--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তানৰ সুৰক্ষাৰ বাবে এগৰাকী মাতৃয়ে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান ল’ব পাৰে। মধ্যপ্ৰদেশৰ এগৰাকী মহিলাই এনে এক কাম কৰিলে যাৰ বীৰত্বৰ বিষয়ে সমগ্ৰ দেশতে চৰ্চা চলিছে। উমৰিয়া জিলাৰ বাসিন্দা এগৰাকী মহিলাই নিজৰ ১৫ মহীয়া সন্তানক বচাবলৈ বাঘৰ সৈতে সংঘৰ্ষ কৰি সাহসৰ পৰিচয় দিয়ে। ভোকাতুৰ বাঘটোৱে শিশুটিক খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ চেষ্টা কৰাৰ সময়তে মাতৃগৰাকীয়ে বাঘটোৰ সৈতে যুঁজিবলৈ জপিয়াই পৰে। 

এই ঘটনাটো সংঘটিত হৈছে উমৰীয়া জিলাৰ বান্ধৱগড় টাইগাৰ ৰিজাৰ্ভৰ ৰোহনীয়া গাঁৱত। ইয়াত এগৰাকী ২৫ বছৰীয়া মহিলাই নিজৰ সন্তানৰ জীৱন ৰক্ষাৰ বাবে এনে এক কাম কৰিলে, যিটো সমগ্ৰ প্ৰশাসনে লগ লাগিও কৰিব নোৱাৰিলে। বাঘটোৱে ১৫ মহীয়া শিশুটিক চোঁচৰাই লৈ গৈছিল। মাতৃয়ে লগে লগে বাঘটোৰ মুখৰ পৰা শিশুটিক বচাই আনিবলৈ নিজৰ জীৱনকো তুচ্চ জ্ঞান কৰি জপিয়াই পৰে। পুত্ৰক বচাবলৈ চেষ্টা কৰোতে বাঘটোৱে তেওঁকো আক্ৰমণ কৰিছিল।

মহিলাগৰাকীয়ে নিজৰ সন্তানক বচাবলৈ চেষ্টা অব্যাহত ৰাখিলে। তেওঁ কোনো প্ৰকাৰে বাঘটোক এৰি নিদিলে। সেই সময়ত তেওঁৰ হুলস্থুল শুনি গাঁৱৰ একাংশ লোক তাত উপস্থিত হ’ল। গাঁওবাসীয়ে বাঘটো খেদি ফুৰাত শিশুটিক এৰি বাঘটোৱে হাবিলৈ পলায়ন কৰে। মহিলাগৰাকীৰ স্বামী ভোলা প্ৰসাদে জনোৱা মতে, পত্নীয়ে কঁকাল, হাত আৰু পিঠিত আঘাত পোৱাৰ বিপৰীতে পুত্ৰই মূৰ আৰু পিঠিত আঘাত পাইছে। বনৰক্ষী ৰাম সিং মাৰ্কোৱে জনোৱা মতে, ততাতৈয়াকৈ মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক মানপুৰস্থিত স্বাস্থ্যকেন্দ্ৰত প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰি তাৰপাছত উমৰিয়াৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ৰাম সিঙে জনোৱা মতে, বন বিভাগৰ এটা দলে বাঘটোৰ সন্ধান উলিয়াবলৈ চেষ্টা চলাই আছে। উমৰিয়া জিলা দণ্ডাধীশ সঞ্জীৱ শ্ৰীবাস্তৱে জিলা চিকিৎসালয়ত মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰক সাক্ষাৎ কৰে। দুয়োজনকে চিকিৎসাৰ বাবে জব্বলপুৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বনাঞ্চলত বসবাস কৰা গাঁওবাসীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি জিলা দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াৰ লগতে তেওঁ বিষয়াসকলক অতি সোনকালে বাঘটোৰ স্থান নিৰ্ণয় কৰিবলৈ নিৰ্দেশ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী