--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ পিতৃ হ’ল টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্ক। এক প্ৰতিবেদনত দাবী কৰা অনুসৰি ইলন মাস্ক বৰ্তমান ৯ সন্তানৰ পিতৃ। জানিবলৈ পোৱা মতে,  ২০২১ চনৰ নৱেম্বৰ মাহত ইলন মাস্কৰ ব্ৰেইন-চিপ ষ্টাৰ্টআপ নিউৰালিংকৰ শীৰ্ষ কাৰ্যবাহী শিৱন জিলিছে যমজ সন্তান জন্ম দিছিল। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, এই যমজ সন্তানৰ পিতৃৰ নাম ইলন মাস্ক। ইলন আৰু জিলিছে এপ্ৰিল মাহত যমজ সন্তানৰ নাম সলনিৰ বাবে আবেদন দাখিল কৰিছিল। তাৰ পিছতে এই যমজ সন্তানৰ খবৰ বিয়পি পৰে সৰ্বত্ৰে।

শিৱন জিলিছ নিউৰালিংকৰ পৰিচালনা আৰু বিশেষ প্ৰকল্পৰ সঞ্চালক। ইলন মাস্ক এই সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। ২০১৬ চনৰ পৰা কোম্পানীটোত কাম কৰি আহিছে জিলিছে। সেই সময়ত তেওঁক টেছলাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ এটা প্ৰকল্পৰ পৰিচালক হিচাপেও মনোনীত কৰা হৈছিল। ২০১৯ চনলৈকে তেওঁ তাত কাম কৰিছিল। জিলিছে ইয়েল বিশ্ববিদ্যালয়ত অৰ্থনীতি আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰিছিল।

বৰ্তমান ইলন মাস্কৰ মুঠ সন্তানৰ সংখ্যা ৯। কানাডাৰ গায়ক গ্ৰাইমছৰ সৈতে মাস্কৰ দুটা সন্তান আৰু তেওঁৰ প্ৰাক্তন পত্নী কানাডাৰ লেখক জাষ্টিন উইলছনৰ সৈতে পাঁচটা সন্তান আছে। মাস্ক আৰু গ্ৰেম ইজনে সিজনৰ পৰা সম্পূৰ্ণৰূপে পৃথক হোৱা নাছিল। বিগত ডিচেম্বৰ মাহত ছেৰ’গেছীৰ জৰিয়তে তেওঁলোকৰ দ্বিতীয় সন্তানে জন্মলাভ কৰে। ইলন মাস্ক আৰু গ্ৰাইমছৰ প্ৰতিনিধিৰ জৰিয়তে মাস্কৰ যমজ সন্তান জন্ম হৈছিল তেওঁলোকৰ দ্বিতীয় সন্তানে জন্মলাভ কৰাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বেই জন্ম হয় এই যমজ সন্তানৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক