--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ এবাৰ চৰ্চাত এ‌লিয়েন। সময়ে সময়ে এলিয়েনক লৈ নানা ৰূপকথাৰ বৰ্ণনা শুনিবলৈ পোৱা যায়। কেৱল শুনাই নহয়, নানা প্ৰসংগই বিশেষভাৱে ক্ৰিয়া কৰাও দেখা যায়। পৃথিৱীত এলিয়েন আহিছে আৰু গৈছে। কিন্তু কিবা কাৰণত এই তথ্যবোৰ লুকুওৱা হৈছে বুলি দাবী একাংশৰ। পৃথিৱীত এলিয়েনৰ অৱস্থানৰ প্ৰমাণৰ কথা মাজে মাজে পোহৰলৈ আহিছে। তেনেস্থলত কি হ’ব এই ভিন্নগ্ৰহী বোৰৰ? জীৱশ্ৰেষ্ঠৰ সৈতে এলিয়েনৰ এলিয়েনৰ এই সহবাস  কিমানদূৰ গ্ৰহণযোগ্য তাকে লৈ পুনৰ চলিছে গুণাগঁথা।

ষড়যন্ত্ৰ তত্ত্ববিদসকলৰ মতে, শেহতীয়াকৈ বিশ্বৰ বহু ঠাইত UFO দেখিবলৈ পোৱা গৈছে। কেৱল দেখা পোৱাই নহয়, ভিন্নগ্ৰহীৰ সংস্পৰ্শলৈ অহা একাংশ ব্যক্তিয়ে তেওঁলোকৰ অভিজ্ঞতাৰ কথা শ্বেয়াৰ কৰাও দেখিবলৈ পোৱা গৈছে। মুঠতে এই গ্ৰহত এলিয়েনৰ অপাৰ্থিৱ উপস্থিতিৰ প্ৰমাণ পোৱা গৈছে।

পিছে কি এই প্ৰমাণ?

শেহতীয়াকৈ টনী ৰড্ৰিগেজ নামৰ এজন ব্যক্তিয়ে এলিয়েনৰ কবলত পৰাৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে। তেওঁৰ এই মন্তব্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। তেওঁ এটা প’ডকাষ্টত এই মন্তব্য কৰিছে। ৰড্ৰিগেজে দাবী কৰে যে, তেওঁক ১০ বছৰ বয়সতে এলিয়েনে বন্দী কৰিছিল। তেওঁক তেওঁলোকৰ জিম্মাত লোৱাৰ পিছত  ৰড্ৰিগেজৰ শৰীৰত বিভিন্ন বস্তু ইনজেক্ট কৰি চলাইছিল এলানি পৰীক্ষা। জানিবলৈ পোৱা মতে, তেওঁ এটা ফাৰ্ম হাউছত বাস কৰিছিল যেতিয়া তেওঁ এলিয়েনৰ কবলত পৰিছিল। এলিয়েনবোৰে সেইদিনা তেওঁক ধৰিবলৈ আহিছিল উজ্জ্বল নীলা কাপোৰ পিন্ধি সেই কথাও মনত আছে ৰড্ৰিগেজৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি