--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশত এখন এক্সপ্ৰেছ ৰেলৰ খুন্দাত ছজন যাত্ৰী নিহত হৈছে। ঘটনাটো সোমবাৰে নিশা শ্ৰীকাকুলামত সংঘটিত হৈছিল। উক্ত ৰেল' দৃৰ্ঘটনাটোত আন কেইবাজনো যাত্ৰী আহত হৈছিল।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, যান্ত্ৰিক সমস্যাৰ বাবে শ্ৰীকাকুলামৰ বাটুৱা গাঁৱৰ ওচৰত গুৱাহাটী অভিমুখী চুপাৰফাষ্ট এক্সপ্ৰেছ খন ৰখাই দিয়া হৈছিল। ৰেলখন ৰৈ যোৱাৰ লগে লগে কেইবাজনো যাত্ৰী ৰেলপথ পাৰ হবলৈ চেষ্টা কৰিছিল। সেই মুহূৰ্তত, কোণাৰ্ক এক্সপ্ৰেছখন বিপৰীত দিশৰ পৰা তীব্ৰ গতিত আহিছিল। যদিও সেই সময়তে বহুতো যাত্ৰীয়ে ৰেল লাইনৰ পৰা আঁতৰি যাবলৈ সুযোগ পাইছিল, কিন্তু ইয়াৰ মাজতে কেইবাজনো যাত্ৰী ট্ৰেকৰ পৰা আঁতৰি যোৱাৰ আগতে কোণাৰ্ক এক্সপ্ৰেছে খুন্দা মাৰিছিল। গুৱাহাটী অভিমুখী চুপাৰফাষ্ট এক্সপ্ৰেছৰ ছজন যাত্ৰীৰ ঘটনাস্থলীত মৃত্যু হয়। আন কেইবাজনো লোক আহত হৈছিল।

শ্ৰীকাকুলাম জিলাৰ আৰক্ষী অধীক্ষক জি ৰাধিকাই পিটিআইক কয়, "প্ৰাথমিক তদন্তৰ অন্তত গম পোৱা গৈছে যে, গুৱাহাটী এক্সপ্ৰেছৰ কিছুসংখ্যাক যাত্ৰীয়ে ট্ৰেইনৰ চেইন টানি ৰে'লখন ৰখাইছিল। ৰেলখন ৰোৱাৰ লগে লগে কিছুমান লোকে ৰেলপথ পাৰ হ'বলৈ চেষ্টা কৰি আছিল। সেই সময়ত, বিপৰীত দিশৰ পৰা অহা কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত ছজন লোক নিহত হৈছিল। "আৰক্ষীয়ে মৃতসকলক চিনাক্ত কৰিবলৈ চেষ্টা কৰি আছে।

মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰিছিল। তেওঁ স্থানীয় প্ৰশাসনক আহতসকলৰ তৎক্ষণাৎ চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ