--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
গছ কটা কথাটো মুঠেই সহ্য কৰিব নোৱাৰে তেওঁ। গছত ঘাপ মৰাৰ শব্দ শুনিলেই তেওঁৰ দেহতে ঘাপ মৰা যেন লাগে। গছজোপা বাগৰি পৰাৰ শব্দ শুনিলেই তেওঁৰ কলিজাত বিষে শিপা মেলে। ভাল পায় তেওঁ গছক। ওহো, কেৱল ভাল পায় বুলি ক'লে ভুল হ’ব। তেওঁ দুর্দান্ত প্রেমিক প্ৰকৃতিৰ। অন্যায়ভাৱে ক'ৰবাত গছ কটাৰ কথা শুনিলে অকলেই তেওঁ তাৰ বিৰুদ্ধে যুঁজ দিয়ে। যিমান পাৰে সিমান মানুহক বুজাবলৈ যত্ন কৰে যে গছ থাকিলেহে মানুহ থাকিব...পৃথিৱী বাচিব। বুকুত গছপাতৰ দৰে সেউজীয়া হৃদয় এখন কঢ়িয়াই লৈ ফুৰা এই মানুহজনৰ নাম মাৰিমুথু যাগোনাথন। 

সৎ কাম কৰিবলৈ সৎ উদ্দেশ্যপ্রণোদিত এটি মনৰ খুবেই প্রয়োজন। কিছুমান মানুহে অকলেই সমাজত নিজ সৎ কৰ্মৰাজিৰে সুপ্ৰভাৱ পেলায় আৰু মানুহৰ অন্তৰতো স্থান লয় প্রেৰণাৰ প্রতীক ৰূপে। এখন বিশাল আৰু নিকা হৃদয়ৰ গৰাকী মাৰিমুথু যাগোনাথন। অসমৰ যাদৱ পায়েঙৰ দৰে ব্যক্তি তেওঁ। 

মাৰিমুথু বাস কৰে তামিলনাড়ু জিলাৰ কম্বাইটুৰত। বয়স ৫৪ বছৰ। পেছাত তেওঁ এগৰাকী বাছ কণ্ডাক্টৰ আৰু প্রকৃতিক সুৰক্ষা প্রদান কৰাটো মাৰিমুথুৰ নিচা। সমগ্র তামিলনাডুত মাৰিমুথু যাগোনাথন জনাজাত 'ট্রী মেন' নামেৰে। যোৱা ৩২ বছৰত তামিলনাডুৰ বিভিন্ন স্থানত যাগোনাথনে প্ৰায় ৪ লাখ গছ ৰােপণ কৰিছে। আশীৰ দশকত তেওঁ নীলগিৰি অঞ্চলত গছ কটা কাৰ্যৰ তীব্র বিৰােধিতা কৰি নিজা প্রচেষ্টাত সজাগতা অভিযান আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা এই কার্যক মাৰিমুথুৱে জীৱনৰ ব্ৰত হিচাপে লোৱাৰ সিদ্ধান্ত ল'লে। সাপ্তাহিক বন্ধ আৰু আজৰি সময় পালেই তেওঁ তামিলনাডুৰ বিভিন্ন স্থানত উপস্থিত হয় আৰু বৃক্ষৰোপণ কাৰ্য আৰম্ভ কৰি দিয়ে। 

তেওঁ আজৰি সময়ত বিশেষকৈ তামিলনাডুৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উপস্থিত হয়। গছ ৰোৱা আৰু পৰিৱেশ সজাগতা অভিযান চলোৱাৰ বাবে মাৰিমুথুৱে ৪ হাজাৰতকৈও অধিক শিক্ষানুষ্ঠান ভ্রমণ কৰিছে। যাগোনাথনৰ প্ৰচেষ্টাত তামিলনাডুৱে পিন্ধিলে যেন সেউজ অলংকাৰ...গাত মেৰিয়াই ল’লে সেউজীয়া চাদৰ। এটি শিশুক যেতিয়া তেওঁ গছপুলি ৰুবলৈ কয়, সেই শিশুটিৰ নামেৰেই গছপুলিটো মাৰিমুথুৱে নামকৰণ কৰে। নিজৰ ভাতৃ বা ভগ্নীৰ দৰেই গছপুলিটোক মৰম, আপডাল, যত্ন ল’বলৈ শিশুটিৰ মন-মগজুত তেওঁ কথাৰে ৰেখাপাত কৰে আৰু সঁচাকৈয়ে যিকোনো শিশুৱে মাৰিমুখুৰ কথা পালন নকৰাকৈ নাথাকে। 

দৈনিক পানী দি, সাৰ যােগান ধৰি গছপুলিটো জীয়াই ৰাখি এজোপা বৃহৎ গছলৈ ৰূপান্তৰ কৰাৰ পণ ল’বলৈ তেওঁ কয় শিশু তথা ছাত্র-ছাত্রীসকলক। কোনােবাই যদি এজোপা গছ কাটি ধ্বংসমুখী যাত্ৰা আৰম্ভ কৰে সেই স্থানতেই অথবা তাৰ আশে-পাশে মাৰিমুথু যাগোনাথনে দুজোপা গছ ৰুই সৃষ্টিমুখী যাত্ৰাৰ উন্মেষ ঘটায়। প্রকৃতিৰ দুৰ্ঘোৰ প্রেমিক মাৰিমুথুৰ বাবে প্ৰকৃতিয়ে তেওঁৰ অভিভাৱক... প্রকৃতিয়ে তেওঁৰ সন্তান। তেওঁৰ এই প্রকৃতি-প্রেমে সমাজকো প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছে। 

মাৰিমুথু যাগোনাথনৰ লগত এবাৰ মাত্ৰ কথা পাতিয়ে বা এবাৰ তেওঁৰ সংস্পৰ্শলৈ আহিলে এজন ব্যক্তিয়ে এজোপা হ’লেও গছ ৰােপণ নকৰাকৈ কেতিয়াও নাথাকে। সেউজ বিপ্লৱৰ গুৰি ধৰোতা এইগৰাকী ব্যক্তি তামিলনাডুবাসীৰ অতি আদৰৰ আৰু সন্মানীয়। এগৰাকী বাছ কণ্ডাক্টৰৰ দিনজোৰা খাটনি তথা কষ্ট সহজেই অনুমেয় আৰু লগত বিভিন্ন সংঘর্ষ সংগ্রামবােৰতাে আছেই। তাৰ পাছতাে নিঃস্বার্থভাৱে নিৰলস মনে তেওঁ কৰি গৈছে সমাজৰ কাম। তামিলনাডুৰ চাৰিওদিশে দুচকু জুৰ পেলােৱা সুশােভিত সেউজ পৰিৱেশ গঢ়ি তুলিছে মাৰিমুথুৱে। সেউজ বিপ্লৱৰ গুৰি ধৰোঁতা এইগৰাকী| তেওঁৰ জন্ম হৈছিল তামিলনাড়ৰ থানজাবুৰ জিলাৰ মায়াৱৰমত ১৯৬৯ চনত। এক অতি দুখীয়া পৰিয়ালৰ সন্তান আছিল তেওঁ। মাত্র ডেৰ বছৰ বয়সতে পিতৃক চিৰদিনৰ বাবে হেৰুৱাইছিল মাৰিমুথু যাগোনাথনে। বিভিন্ন সংঘর্ষ সংগ্ৰামৰ মাজেৰে জীৱনপাত কৰা মাৰিমুথু যাগোনাথন তামিলনাডুবাসীৰ অতি আদৰৰ আৰু সন্মানীয় ব্যক্তি। 

বিভিন্ন দল-সংগঠনে মাৰিমুথু যাগোনাথনক ন্যায্য সন্মান যাঁচিছে। তাৰ ভিতৰত অন্যতম তামিলনাডু চৰকাৰৰ ইক’ ৱাৰিয়ৰ এৱার্ড, চি এন এন আই বি এনৰ ৰীয়েল হিৰজ এৱার্ড, পেৰিয়াৰ এৱাৰ্ড, ট্রী মেন সন্মান, তামিলনাডু চৰকাৰৰ Suttru Suzhal Sevai Veerar এৱাৰ্ড ইত্যাদি। এই সেউজ মনটোৰ সেউজীয়া প্রচ্ছায়া ব্যাপ্ত হৈ পৰক আমাক সকলোৰে অন্তৰৰ ভিতৰে-বাহিৰে।

কস্তুৰী বৰঠাকুৰ








FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement