--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শুকুৰবাৰে  শালিমাৰৰ পৰা চেন্নাই  অভিমুখী কৰ্মণ্ডল এক্সপ্ৰেছ দুৰ্ঘটনাত পতিতত হোৱাৰ ফলত এতিয়ালৈকে ২৯০ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে। মৃতকৰ সংখ্যা বৃদ্ধি পাই যোৱালৈ চাই নিহতৰ সংখ্যা ৫০০ৰো অধিক হ’ব বুলি আশংকা কৰা হৈছে।  কালি সন্ধিয়া  অভূতপূৰ্ব ভাৱে তিনিখন ৰে’ল একেলগে দুৰ্ঘটনাগ্ৰস্ত হৈছিল। কিন্তু কৰমণ্ডল একপ্ৰেছ দুৰ্ঘটনাত পতিত হোৱাৰ এয়াই  প্ৰথম ঘটনা নহয়।এই এক্সপ্ৰেছখনে ১৪ বছৰ আগতও এনেকুৱা এটা ব্লেক ফ্ৰাইডেতে দুৰ্ঘটনাত পতিত হৈছিল।

দিনটো আছিল ২০০৯ চনৰ ফেব্ৰুৱাৰী ১৩। সেই দিনা সন্ধিয়া প্ৰায় ৭.৩০ বজাত তীব্ৰ গতিত গৈ থকা কৰমণ্ডল ৰে’ল খনে  জয়পুৰ ৰোড ষ্টেচন হোৱাৰ পিছতে কেইবাটাও দবা লাইনচ্যুত হৈ পৰিছিল । সেই দুৰ্ঘটনাটোত কমেও ১৬ জন লোক নিহত হৈছিল। কেৱল সেয়াই  নহয় ১৯৭৭ চনৰ ৬ মাৰ্চত যাত্ৰা আৰম্ভ হোৱা কৰমণ্ডল  এক্সপ্ৰেছ  ৰে’ল খনে  আৰু কেইবাটাও দুৰ্যোগৰ সন্মুখীন হৈছে।

২০০২ চনৰ ১৫ মাৰ্চত অন্ধ্ৰপ্ৰদেশৰ নেল্ল'ৰ জিলাত হাওৰা-চেন্নাই কৰ্মন্দল এক্সপ্ৰেছৰ সাতটা ডবা লাইনচ্যুত হৈছিল। এই ঘটনাত কমেও ১০০ জন যাত্ৰী গুৰুতৰভাৱে আহত হৈছিল। পৰৱৰ্তী দুৰ্ঘটনাটো ২০০৯ চনত সংঘটিত হৈছিল।এই দুৰ্ঘটনাৰ  তিনি বছৰৰ পিছত ২০১২ চনৰ ১৪ জানুৱাৰীত চেন্নাই-হাওৰা কৰমণ্ডল এক্সপ্ৰেছৰ সাধাৰণ কম্পাৰ্টমেণ্টত জুই লাগিছিল। 

ঘটনাটো লিঙ্গৰাজ ষ্টেচনৰ ওচৰত সংঘটিত হৈছিল। সেই বছৰৰে  ৩০ ডিচেম্বৰত ওড়িশাৰ  গঞ্জাম জিলাত ৰে’ল খনৰ খুন্দাত  ছটা হাতীৰ মৃত্যু হৈছিল। ২০১৫ চনৰ এপ্ৰিল মাহত অন্ধ্ৰপ্ৰদেশৰ নিদাভালু ষ্টেচনত কাৰ্মণ্ডল এক্সপ্ৰেছৰ দুটা ডবাত জুই লাগিছিল।অৱশ্যে, কালিৰ দুৰ্ঘটনাটো পূৰ্বৰ সকলো দুৰ্ঘটনাতকৈ অধিক ভয়ংকৰ আছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস