--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ পিতৃ হ’ল টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্ক। এক প্ৰতিবেদনত দাবী কৰা অনুসৰি ইলন মাস্ক বৰ্তমান ৯ সন্তানৰ পিতৃ। জানিবলৈ পোৱা মতে,  ২০২১ চনৰ নৱেম্বৰ মাহত ইলন মাস্কৰ ব্ৰেইন-চিপ ষ্টাৰ্টআপ নিউৰালিংকৰ শীৰ্ষ কাৰ্যবাহী শিৱন জিলিছে যমজ সন্তান জন্ম দিছিল। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, এই যমজ সন্তানৰ পিতৃৰ নাম ইলন মাস্ক। ইলন আৰু জিলিছে এপ্ৰিল মাহত যমজ সন্তানৰ নাম সলনিৰ বাবে আবেদন দাখিল কৰিছিল। তাৰ পিছতে এই যমজ সন্তানৰ খবৰ বিয়পি পৰে সৰ্বত্ৰে।

শিৱন জিলিছ নিউৰালিংকৰ পৰিচালনা আৰু বিশেষ প্ৰকল্পৰ সঞ্চালক। ইলন মাস্ক এই সংস্থাটোৰ সহ-প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। ২০১৬ চনৰ পৰা কোম্পানীটোত কাম কৰি আহিছে জিলিছে। সেই সময়ত তেওঁক টেছলাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ এটা প্ৰকল্পৰ পৰিচালক হিচাপেও মনোনীত কৰা হৈছিল। ২০১৯ চনলৈকে তেওঁ তাত কাম কৰিছিল। জিলিছে ইয়েল বিশ্ববিদ্যালয়ত অৰ্থনীতি আৰু দৰ্শন বিষয়ত অধ্যয়ন কৰিছিল।

বৰ্তমান ইলন মাস্কৰ মুঠ সন্তানৰ সংখ্যা ৯। কানাডাৰ গায়ক গ্ৰাইমছৰ সৈতে মাস্কৰ দুটা সন্তান আৰু তেওঁৰ প্ৰাক্তন পত্নী কানাডাৰ লেখক জাষ্টিন উইলছনৰ সৈতে পাঁচটা সন্তান আছে। মাস্ক আৰু গ্ৰেম ইজনে সিজনৰ পৰা সম্পূৰ্ণৰূপে পৃথক হোৱা নাছিল। বিগত ডিচেম্বৰ মাহত ছেৰ’গেছীৰ জৰিয়তে তেওঁলোকৰ দ্বিতীয় সন্তানে জন্মলাভ কৰে। ইলন মাস্ক আৰু গ্ৰাইমছৰ প্ৰতিনিধিৰ জৰিয়তে মাস্কৰ যমজ সন্তান জন্ম হৈছিল তেওঁলোকৰ দ্বিতীয় সন্তানে জন্মলাভ কৰাৰ মাত্ৰ কেইসপ্তাহমান পূৰ্বেই জন্ম হয় এই যমজ সন্তানৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ