--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "অৱশেষত পোপে ঈশ্বৰক লগ পোৱাৰ সুযোগ পালে!" কেৰালা কংগ্ৰেছে এক্সত কৰা এই পোষ্টটোৱে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এনে প্ৰতিক্ৰিয়াৰ মাজতে কেৰালা কংগ্ৰেছে পোষ্টটো ডিলিট কৰিছে৷   ডিলিট হোৱা পোষ্টটোত  প্ৰধানমন্ত্ৰী মোদী  আৰু পোপৰ ফটো আছিল। মোদীয়ে পূৰ্বে কৈছিল  যে  তেওঁক এটা নিৰ্দিষ্ট কাৰণত “ভগৱানে পঠিয়াইছে”। তেওঁৰ জন্ম জৈৱিক নহয়৷ 

ইটালীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পোপ ফ্ৰান্সিছে  জি ৭ সন্মিলনৰ সময়ত লগালগি হৈছিল৷ তেতিয়াই তোলা এখন ফটো পোষ্ট কৰি  কেৰালা কংগ্ৰেছে লিখিছিল "অৱশেষত পোপে ঈশ্বৰক লগ পোৱাৰ সুযোগ পালে!" কিন্তু প্ৰতিক্ৰিয়া হোৱাৰ পিছতে পোষ্টটো ডিলিট কৰা হয় আৰু কেৰালা কংগ্ৰেছে পোষ্টটোৰ বাবে ক্ষমাও বিচাৰে৷ 


কংগ্ৰেছে পোপ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োকে অপমান কৰা বুলি দাবী কৰি বিজেপিয়ে সেই  টুইটটোৰ বিৰোধিতা কৰিছিল৷

কেৰেলা বিজেপিৰ সভাপতি কে সুৰেন্দ্ৰনে এক্সত লিখিছে, "উগ্ৰ ইছলামিক বা আৰ্বান নক্সালৰ দ্বাৰা পৰিচালিত যেন লগা কেৰালা কংগ্ৰেছৰ 'এক্স' হেণ্ডলে জাতীয়তাবাদী নেতাৰ বিৰুদ্ধে অপমানজনক  বিষয়বস্তু পোষ্ট কৰি আছে। এতিয়া, আনকি সন্মানীয় পোপকো উপহাস কৰিবলৈ এৰা নাই।" 

বিজেপিৰ আই টি চেলৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱিয়াই কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী, কেথলিক ছোনিয়া গান্ধীৰ পৰাও ক্ষমা বিচাৰে, কংগ্ৰেছৰ আন ধৰ্মক হেয়জ্ঞান কৰাৰ ইতিহাস আছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ