--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হঠাৎ মল্লযোদ্ধাৰ প্ৰতিবাদত ভাঙোন আনিবলৈ অপচেষ্টা চলিছে এটা বিশেষ চক্ৰৰ৷ শনিবাৰে অমিত শ্বাহক সাক্ষাৎ কৰিছিল মল্লযোদ্ধাৰ প্ৰতিবাদকাৰীৰ এটা দলে৷ তাৰ পাছত আজি অকস্মাতে খবৰ বিয়পি পৰিল যে সাক্ষী মালিক আঁতৰি আহিছে আন্দোলনৰ পৰা৷ নিমিষতে এই খবৰ বিয়পি পৰিল দেশত৷ তাৰ পাছতেই তাৎক্ষণিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাক্ষী মালিকে৷ আন্দোলন ত্যাগৰ বাতৰিক অস্বীকাৰ কৰিছে সাক্ষী মালিকে৷ 

খবৰ অনুসৰি, ৰে’ল বিভাগৰ চাকৰিত পুনৰ যোগদান কৰিব সাক্ষী মালিকে৷ সাক্ষী মালিকে এটা টুইটত স্পষ্ট কৰি দিছে যে তেওঁ নিজকে প্ৰতিবাদৰ পৰা আঁতৰোৱা নাই, কেৱল তেওঁৰ চৰকাৰী চাকৰিৰ সেৱালৈহে ঘূৰি আহিছে। 

শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ মাজত দিল্লীত শ্বাহৰ বাসভৱনত এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু নিশালৈকে চলা এই বৈঠকত মল্লযোদ্ধাসকলে ব্ৰীজভূষণ সিঙৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল।

সাক্ষী মালিকৰ স্বামী সত্যব্ৰত কাদিয়ানে কয় যে শনিবাৰে অনুষ্ঠিত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মল্লযোদ্ধাসকলৰ বৈঠক অমীমাংসিত আছিল, কিয়নো তেওঁলোকে গৃহমন্ত্ৰীৰ পৰা বিচৰা প্ৰতিক্ৰিয়া পোৱা নাছিল।
প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে গংগাত পদক বিসৰ্জন দিবলৈ হৰিদ্বাৰলৈ যোৱাৰ কেইদিনমান পাছত গৃহমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল, কিন্তু কৃষক নেতা নৰেশ টিকাইটে তেওঁলোকক বাধা দিছিল। তেওঁলোক উভতি অহাৰ পাছত ৯ জুনৰ আগতে বিজেপি সাংসদ ব্ৰীজভূষণ সিঙক গ্ৰেপ্তাৰ কৰাৰ সময় নিৰ্ধাৰণ কৰি দিছিল৷ এতিয়ালৈকে, ব্ৰজ ভূষণৰ বিৰুদ্ধে দুখন এজাহাৰ দাখিল কৰা হৈছে আৰু তেওঁৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা