--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ওড়িশাত কৰমণ্ডল এক্সপ্ৰেছৰ শোকাৱহ দুৰ্ঘটনাই  সমগ্ৰ দেশকে জোকাৰি গৈছে। এতিয়ালৈকে সেই দুৰ্ঘটনাত চৰকাৰী তথ্য অনুসৰি ২৭৫ গৰাকী লোকৰ মৃত্যু ঘটিছে। হাজাৰ হাজাৰ লোক আহত হৈছে, কিছুমান জীৱনৰ বাবে পংগু হৈছে। এনে সময়তে বহুতৰে মাজত আলোচনা হৈছে ৰে’লৰ টিকট কাটোতে থকা বীমাৰ সুবিধাৰ কথা।

 দুৰ্ঘটনা কাৰ , কেতিয়া হয় সেয়া কোনেও ক’ব নোৱাৰে। কিন্তু  ৰেল যাত্ৰীসকলে বিচাৰিলে টিকট কটাৰ সময়ত  বীমাৰ সুবিধাও লাভ কৰিব।  ৰে’লৰ টিকটত বীমাৰ সুবিধা লাভ কৰিবলৈ প্ৰতি খন টিকটত খৰচ কৰিব লাগিব মাত্ৰ ৩৫  পইচা।  যদি দুৰ্ভাগ্যবশতঃ ৰে’লখন দুৰ্ঘটনাত পতিত  হয়, যাত্ৰী বা তেওঁৰ পৰিয়ালে মৃত্যু বা আঘাতৰ বাবে সেই বীমাৰ পৰাই  ক্ষতিপূৰণ লাভ কৰিব। কিন্তু মনত ৰাখিব  যে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ ক্ষেত্ৰত  ৰে’ল কাউণ্টাৰৰ পৰা কটা টিকটবোৰত এই  বীমাৰ সুবিধা পোৱা নাযায়। এই সুবিধাটো  আইআৰচিটিচিয়ে তেতিয়াহে আগবঢ়াব  যদিহে কোনোবাই অনলাইন টিকট ক্ৰয় কৰে।

অনলাইনত টিকট কটা  যাত্ৰীসকলে পৰিশোধ কৰিব লগা ৩৫ পইচাৰ ভিতৰত সকলো কৰ অন্তৰ্ভুক্ত থাকে। অৱশ্যে এই  বীমা বাধ্যতামূলক নহয়। এজন যাত্ৰীয়ে বিচাৰিলেহে এই সুবিধা লাভ কৰিব । অনলাইনত ৰে’লৰ টিকট ক্ৰয় কৰাৰ সময়ত বীমাৰ বাবে থকা এটা নিৰ্দিষ্ট বুটামত আপুনি "ক্লিক" কৰিব লাগিব।  যদি একে সময়তে এটাতকৈ অধিক টিকট কটা হয়, তেন্তে বাকী যাত্ৰীসকলে কেৱল এটা টিকট নিশ্চিত হ'লেই  বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। টিকট ক্ৰয় কৰাৰ পিছত  আই.আৰ.চি.টি.চি.-য়ে যাত্ৰীসকলক অনলাইনত দিয়া ম'বাইল নম্বৰত বীমা সম্পৰ্কীয় তথ্যৰ বিষয়ে জনায়।

ৰে’লৰ টিকটত বীমা কৰিলে কি লাভ হ’ব পাৰে? উত্তৰটো হৈছে ১০ লাখ টকাৰ ক্ষতিপূৰণ। ৰে'ল দুৰ্ঘটনাত বীমাকৃত যাত্ৰীৰ মৃত্যুৰ ক্ষেত্ৰত আইআৰচিটিচিয়ে প্ৰতিগৰাকী যাত্ৰীৰ পৰিয়ালক  ১০ লাখ টকা পৰিশোধ কৰিব। আনকি কোনো  যাত্ৰী দুৰ্ঘটনাত সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিলেও তেওঁ ১০ লাখ টকা পাব। যদি আংশিকভাৱে অক্ষম হয় তেন্তে  ৭ লাখ ৫০ হাজাৰ  টকা লাভ কৰিব। লগতে বীমাৰ নিয়ম অনুসৰি  চিকিৎসালয়ত চিকিৎসাৰ বাবে ২ লাখ টকা দিয়া হয় । যদি ৰে’ল দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হয়, আইআৰচিটিচিয়ে মৃতদেহটো ঘৰলৈ পৰিবহন কৰাৰ ব্যয় হিচাপে ১০ হাজাৰ টকাও পৰিশোধ কৰাৰ নিয়ম আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস