--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ওড়িশাত কৰমণ্ডল এক্সপ্ৰেছৰ শোকাৱহ দুৰ্ঘটনাই  সমগ্ৰ দেশকে জোকাৰি গৈছে। এতিয়ালৈকে সেই দুৰ্ঘটনাত চৰকাৰী তথ্য অনুসৰি ২৭৫ গৰাকী লোকৰ মৃত্যু ঘটিছে। হাজাৰ হাজাৰ লোক আহত হৈছে, কিছুমান জীৱনৰ বাবে পংগু হৈছে। এনে সময়তে বহুতৰে মাজত আলোচনা হৈছে ৰে’লৰ টিকট কাটোতে থকা বীমাৰ সুবিধাৰ কথা।

 দুৰ্ঘটনা কাৰ , কেতিয়া হয় সেয়া কোনেও ক’ব নোৱাৰে। কিন্তু  ৰেল যাত্ৰীসকলে বিচাৰিলে টিকট কটাৰ সময়ত  বীমাৰ সুবিধাও লাভ কৰিব।  ৰে’লৰ টিকটত বীমাৰ সুবিধা লাভ কৰিবলৈ প্ৰতি খন টিকটত খৰচ কৰিব লাগিব মাত্ৰ ৩৫  পইচা।  যদি দুৰ্ভাগ্যবশতঃ ৰে’লখন দুৰ্ঘটনাত পতিত  হয়, যাত্ৰী বা তেওঁৰ পৰিয়ালে মৃত্যু বা আঘাতৰ বাবে সেই বীমাৰ পৰাই  ক্ষতিপূৰণ লাভ কৰিব। কিন্তু মনত ৰাখিব  যে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ ক্ষেত্ৰত  ৰে’ল কাউণ্টাৰৰ পৰা কটা টিকটবোৰত এই  বীমাৰ সুবিধা পোৱা নাযায়। এই সুবিধাটো  আইআৰচিটিচিয়ে তেতিয়াহে আগবঢ়াব  যদিহে কোনোবাই অনলাইন টিকট ক্ৰয় কৰে।

অনলাইনত টিকট কটা  যাত্ৰীসকলে পৰিশোধ কৰিব লগা ৩৫ পইচাৰ ভিতৰত সকলো কৰ অন্তৰ্ভুক্ত থাকে। অৱশ্যে এই  বীমা বাধ্যতামূলক নহয়। এজন যাত্ৰীয়ে বিচাৰিলেহে এই সুবিধা লাভ কৰিব । অনলাইনত ৰে’লৰ টিকট ক্ৰয় কৰাৰ সময়ত বীমাৰ বাবে থকা এটা নিৰ্দিষ্ট বুটামত আপুনি "ক্লিক" কৰিব লাগিব।  যদি একে সময়তে এটাতকৈ অধিক টিকট কটা হয়, তেন্তে বাকী যাত্ৰীসকলে কেৱল এটা টিকট নিশ্চিত হ'লেই  বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। টিকট ক্ৰয় কৰাৰ পিছত  আই.আৰ.চি.টি.চি.-য়ে যাত্ৰীসকলক অনলাইনত দিয়া ম'বাইল নম্বৰত বীমা সম্পৰ্কীয় তথ্যৰ বিষয়ে জনায়।

ৰে’লৰ টিকটত বীমা কৰিলে কি লাভ হ’ব পাৰে? উত্তৰটো হৈছে ১০ লাখ টকাৰ ক্ষতিপূৰণ। ৰে'ল দুৰ্ঘটনাত বীমাকৃত যাত্ৰীৰ মৃত্যুৰ ক্ষেত্ৰত আইআৰচিটিচিয়ে প্ৰতিগৰাকী যাত্ৰীৰ পৰিয়ালক  ১০ লাখ টকা পৰিশোধ কৰিব। আনকি কোনো  যাত্ৰী দুৰ্ঘটনাত সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিলেও তেওঁ ১০ লাখ টকা পাব। যদি আংশিকভাৱে অক্ষম হয় তেন্তে  ৭ লাখ ৫০ হাজাৰ  টকা লাভ কৰিব। লগতে বীমাৰ নিয়ম অনুসৰি  চিকিৎসালয়ত চিকিৎসাৰ বাবে ২ লাখ টকা দিয়া হয় । যদি ৰে’ল দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হয়, আইআৰচিটিচিয়ে মৃতদেহটো ঘৰলৈ পৰিবহন কৰাৰ ব্যয় হিচাপে ১০ হাজাৰ টকাও পৰিশোধ কৰাৰ নিয়ম আছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক