--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাচোৰত ৰে'ল দুৰ্ঘটনাত কমেও ২৯০জন লোক নিহত হৈছে। বহুতে এতিয়াও যুঁজি আছে মৃত্যুৰ সৈতে। এনে সময়তে  বিজেপি সাংসদ বৰুণ গান্ধীয়ে  সাংসদসকলক তেওঁলোকৰ দৰমহাৰ এটা অংশ দান কৰিবলৈ বিশেষ আবেদন জনাইছে।

বৰুণ গান্ধীয়ে কয় 'সকলো সাংসদে তেওঁলোকৰ দৰমহাৰ এটা অংশ দান কৰা উচিত'।বৰুণ গান্ধীয়ে উৰিষ্যাৰ বালাচোৰত ৰেল দুৰ্ঘটনাত নিহতসকলৰ বাবে  শোক প্ৰকাশ কৰিছে। বৰুণ গান্ধীয়ে তেওঁৰ  সহকৰ্মী সাংসদসকলক তেওঁলোকৰ দৰমহাৰ এটা অংশ আহত-নিহৰ পৰিয়ালক  দান কৰিবলৈ আহ্বান জনায় কয় যে বিপদৰ সময়ত সকলোৱে একেলগে কাম কৰিব লাগিব। উৰিষ্যাৰ বালাচোৰত সংঘটিত  দুৰ্ঘটনাটোৰ পিছত  প্ৰধানমন্ত্ৰী মোদী দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। 

বিজেপি সাংসদ বৰুণ গান্ধীয়ে ৰে'ল দুৰ্ঘটনাত শোক প্ৰকাশ কৰি ইয়াক হৃদয়বিদাৰক বুলি অভিহিত কৰে।বৰুণ গান্ধীয়ে কয় ’’ আমি এই দুৰ্ঘটনাৰ দ্বাৰা ভাঙি পৰা পৰিয়ালবোৰৰওচৰত  থিয় হ'ব লাগিব। মই সকলো সহযোগী সাংসদক অনুৰোধ জনাইছো যে আমাৰ দৰমহাৰ এটা অংশ শোকসন্তপ্ত পৰিয়ালবোৰক দান কৰক আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহক। প্ৰথমে তেওঁলোকক সহায় কৰক, তাৰ পিছত ন্যায় পায়।’’

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ ল'বলৈ ইতিমধ্যে উৰিষ্যাত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বালাচোৰৰ জিলা মুখ্য চিকিৎসালয়তো আহত আৰু তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰিব। ইয়াৰ পিছত তেওঁ চিকিৎসালয় চৌহদত আবেলি দুৰ্ঘটনা সন্দৰ্ভত সাংবাদিকসকলক সম্বোধন কৰিব।উল্লেখ্য শুকুৰবাৰে  নিশা উৰিষ্যাৰ বালাচোৰ জিলাত তিনিখন ৰে'লৰ সংঘৰ্ষ হৈছিল। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ওড়িশাৰ  বাহাঙ্গা ষ্টেচনৰ ওচৰত হাওৰা-শালিমাৰ এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ২৯০ জন লোকৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়