জীৱনত কেতিয়াও এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। দুয়োজনে ভালদৰেই আছিল। কিন্তু হঠাতে তেওঁলোকে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে মই নাজানো। আনকি ২০২১ চনৰ পহিলা দিনাও দুয়োজনে একেলগে উদযাপন কৰিছিল। সম্ভৱতঃ ইয়াৰ পাছৰ পৰাই তেওঁলোকৰ মাজৰ সমস্যা বৃদ্ধি পাইছিল।’ স্মৰ্তব্য যে, তেওঁলোকৰ মাজত এই বিচ্ছেদৰ বাবে সামান্থাই নাগা চৈতন্যকে আকাৰে ইংগিতে দোষাৰোপ কৰিছিল। এতিয়া চৈতন্যৰ পিতৃৰ মন্তব্যই ভবাই তুলিছে সকলোকে। ইনষ্টাগ্ৰাম পোষ্টত সামান্থাই কৈছিল, ‘…..তেওঁলোকৰ দাবী, মোৰ হেনো বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল,মই কেতিয়াও সন্তান জন্ম দিব বিচৰা নাছিলো, মই এজন সুবিধাবাদী আৰু অলপতে মোৰ গৰ্ভপাত হৈছিল। বিবাহ বিচ্ছেদ এক অতি বেদনাদায়ক প্ৰক্ৰিয়া।মোক অলপ সময় দিয়ক। এনে কেতবোৰ কথাৰে মোক নিৰন্তৰ আক্ৰমণ কৰি আহিছে। তথাপি, এই কথাবোৰৰ বাবে মই ভাগি পৰা নাই, নপৰো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ