--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

কম বেছি পৰিমাণে সকলোৰে  ৰে'লত ভ্ৰমণ কৰাৰ অভিজ্ঞতা আছে৷  এই অভিজ্ঞতাবোৰ বিচিত্ৰ৷ ব্যয় যথেষ্ট সীমিত বাবে বহুতে ৰে'ল যাত্ৰাক পছন্দ কৰে৷ আনহাতে যাত্ৰী অধিক বাবে  ৰে'ল যাত্ৰাত  তুলনামূলকভাৱে সমস্যাও অধিক হয়৷ 

এনে নানান সমস্যাৰ ভিতৰত  যাত্ৰী সকল সন্মুখীন হোৱা এটা প্ৰধান সমস্যা হ’ল-আসন কেন্দ্ৰীক৷  কিন্তু আসনক লৈ ৰে'ল যাত্ৰী সকল আৰু সমস্যাৰ সন্মুখীন নহ’ব৷ ভাৰতীয় ৰে'লৱেয়ে  যাত্ৰী সকলৰ সুবিধাৰ্থে হাতত লৈছে এক বিশেষ পদক্ষেপ৷

দেখা যায় যে পূৰ্বতেই ৰে'লৰ আসন বুক কৰি থোৱাৰ পিছতো আন যাত্ৰীয়ে সেই আসন বলপূৰ্বকভাৱে দখল কৰি থাকে৷ হাজাৰ অনুৰোধৰ পিছতো বুক কৰি থোৱা ব্যক্তিজনক আসন এৰি নিদিয়ে৷ কিন্তু এতিয়াৰ পৰা আৰু কোনো যাত্ৰী তেনে সমস্যাৰ সন্মুখীন হ’ব নালাগে৷ ভাৰতীয় ৰে'লৱেৰ ওচৰত অভিযোগ দাখিল কৰি সহজেই আপুনি  আপোনাৰ আসন খালী কৰিব পাৰিব।

এনেধৰণৰ আসন সম্পৰ্কীয় অভিযোগ দাখিল কৰিবলৈ হ’লে আপুনি প্ৰথমে ৰে'লৱেৰ ৱেবছাইটত ক্লিক কৰিব লাগিব৷ ৰে'লৱেৰ এই ৱেবচাইটটো হৈছে- https://railmadad.indianrailways.gov.in
ৱেবচাইটটো খোলাৰ পিছত আপুনি  ম'বাইল নম্বৰ আৰু আপোনাৰ  বিতং তথ্য দাখিল কৰিব লাগিব৷ তাৰ পিছত আপুনি অ’টিপি প্ৰেৰণ কৰক বুলি উল্লেখ থকা ঠাইত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত  আপুনি  টিকট বুকিংৰ পি এন আৰ নম্বৰ সংলগ্ন কৰিব লাগিব আৰু ইয়াৰ পিছতে  অভিযোগ বাছনি কৰিব পাৰিব। লগতে আপুনি ইয়াত ঘটনাটোৰ তাৰিখ বাছনি কৰিব লাগিব। আপুনি বিচাৰিলে আপোনাৰ অভিযোগটো বিতংভাৱেও লিখিব পাৰে। ইয়াৰ  পিছত চাবমিট বুটামত ক্লিক কৰিলে ভাৰতীয় ৰে'লৱেই সোনকালেই আপোনাৰ সমস্যাৰ  সমাধান কৰিব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী