--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পশ্চিমবংগত সংঘটিত ৰে’ল দুৰ্ঘটনাত ৯ গৰাকী লোকৰ প্ৰাণহানি হৈছে৷ এনে সময়তে বহুতৰে মাজত আলোচনা হৈছে ৰে’লৰ টিকট কাটোতে থকা বীমাৰ সুবিধাৰ কথা।

 দুৰ্ঘটনা কাৰ , কেতিয়া হয় সেয়া কোনেও ক’ব নোৱাৰে। কিন্তু  ৰেল যাত্ৰীসকলে বিচাৰিলে টিকট কটাৰ সময়ত  বীমাৰ সুবিধাও লাভ কৰিব।  ৰে’লৰ টিকটত বীমাৰ সুবিধা লাভ কৰিবলৈ প্ৰতি খন টিকটত খৰচ কৰিব লাগিব মাত্ৰ ৩৫  পইচা।  যদি দুৰ্ভাগ্যবশতঃ ৰে’লখন দুৰ্ঘটনাত পতিত  হয়, যাত্ৰী বা তেওঁৰ পৰিয়ালে মৃত্যু বা আঘাতৰ বাবে সেই বীমাৰ পৰাই  ক্ষতিপূৰণ লাভ কৰিব। কিন্তু মনত ৰাখিব  যে দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ ক্ষেত্ৰত  ৰে’ল কাউণ্টাৰৰ পৰা কটা টিকটবোৰত এই  বীমাৰ সুবিধা পোৱা নাযায়। এই সুবিধাটো  আইআৰচিটিচিয়ে তেতিয়াহে আগবঢ়াব  যদিহে কোনোবাই অনলাইন টিকট ক্ৰয় কৰে।

অনলাইনত টিকট কটা  যাত্ৰীসকলে পৰিশোধ কৰিব লগা ৩৫ পইচাৰ ভিতৰত সকলো কৰ অন্তৰ্ভুক্ত থাকে। অৱশ্যে এই  বীমা বাধ্যতামূলক নহয়। এজন যাত্ৰীয়ে বিচাৰিলেহে এই সুবিধা লাভ কৰিব । অনলাইনত ৰে’লৰ টিকট ক্ৰয় কৰাৰ সময়ত বীমাৰ বাবে থকা এটা নিৰ্দিষ্ট বুটামত আপুনি "ক্লিক" কৰিব লাগিব।  যদি একে সময়তে এটাতকৈ অধিক টিকট কটা হয়, তেন্তে বাকী যাত্ৰীসকলে কেৱল এটা টিকট নিশ্চিত হ'লেই  বীমাৰ সুবিধা প্ৰাপ্ত কৰিব পাৰে। টিকট ক্ৰয় কৰাৰ পিছত  আই.আৰ.চি.টি.চি.-য়ে যাত্ৰীসকলক অনলাইনত দিয়া ম'বাইল নম্বৰত বীমা সম্পৰ্কীয় তথ্যৰ বিষয়ে জনায়।

ৰে’লৰ টিকটত বীমা কৰিলে কি লাভ হ’ব পাৰে? উত্তৰটো হৈছে ১০ লাখ টকাৰ ক্ষতিপূৰণ। ৰে'ল দুৰ্ঘটনাত বীমাকৃত যাত্ৰীৰ মৃত্যুৰ ক্ষেত্ৰত আইআৰচিটিচিয়ে প্ৰতিগৰাকী যাত্ৰীৰ পৰিয়ালক  ১০ লাখ টকা পৰিশোধ কৰিব। আনকি কোনো  যাত্ৰী দুৰ্ঘটনাত সম্পূৰ্ণৰূপে অক্ষম হৈ পৰিলেও তেওঁ ১০ লাখ টকা পাব। যদি আংশিকভাৱে অক্ষম হয় তেন্তে  ৭ লাখ ৫০ হাজাৰ  টকা লাভ কৰিব। লগতে বীমাৰ নিয়ম অনুসৰি  চিকিৎসালয়ত চিকিৎসাৰ বাবে ২ লাখ টকা দিয়া হয় । যদি ৰে’ল দুৰ্ঘটনাত কাৰোবাৰ মৃত্যু হয়, আইআৰচিটিচিয়ে মৃতদেহটো ঘৰলৈ পৰিবহন কৰাৰ ব্যয় হিচাপে ১০ হাজাৰ টকাও পৰিশোধ কৰাৰ নিয়ম আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু