--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্টাদশ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি “আনলকিং দ্য ফৰ্চ: ইউজিং ডকুমেণ্টৰী ফিল্মছ টু প্ৰমোট ছ’চিয়েল ট্ৰেন্সফৰ্মেচন” শীৰ্ষক  এক আকৰ্ষণীয় পেনেল আলোচনা অনুষ্ঠিত হয়। এই পেনেল আলোচনাত বিশিষ্ট  কানাড়া চলচ্চিত্ৰ পৰিচালক, অভিনেতা, প্ৰযোজক ড° টি এছ নাগাভাৰানাই অংশগ্ৰহণ কৰে। 


সামাজিক পৰিৱৰ্তনৰ অনুঘটক হিচাপে তথ্যচিত্ৰৰ অপৰিসীম সম্ভাৱনাক অন্বেষণ কৰা এই পেনেল আলোচনাত  তথ্যচিত্ৰৰ বিষয়সমূহে  সামাজিক  পৰিৱৰ্তনক আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুঘটকৰ দৰে ভূমিকা পালন কৰা বুলি নাগাভাৰানাই মত পোষণ কৰে। আলোচনাৰ আঁত ধৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ জেনেৰেল মেনেজাৰ শ্ৰী ডি ৰামকৃষ্ণনে।

পেনেল আলোচনাত  প্ৰখ্যাত তথ্যচিত্ৰ নিৰ্মাতা ড° টি এছ নাগাভাৰানাই চিনেমাক এক শক্তিশালী মাধ্যম হিচাপে গ্ৰহণ কৰাৰ  দায়িত্বৰ বিষয়ে  আলোকপাত কৰে। তেওঁ আঙুলিয়াই দিলে যে আধুনিক চিনেমাই প্ৰায়ে নিজকে "নো-মেন’ছ লেণ্ড"ত বিচাৰি পায়, য’ত মোবাইল কেমেৰা থকা যিকোনো ব্যক্তিয়েই ছবি নিৰ্মাণ কৰিব পাৰে। অৱশ্যে ছবি এখনৰ সফলতাৰ বাবে প্ৰয়োজনীয় কাৰকবোৰৰ বিষয়ে জানিবলৈ  "শিক্ষাত চিনেমা আৰু চিনেমাত শিক্ষা"ৰ গুৰুত্বৰ বিষয়তো তেওঁ জোৰ দিয়ে।


বিশিষ্ট  চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কয় যে  বৈশিষ্ট্যপূৰ্ণ ছবি আৰু তথ্যচিত্ৰ দুয়োটাই সামাজিক বাস্তৱবাদ প্ৰতিফলিত কৰে আৰু সমাজৰ সৈতে সেইবোৰ  একান্তভাবে জড়িত। তেওঁ চলচ্চিত্ৰ নিৰ্মাতাসকলে সাম্প্ৰতিক সামাজিক বিষয়সমূহ সন্দৰ্ভত সততে  অৱগত হৈ থকাৰ লগতে নিজৰ কামত সামাজিক প্ৰাসংগিকতাৰ দিশটো প্ৰতিফলিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। তেওঁ কয় “ডকুমেণ্টৰী হৈছে সামাজিক পৰিৱৰ্তনৰ কলাত্মক আহিলা। এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ বাবে সত্যক নেওচা দিয়াটো সহজ কথা নহয়। সত্য সদায় দৃশ্যমান নহ’বও পাৰে , ই প্ৰায়ে লুপ্ত অৱস্থাতে থাকে।’-তেওঁ মন্তব্য কৰে।

সাতবাৰৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ীগৰাকীয়ে স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ বাবে সঠিক সমৰ্থনৰ প্ৰয়োজনীয়তাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে আৰু তথ্যচিত্ৰত তথ্যকলৈ হেতালি খেলাৰ বিৰুদ্ধে সকীয়াই দিয়ে। তেওঁ কয়, “যদি আপুনি তথ্য নিজৰ মতে পুনৰ সৃষ্টি কৰে, তেন্তে সেয়া আৰু তথ্য হৈ নাথাকিব। ই তথ্যকলৈ হেতালি খেলাৰ দৰেহে হ’ব।” তেওঁ তথ্যচিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ ব্যক্তিগত দৃষ্টিভংগীক ফলপ্ৰসূভাৱে প্ৰকাশ কৰাৰ লগতে এক অনন্য তথা নান্দনিক জ্ঞানৰ অধিকাৰী হ’বলৈও আহ্বান জনায়।

চলচ্চিত্ৰ নিৰ্মাতাসকলে উপস্থাপন কৰা সত্যসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত সমাজে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ কথা স্বীকাৰ কৰি ড° টি এছ নাগাভাৰানাই ভাল তথা ইতিবাচক  চলচ্চিত্ৰ নিৰ্মাণৰ জৰিয়তে পৰিৱৰ্তন সাধন কৰাৰ পোষকতা কৰে। তেওঁ কোনো বিশেষ এজেণ্ডাৰে পৰিচালিত চলচ্চিত্ৰ নিৰ্মাণৰ বিৰুদ্ধেও সতৰ্ক কৰি দিয়ে। তেওঁৰ মতে কোনো বিশেষ এজেণ্ডাৰে পৰিচালিত চলচ্চিত্ৰই একো একোটা ভুৱা আখ্যানক সমাজৰ মাজলৈ লৈ যাব পাৰে। “দৃশ্যৰ ভাষা এটা বেলেগ দৃষ্টিভংগী, ই প্ৰায় কাব্যিক ভাষাৰ দৰেই। আজিৰ দৃশ্যৰ ভাষাই নিজকে সংস্কৃত ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব , প্ৰকৃত সত্যক ধৰি ৰাখিবলৈ কবিতা আৰু ৰাজনীতিক একেডাল সূতাৰে গাথিব লাগিব ,” তেওঁ কয় ।

ড° টি এছ নাগাভাৰানাই দৃঢ়তাৰে কয় যে চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত  উদ্দেশ্যৰ স্পষ্টতাই অস্পষ্টতা আৰু বিভ্ৰান্তিকৰ আখ্যানৰ পৰা দূৰৈত থাকি  ছবিৰ জড়িয়তে প্ৰকৃত  উদ্দেশ্য প্ৰকাশ কৰাটো নিশ্চিত কৰে। তেওঁ আৰু কয় যে অতীতৰ চিত্ৰনাট্যৰ বাধাবোৰ এতিয়া দূৰ হৈছে, অতীতত তথ্যচিত্ৰসমূহ ১০ মিনিটৰ ভিতৰতে সীমাবদ্ধ আছিল, এতিয়া গল্প কোৱাৰ বাবে ইয়াৰ সময় বঢ়াই নিব পাৰি। 


উদীয়মান প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰি বিশিষ্ট  চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰকে ধৰি দৃশ্য মাধ্যমৰ নতুন উদ্ভাৱনসমূহৰ ব্যৱহাৰৰ বিষয়তো আলোকপাত কৰে। তেওঁ সামাজিক পৰিৱৰ্তন সাধন কৰিবলৈ চলচ্চিত্ৰ নিৰ্মাণত প্ৰযুক্তিৰ সুসংহত ব্যৱহাৰৰ বিষয়ত গুৰুত্ব আৰোপ কৰে আৰু এই পৰিৱৰ্তনসমূহে পৰৱৰ্তী প্ৰজন্মক তেওঁলোকৰ ধাৰণা প্ৰকাশ কৰাত সহায়ক হোৱাকৈ এক নতুন দৃশ্য ভাষাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে।  তেওঁ কয় “বহুমাত্ৰিকভাৱে বিকশিত হ’বলৈ  বহু দিশৰ পৰা দক্ষ হ’ব লাগিব” ।

এন এফ ডি চিৰ জেনেৰেল মেনেজাৰ শ্ৰী ডি ৰামকৃষ্ণনে  জাতি বৈষম্য, লিংগ বৈষম্য, পৰিৱেশৰ অৱক্ষয়ৰ দৰে সমাজৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত তথ্যচিত্ৰসমূহে গ্ৰহণ কৰি অহা  গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ত  আলোকপাত  কৰে। তেওঁ উল্লেখ কৰে যে তথ্যচিত্ৰসমূহত বিষয়সমূহক উজ্জ্বল ৰূপত ফুটাই তোলা , মানুহৰ মনত সহানুভূতি জগাই তোলা আৰু ইতিবাচক কাৰ্য্যক অনুপ্ৰাণিত কৰাৰ  ক্ষমতা নিহিত হৈ থাকে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ