--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "অৱশেষত পোপে ঈশ্বৰক লগ পোৱাৰ সুযোগ পালে!" কেৰালা কংগ্ৰেছে এক্সত কৰা এই পোষ্টটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এনে প্ৰতিক্ৰিয়াৰ মাজতে কেৰালা কংগ্ৰেছে পোষ্টটো ডিলিট কৰিছে৷   ডিলিট হোৱা পোষ্টটোত  প্ৰধানমন্ত্ৰী মোদী  আৰু পোপৰ ফটো আছিল। মোদীয়ে পূৰ্বে কৈছিল  যে  তেওঁক এটা নিৰ্দিষ্ট কাৰণত “ভগৱানে পঠিয়াইছে”। তেওঁৰ জন্ম জৈৱিক নহয়৷ 

ইটালীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পোপ ফ্ৰান্সিছে  জি ৭ সন্মিলনৰ সময়ত লগালগি হৈছিল৷ তেতিয়াই তোলা এখন ফটো পোষ্ট কৰি  কেৰালা কংগ্ৰেছে লিখিছিল "অৱশেষত পোপে ঈশ্বৰক লগ পোৱাৰ সুযোগ পালে!" কিন্তু প্ৰতিক্ৰিয়া হোৱাৰ পিছতে পোষ্টটো ডিলিট কৰা হয় আৰু কেৰালা কংগ্ৰেছে পোষ্টটোৰ বাবে ক্ষমাও বিচাৰে৷ 


কংগ্ৰেছে পোপ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োকে অপমান কৰা বুলি দাবী কৰি বিজেপিয়ে সেই  টুইটটোৰ বিৰোধিতা কৰিছিল৷

কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে এক্সত লিখিছে, "উগ্ৰ ইছলামিক বা আৰ্বান নক্সালৰ দ্বাৰা পৰিচালিত যেন লগা কেৰালা কংগ্ৰেছৰ 'এক্স' হেণ্ডলে জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে অপমানজনক  বিষয়বস্তু পোষ্ট কৰি আছে। এতিয়া, আনকি সন্মানীয় পোপকো উপহাস কৰিবলৈ এৰা নাই।" 

বিজেপিৰ আই টি চেলৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱিয়াই কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, কেথলিক ছোনিয়া গান্ধীৰ পৰাও ক্ষমা বিচাৰে, কংগ্ৰেছৰ আন ধৰ্মক হেয়জ্ঞান কৰাৰ ইতিহাস আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু