--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান গুলীবিদ্ধ হৈছে৷ যদিও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী গুলীবিদ্ধ হৈছে, তথাপি বৰ্তমান তেওঁ সংকটমুক্ত৷ এটা ৰেলীত অংশ লোৱাৰ পাছত গুলীচালনাৰ পাছত আহত হৈছিল ইমৰাণ খান৷ 

অচিনাক্ত আক্ৰমণকাৰীয়ে আজি ৱাজিৰাবাদত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক কঢ়িয়াই নিয়া কন্টেইনাৰ-মাউণ্টেড-ট্ৰাকত গুলীচালনা কৰে। খবৰ অনুসৰি ইমৰান খান সামান্য আঘাতপ্ৰাপ্ত হৈছে। ইমৰান খানে ইছলামাবাদত চৰকাৰ বিৰোধী প্ৰতিবাদী সমদলৰ নেতৃত্ব দি আছে। পিটিআইৰ ফাৰুক হাবিবে টুইটাৰত কয়, ইমৰাণ খান আঘাতপ্ৰাপ্ত হৈছে, আল্লাই তেওঁক সুৰক্ষা দিয়ক, সমগ্ৰ ৰাষ্ট্ৰই ইমৰান খানৰ জীৱনৰ বাবে প্ৰাৰ্থনা কৰা উচিত।

আন এজন পিটিআই নেতা আজহাৰ মাশ্বৱানীয়ে কৈছে যে ইতিমধ্যে অপৰাধীজনক গ্ৰেপ্তাৰ কৰা হৈছে। ইমৰান খান চাহাব সুৰক্ষিত। গ্ৰাউণ্ড দলৰ মতে অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে।

ঘটনাটো আল্লাহু চক ৱাজিৰাবাদৰ ওচৰত সংঘটিত হৈছিল বুলি মাশ্বানীয়ে টুইটাৰত উল্লেখ কৰিছে৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক