--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৰিষ্যাৰ বালাচোৰত ৰে'ল দুৰ্ঘটনাত কমেও ২৯০জন লোক নিহত হৈছে। বহুতে এতিয়াও যুঁজি আছে মৃত্যুৰ সৈতে। এনে সময়তে  বিজেপি সাংসদ বৰুণ গান্ধীয়ে  সাংসদসকলক তেওঁলোকৰ দৰমহাৰ এটা অংশ দান কৰিবলৈ বিশেষ আবেদন জনাইছে।

বৰুণ গান্ধীয়ে কয় 'সকলো সাংসদে তেওঁলোকৰ দৰমহাৰ এটা অংশ দান কৰা উচিত'।বৰুণ গান্ধীয়ে উৰিষ্যাৰ বালাচোৰত ৰেল দুৰ্ঘটনাত নিহতসকলৰ বাবে  শোক প্ৰকাশ কৰিছে। বৰুণ গান্ধীয়ে তেওঁৰ  সহকৰ্মী সাংসদসকলক তেওঁলোকৰ দৰমহাৰ এটা অংশ আহত-নিহৰ পৰিয়ালক  দান কৰিবলৈ আহ্বান জনায় কয় যে বিপদৰ সময়ত সকলোৱে একেলগে কাম কৰিব লাগিব। উৰিষ্যাৰ বালাচোৰত সংঘটিত  দুৰ্ঘটনাটোৰ পিছত  প্ৰধানমন্ত্ৰী মোদী দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে। 

বিজেপি সাংসদ বৰুণ গান্ধীয়ে ৰে'ল দুৰ্ঘটনাত শোক প্ৰকাশ কৰি ইয়াক হৃদয়বিদাৰক বুলি অভিহিত কৰে।বৰুণ গান্ধীয়ে কয় ’’ আমি এই দুৰ্ঘটনাৰ দ্বাৰা ভাঙি পৰা পৰিয়ালবোৰৰওচৰত  থিয় হ'ব লাগিব। মই সকলো সহযোগী সাংসদক অনুৰোধ জনাইছো যে আমাৰ দৰমহাৰ এটা অংশ শোকসন্তপ্ত পৰিয়ালবোৰক দান কৰক আৰু তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহক। প্ৰথমে তেওঁলোকক সহায় কৰক, তাৰ পিছত ন্যায় পায়।’’

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে পৰিস্থিতিৰ বুজ ল'বলৈ ইতিমধ্যে উৰিষ্যাত উপস্থিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বালাচোৰৰ জিলা মুখ্য চিকিৎসালয়তো আহত আৰু তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰিব। ইয়াৰ পিছত তেওঁ চিকিৎসালয় চৌহদত আবেলি দুৰ্ঘটনা সন্দৰ্ভত সাংবাদিকসকলক সম্বোধন কৰিব।উল্লেখ্য শুকুৰবাৰে  নিশা উৰিষ্যাৰ বালাচোৰ জিলাত তিনিখন ৰে'লৰ সংঘৰ্ষ হৈছিল। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ওড়িশাৰ  বাহাঙ্গা ষ্টেচনৰ ওচৰত হাওৰা-শালিমাৰ এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ২৯০ জন লোকৰ মৃত্যু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস