--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে  শালিমাৰৰ পৰা চেন্নাই  অভিমুখী কৰ্মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিতত হোৱাৰ ফলত এতিয়ালৈকে ২৯০ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে। মৃতকৰ সংখ্যা বৃদ্ধি পাই যোৱালৈ চাই নিহতৰ সংখ্যা ৫০০ৰো অধিক হ’ব বুলি আশংকা কৰা হৈছে।  কালি সন্ধিয়া  অভূতপূৰ্ব ভাৱে তিনিখন ৰে’ল একেলগে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। কিন্তু কৰমণ্ডল একপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ এয়াই  প্ৰথম ঘটনা নহয়।এই এক্সপ্ৰেছখনে ১৪ বছৰ আগতও এনেকুৱা এটা ব্লেক ফ্ৰাইডেতে দুৰ্ঘটনাত পতিত হৈছিল।

দিনটো আছিল ২০০৯ চনৰ ফেব্ৰুৱাৰী ১৩। সেই দিনা সন্ধিয়া প্ৰায় ৭.৩০ বজাত তীব্ৰ গতিত গৈ থকা কৰমণ্ডল ৰে’ল খনে  জয়পুৰ ৰোড ষ্টেচন হোৱাৰ পিছতে কেইবাটাও দবা লাইনচ্যুত হৈ পৰিছিল । সেই দুৰ্ঘটনাটোত কমেও ১৬ জন লোক নিহত হৈছিল। কেৱল সেয়াই  নহয় ১৯৭৭ চনৰ ৬ মাৰ্চত যাত্ৰা আৰম্ভ হোৱা কৰমণ্ডল  এক্সপ্ৰেছ  ৰে’ল খনে  আৰু কেইবাটাও দুৰ্যোগৰ সন্মুখীন হৈছে।

২০০২ চনৰ ১৫ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ নেল্ল'ৰ জিলাত হাওৰা-চেন্নাই কৰ্মন্দল এক্সপ্ৰেছৰ সাতটা ডবা লাইনচ্যুত হৈছিল। এই ঘটনাত কমেও ১০০ জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল। পৰৱৰ্তী দুৰ্ঘটনাটো ২০০৯ চনত সংঘটিত হৈছিল।এই দুৰ্ঘটনাৰ  তিনি বছৰৰ পিছত ২০১২ চনৰ ১৪ জানুৱাৰীত চেন্নাই-হাওৰা কৰমণ্ডল এক্সপ্ৰেছৰ সাধাৰণ কম্পাৰ্টমেণ্টত জুই লাগিছিল। 

ঘটনাটো লিঙ্গৰাজ ষ্টেচনৰ ওচৰত সংঘটিত হৈছিল। সেই বছৰৰে  ৩০ ডিচেম্বৰত ওড়িশাৰ  গঞ্জাম জিলাত ৰে’ল খনৰ খুন্দাত  ছটা হাতীৰ মৃত্যু হৈছিল। ২০১৫ চনৰ এপ্ৰিল মাহত অন্ধ্ৰপ্ৰদেশৰ নিদাভালু ষ্টেচনত কাৰ্মণ্ডল এক্সপ্ৰেছৰ দুটা ডবাত জুই লাগিছিল।অৱশ্যে, কালিৰ দুৰ্ঘটনাটো পূৰ্বৰ সকলো দুৰ্ঘটনাতকৈ অধিক ভয়ংকৰ আছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ