--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশত এখন এক্সপ্ৰেছ ৰেলৰ খুন্দাত ছজন যাত্ৰী নিহত হৈছে। ঘটনাটো সোমবাৰে নিশা শ্ৰীকাকুলামত সংঘটিত হৈছিল। উক্ত ৰেল' দৃৰ্ঘটনাটোত আন কেইবাজনো যাত্ৰী আহত হৈছিল।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, যান্ত্ৰিক সমস্যাৰ বাবে শ্ৰীকাকুলামৰ বাটুৱা গাঁৱৰ ওচৰত গুৱাহাটী অভিমুখী চুপাৰফাষ্ট এক্সপ্ৰেছ খন ৰখাই দিয়া হৈছিল। ৰেলখন ৰৈ যোৱাৰ লগে লগে কেইবাজনো যাত্ৰী ৰেলপথ পাৰ হবলৈ চেষ্টা কৰিছিল। সেই মুহূৰ্তত, কোণাৰ্ক এক্সপ্ৰেছখন বিপৰীত দিশৰ পৰা তীব্ৰ গতিত আহিছিল। যদিও সেই সময়তে বহুতো যাত্ৰীয়ে ৰেল লাইনৰ পৰা আঁতৰি যাবলৈ সুযোগ পাইছিল, কিন্তু ইয়াৰ মাজতে কেইবাজনো যাত্ৰী ট্ৰেকৰ পৰা আঁতৰি যোৱাৰ আগতে কোণাৰ্ক এক্সপ্ৰেছে খুন্দা মাৰিছিল। গুৱাহাটী অভিমুখী চুপাৰফাষ্ট এক্সপ্ৰেছৰ ছজন যাত্ৰীৰ ঘটনাস্থলীত মৃত্যু হয়। আন কেইবাজনো লোক আহত হৈছিল।

শ্ৰীকাকুলাম জিলাৰ আৰক্ষী অধীক্ষক জি ৰাধিকাই পিটিআইক কয়, "প্ৰাথমিক তদন্তৰ অন্তত গম পোৱা গৈছে যে, গুৱাহাটী এক্সপ্ৰেছৰ কিছুসংখ্যাক যাত্ৰীয়ে ট্ৰেইনৰ চেইন টানি ৰে'লখন ৰখাইছিল। ৰেলখন ৰোৱাৰ লগে লগে কিছুমান লোকে ৰেলপথ পাৰ হ'বলৈ চেষ্টা কৰি আছিল। সেই সময়ত, বিপৰীত দিশৰ পৰা অহা কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত ছজন লোক নিহত হৈছিল। "আৰক্ষীয়ে মৃতসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।

মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছিল। তেওঁ স্থানীয় প্ৰশাসনক আহতসকলৰ তৎক্ষণাৎ চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত