--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামান্থা-নাগা চৈতন্যক লৈ এতিয়াও অব্যাহত আছে চৰ্চা। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পাছত ২০১৭ চনত মহা ধুমধামেৰে দক্ষিণৰ মেগাষ্টাৰ নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰে বিবাহপাশত আবদ্ধ হৈছিল দুয়ো। গোৱাত হিন্দু আৰু খ্ৰীষ্টিয়ান দুয়োটা ৰীতি-নীতিৰ মাজেৰেই সম্পন্ন হৈছিল তেওঁলোকৰ বিয়া। অনুৰাগীৰ মনতো আনন্দৰ ৰোল উঠা দেখা গৈছিল। বিয়াৰ খবৰত উচ্ছসিত একেখিনি অনুৰাগীৰ মন এতিয়া গোমা। দিনদিয়েক আগেয়ে প্ৰকাশ পোৱা দক্ষিণৰ তাৰকা সামান্থা ৰুথ প্ৰভু আৰু নাগা চৈতন্যৰ বিচ্ছেদৰ খবৰে আচৰিত কৰি তুলিছিল অনুৰাগীক। প্ৰিয় তাৰকা দম্পতীৰ বিচ্ছেদৰ খবৰে আহত কৰিছিল প্ৰিয় অনুৰাগীক। অৱশ্যে, এই প্ৰসংগত নাগা চৈতন্যৰ পিতৃ নাগাৰ্জুনে কোনো ধৰণৰ মন্তব্য কৰা নাছিল। এইবাৰ মৌনত ভংগ কৰিলে নাগাৰ্জুনে। দক্ষিণৰ খ্যাতনামা তাৰকাজনে তেওঁলোকৰ বিচ্ছেদৰ কাৰণ সম্পৰ্কে বিস্ফোৰক তথ্য দাঙি ধৰিছে। নাগাৰ্জুনৰ মন্তব্যত এতিয়া লাগিছে তোলপাৰ। কাৰণ, ইমান দিনে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে শুনা মন্তব্যৰ সম্পূৰ্ণ বিপৰীত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নাগাৰ্জুনে। শেহতীয়াকৈ বলীউড লাইফৰ এক প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে। প্ৰতিবেদন অনুসৰি, ইণ্ডিয়া গ্লিটজৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত নাগাৰ্জুনে কয় যে, ‘সামান্থাই বিবাহ বিচ্ছেদ বিচাৰিছিল আৰু চৈতন্যই তেওঁৰ সিদ্ধান্ত মানি ল’ব লগা হৈছিল।’ তেওঁ কয়, ‘বিনাদ্বিধাই নাগা চৈতন্যই সামান্থাৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাইছিল। নাগাই মোৰ বিষয়ে বৰকৈ ভাবিছিল। মই কি ভাবিম আৰু পৰিয়ালৰ সন্মান লাঘৱ হ’ব নেকি? এনে কেতবোৰ কথাই চৈতন্যৰ মনত বৰকৈ ক্ৰিয়া কৰিছিল।’ নাগাৰ্জুনে লগতে কয়, ‘বিবাহ বিচ্ছেদৰ পাছত নাগাই মোক সান্তনা দিছিল। সামান্থা-নাগাৰ মাজত ২০২১ চনৰ আৰম্ভণিৰ পৰাই অশান্তিৰ আৰম্ভণি হৈছিল। মই উদ্বিগ্ন হোৱা বুলি ভাবি মোৰ পুত্ৰই মোক বহুত বুজাইছে। ৪ বছৰৰ বিবাহিত জীৱনত কেতিয়াও এনে সমস্যাৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। দুয়োজনে ভালদৰেই আছিল। কিন্তু হঠাতে তেওঁলোকে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে মই নাজানো। আনকি ২০২১ চনৰ পহিলা দিনাও দুয়োজনে একেলগে উদযাপন কৰিছিল। সম্ভৱতঃ ইয়াৰ পাছৰ পৰাই তেওঁলোকৰ মাজৰ সমস্যা বৃদ্ধি পাইছিল।’ স্মৰ্তব্য যে, তেওঁলোকৰ মাজত এই বিচ্ছেদৰ বাবে সামান্থাই নাগা চৈতন্যকে আকাৰে ইংগিতে দোষাৰোপ কৰিছিল। এতিয়া চৈতন্যৰ পিতৃৰ মন্তব্যই ভবাই তুলিছে সকলোকে। ইনষ্টাগ্ৰাম পোষ্টত সামান্থাই কৈছিল, ‘…..তেওঁলোকৰ দাবী, মোৰ হেনো বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল,মই কেতিয়াও সন্তান জন্ম দিব বিচৰা নাছিলো, মই এজন সুবিধাবাদী আৰু অলপতে মোৰ গৰ্ভপাত হৈছিল। বিবাহ বিচ্ছেদ এক অতি বেদনাদায়ক প্ৰক্ৰিয়া।মোক অলপ সময় দিয়ক। এনে কেতবোৰ কথাৰে মোক নিৰন্তৰ আক্ৰমণ কৰি আহিছে। তথাপি, এই কথাবোৰৰ বাবে মই ভাগি পৰা নাই, নপৰো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু