--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমাপ্ত হ’ল আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ আগশাৰীৰ শৃংখলা এছিয়া কাপ৷অষ্টমবাৰৰ বাবে ভাৰতে ৰোহিত শৰ্মাৰ নেতৃত্বত এছিয়া কাপৰ বিজয় মুকুট নিজৰ কৰে৷এছিয়া কাপৰ সমাপ্তিৰ পাছত এতিয়া বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতত অনুষ্ঠিত হ'বলগীয়া আইচিচিৰ এদিনীয়া বিশ্বকাপত৷ইপিনে আইচিচিয়ে এদিনীয়া বিশ্বকাপৰ খেলৰ কথা ঘোষণা কৰাৰ পাছতে বিৰোধী দলৰ একাংশ নেতাই সময়সূচীত ৰাজনৈতিক হস্তক্ষেপৰ ইংগিত দিছে যাৰ ফলত আহমেদাবাদে ডাঙৰ মেচ অনুষ্ঠিত কৰিবলৈ পোৱাৰ বিপৰীতে বিৰোধী নেতাসকলৰ গৃহ ৰাজ্যসমূহৰ ষ্টেডিয়ামক স্থান নিদিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। খেলখন হ’বলগীয়া মুঠ ১০টা স্থান হৈছে-- হায়দৰাবাদ, আহমেদাবাদ, ধৰমশালা, দিল্লী, চেন্নাই, লক্ষ্ণৌ, পুনে, বেংগালুৰু, মুম্বাই আৰু কলকাতা।

কিছুদিনৰ পূৰ্বে টুইটাৰত জ্যেষ্ঠ কংগ্ৰেছ নেতা শশী থাৰুৰে কয় যে, “ভাৰতৰ শ্ৰেষ্ঠ ক্ৰিকেট ষ্টেডিয়াম হিচাপে বহুতে প্ৰশংসা কৰা তিৰুৱনন্তপুৰমৰ নাম তালিকাৰ পৰা নোহোৱা হোৱাটো দেখি হতাশ হৈছো।আহমেদাবাদ দেশৰ নতুন ক্ৰিকেটৰ ৰাজধানী হৈ পৰিছে, কিন্তু কেৰালাক এখন বা দুখন মেচ আবণ্টন নিদিলে?”

পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী গুৰমীত সিং মিট হায়েৰে ২০২৩ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে প্ৰকাশিত সূচীত আয়োজক চহৰৰ তালিকাৰ পৰা মোহালীক বাদ দিয়া কাৰ্যক গৰিহণা দিয়ে।তেওঁ এই সিদ্ধান্তক ৰাজনৈতিক কাৰণত অনুপ্ৰাণিত বুলি অভিহিত কৰি কয় যে মুখ্যমন্ত্ৰী ভগৱন্ত মান নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই “বৈষম্য”ৰ বিষয়টো উত্থাপন কৰিব।লগতে তেওঁ কয় যে ১৯৯৬ আৰু ২০১১ চনৰ বিশ্বকাপৰ ছেমি ফাইনেলকে ধৰি কেইবাখনো হাই-প্ৰফাইল মেচ মোহালী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল যদিও এইবাৰ কোনো মেচ আয়োজন কৰিবলৈ এই ষ্টেডিয়ামক অন্তৰ্ভুক্ত কৰা হোৱা নাই।তেওঁ অভিযোগ কৰে যে বিচিচিআইৰ কাম-কাজত “ৰাজনৈতিক হস্তক্ষেপ” বৃদ্ধি পাইছে। আৰু "সকলোৱে জানে কোনে বিচিচিআইৰ নেতৃত্ব দিছে"।

ধৰমশালাত পাঁচখন খেল অনুষ্ঠিত হ’ব বুলি আঙুলিয়াই দি হায়েৰে কয় যে ''সকলো ফালৰ পৰা মোহালী বহুত ডাঙৰ ষ্টেডিয়াম আৰু পঞ্জাৱত এনে খেল আয়োজনৰ বাবে উন্নত সুবিধা আছে যদিও ইয়াক আওকাণ কৰা হৈছে।''

অহা ৫ অক্টোবৰৰ পৰা আহমেদাবাদ ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ড আৰু ৰানাৰ্ছ আপ নিউজিলেণ্ডৰ মাজত সংঘৰ্ষ হ’ব।মঙলবাৰে ঘোষণা কৰা সূচী অনুসৰি মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়াম আৰু কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই মেগা ইভেণ্টৰ দুখন ছেমিফাইনেল৷

এইবাৰৰ বিশ্বকাপত ১০টা দলে অংশগ্ৰহণ কৰিব। আয়োজক হিচাপে ভাৰতে পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিছে, লগতে আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড, বাংলাদেশ, নিউজিলেণ্ড, পাকিস্তান, আৰু দক্ষিণ আফ্ৰিকাই ২০২০-২০২৩ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপ ছুপাৰ লীগৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিছে।আৰু আন দুটা দল হ’ব -শ্ৰীলংকা আৰু নেদাৰলেণ্ডছ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা