--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিভিন্ন ফুড ডেলিভাৰী কোম্পানীৰ হৈ মানুহৰ ঘৰে ঘৰে খাদ্য বিতৰণ কৰা যুৱকসকল এতিয়া আমাৰ সকলোৰে পৰিচিত হৈ পৰিছে। বহুতৰ বাবে তেওঁলোক হৈ পৰিছে অপৰিহাৰ্যও। তেওঁলোক নহ’লে যেন দিনটোৰ খাদ্যখিনিৰো জোগাৰ নহয় বহুতৰে। এতিয়া এনে এগৰাৰী খাদ্য বিতৰণ কৰা যুৱকৰ কাহিনী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঘটনাটো ৰাজস্থানৰ ভিলৱাৰাৰ। সকলোৱে জানে যে মানুহে ৰাজস্থানৰ গৰম সহ্য কৰাটো সহজ কথা নহয়। কিন্তু ৰাজস্থানৰ প্ৰচণ্ড গৰমতো তেওঁ সময়মতে ডেলিভাৰী দিয়াৰ লগতে তেওঁৰ সংগ্ৰামৰ কাহিনীয়ে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। তেওঁ যিজন লোকৰ খাদ্য ডেলিভাৰী দিবলৈ গৈছিল তেৱেঁই এই যুৱকজনৰ কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

টুইটাৰত আদিত্য শৰ্মা নামৰ লোকজনে এই ডেলিভাৰী বয়জনৰ এক আকৰ্ষণীয় আৰু সংগ্ৰামী কাহিনী প্ৰচাৰ কৰিছে। প্ৰথম টুইটটোত তেওঁ লিখিছিল, "আজি মোৰ অৰ্ডাৰ সময়মতে প্ৰদান কৰা হৈছিল, আৰু আচৰিত কথাটো হ'ল যে ডেলিভাৰী দিয়া লোকজন চাইকেল চলাই আহিছিল। চহৰখনৰ তাপমাত্ৰা তেতিয়া আছিস ৪২ ডিগ্ৰী,  তথাপি তেওঁ মোক সময়মতে অৰ্ডাৰ  সময়মতে ডেলিভাৰ কৰিছিল।' পৰৱৰ্তী টুইটটোত তেওঁ কয় যে এই ব্যক্তিজনৰ নাম দুৰ্গা মীনা, তেওঁৰ বয়স ৩১ বছৰ। যোৱা চাৰি মাহধৰি, তেওঁ খাদ্য বিতৰণ কৰা কামৰ সৈতে জড়িত হৈ আছে। ইয়াৰ জৰিয়তে তেওঁ মাহেকত ১০ হাজাৰ টকালৈকে উপাৰ্জন কৰে। তেওঁ পেছাত এজন শিক্ষক আৰু যোৱা ১২ বছৰ ধৰি এই বৃত্তিৰ সৈতে জড়িত হৈ আছে। কিন্তু তেওঁ কোভিড সময়ত চাকৰি হেৰুৱাইছিল। আনকি আদিত্যই কৈছিল যে দুৰ্গাই তেওঁৰ সৈতে ইংৰাজীত কথা পাতি আছিল।

আদিত্যই প্ৰকাশ কৰা অনুসৰি যুৱকজনে বি-কম অধ্যয়ন কৰিছে আৰু তেওঁ স্নাতকোত্তৰ শিক্ষা সম্পূৰ্ণ কৰাৰ বাবে অতি আগ্ৰহী। কিন্তু অৰ্থনৈতিক পৰিস্থিতিৰ বাবে, তেওঁ এইটো কৰিবলৈ সক্ষম হোৱা নাই আৰু সেয়েহে তেওঁ বৰ্তমান জোমাটোৰ সৈতে ফুড ডেলিভাৰীৰ কাম কৰি অৰ্থ উপাৰ্জন কৰাৰ চেষ্টাত ব্ৰতী হৈ আছে। 

যুৱকজনৰ অসামান্য সংগ্ৰমৰ কথা প্ৰকাশ কৰি তেওঁ লগতে লিখিছে, যে তেওঁ প্ৰতিমাহে কিছু টকা ৰাহি কৰে যাতে তেওঁ এখন বাইক কিনিব পাৰে। তেওঁ কয় যে, দিনে ১০-১২টা ডেলিভাৰী হয়, উশাহ লোৱাৰ সময় নাই। যদি বাইকখন পোৱা যায়, ডেলিভাৰী দিয়া কামটো আৰু সহজ হ'ব। আদিত্যই তেওঁৰ এই লক্ষ্যৰ কথা মনত ৰাখি ক্ৰাউড ফাইণ্ডিঙৰ জৰিয়তে  দুৰ্গা শংকৰ মীনাক সহায় কৰাৰো আহ্বান জনাইছিল। আদিত্যৰ এই আহ্বানৰ পাছতে বিভিন্ন লোকে তেওঁক সহায় কৰিবলৈ আৰম্ভ কৰিছিল। আদিত্যই ৭৫ হাজাৰ টকা সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু মানুহে আন্তৰিকতাৰে মীনাৰ প্ৰতি বৰঙণি আগবঢ়াবলৈ আৰম্ভ লকৰে আৰু তিনি ঘণ্টাৰ ভিতৰতে প্ৰায় ডেৰ লাখ টকা সংগ্ৰহ কৰা হৈছিল। বিভিন্নজনে বিদেশৰ পৰাও তেওঁক সহায় কৰা দেখিবলৈ পোৱা গৈছে। এতিয়া আদিত্যই সোনকালেই তেওঁৰ কাৰণে এখন বাইক কিনিব আৰু যুৱকজনক সহায় কৰিব বুলি উল্লেখ কৰিছে। যুৱকজনৰ এই সংগ্ৰামৰ কাহিনী আৰু তেওঁৰ এই সংগ্ৰামৰ প্ৰতি বিভিন্নজনৰ সহমৰ্মিতাৰ কাহিনী এতিয়া প্ৰেৰণাদায়ক কথা হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল