--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

কম বেছি পৰিমাণে সকলোৰে  ৰে'লত ভ্ৰমণ কৰাৰ অভিজ্ঞতা আছে৷  এই অভিজ্ঞতাবোৰ বিচিত্ৰ৷ ব্যয় যথেষ্ট সীমিত বাবে বহুতে ৰে'ল যাত্ৰাক পছন্দ কৰে৷ আনহাতে যাত্ৰী অধিক বাবে  ৰে'ল যাত্ৰাত  তুলনামূলকভাৱে সমস্যাও অধিক হয়৷ 

এনে নানান সমস্যাৰ ভিতৰত  যাত্ৰী সকল সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হ’ল-আসন কেন্দ্ৰীক৷  কিন্তু আসনক লৈ ৰে'ল যাত্ৰী সকল আৰু সমস্যাৰ সন্মুখীন নহ’ব৷ ভাৰতীয় ৰে'লৱেয়ে  যাত্ৰী সকলৰ সুবিধাৰ্থে হাতত লৈছে এক বিশেষ পদক্ষেপ৷

দেখা যায় যে পূৰ্বতেই ৰে'লৰ আসন বুক কৰি থোৱাৰ পিছতো আন যাত্ৰীয়ে সেই আসন বলপূৰ্বকভাৱে দখল কৰি থাকে৷ হাজাৰ অনুৰোধৰ পিছতো বুক কৰি থোৱা ব্যক্তিজনক আসন এৰি নিদিয়ে৷ কিন্তু এতিয়াৰ পৰা আৰু কোনো যাত্ৰী তেনে সমস্যাৰ সন্মুখীন হ’ব নালাগে৷ ভাৰতীয় ৰে'লৱেৰ ওচৰত অভিযোগ দাখিল কৰি সহজেই আপুনি  আপোনাৰ আসন খালী কৰিব পাৰিব।

এনেধৰণৰ আসন সম্পৰ্কীয় অভিযোগ দাখিল কৰিবলৈ হ’লে আপুনি প্ৰথমে ৰে'লৱেৰ ৱেবছাইটত ক্লিক কৰিব লাগিব৷ ৰে'লৱেৰ এই ৱেবচাইটটো হৈছে- https://railmadad.indianrailways.gov.in ৷
ৱেবচাইটটো খোলাৰ পিছত আপুনি  ম'বাইল নম্বৰ আৰু আপোনাৰ  বিতং তথ্য দাখিল কৰিব লাগিব৷ তাৰ পিছত আপুনি অ’টিপি প্ৰেৰণ কৰক বুলি উল্লেখ থকা ঠাইত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত  আপুনি  টিকট বুকিংৰ পি এন আৰ নম্বৰ সংলগ্ন কৰিব লাগিব আৰু ইয়াৰ পিছতে  অভিযোগ বাছনি কৰিব পাৰিব। লগতে আপুনি ইয়াত ঘটনাটোৰ তাৰিখ বাছনি কৰিব লাগিব। আপুনি বিচাৰিলে আপোনাৰ অভিযোগটো বিতংভাৱেও লিখিব পাৰে। ইয়াৰ  পিছত চাবমিট বুটামত ক্লিক কৰিলে ভাৰতীয় ৰে'লৱেই সোনকালেই আপোনাৰ সমস্যাৰ  সমাধান কৰিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু