--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হজৰত মহম্মদক লৈ বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাই কৰা মন্তব্যৰ সৈতে জড়িত বিতৰ্কৰ কিছুদিন পিছতে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত স্থাপিত দুটা হেকাৰ গ্রুপে  ভাৰতীয় ৱেবছাইটত চাইবাৰ আক্ৰমণৰ আশ্ৰয় লয়। আহমেদাবাদ চাইবাৰ অপৰাধ গ্রুপৰ মতে, দুয়োটা গোটে ভাৰতত দুশৰো অধিক ৱেবছাইট হেক কৰা বুলি দাবী কৰিছে। নুপুৰ শৰ্মাৰ  বৃহৎ পৰিমাণৰ তথ্যকে আদি কৰি অন্ধ্ৰপ্ৰদেশৰ পৰা অহা নাগৰিসকলৰ লগতে আৰক্ষী কৰ্মীৰ পেন কাৰ্ডৰ সবিশেষ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ভয়ংকৰ ছাইবাৰ আক্ৰমণ সংঘটিত কৰিছে মালয়েছিয়াৰ ‘ড্ৰেগন ফ’ৰ্চ’ আৰু ইণ্ডোনেছিয়াৰ ‘হেক্টিভিষ্ট' নামৰ হেকাৰ গ্রুপে। দুয়োটা সংগঠনে টুইটাৰৰ জৰিয়তে তেওঁলোকেই ভাৰতৰ বিৰুদ্ধে এই সফল চাইবাৰ আক্ৰমণ সংঘটিত কৰা বুলি স্বীকাৰ কৰিছে। টুইটাৰত ড্ৰেগন ফ’ৰ্চে লিখিছে— ‘সমগ্ৰ বিশ্বৰ সকলো মুছলিম হেকাৰলৈ এয়া জৰুৰী আহ্বান। বিশ্বৰ মানৱাধিকাৰ সংগঠন আৰু বিভিন্ন আন্দোলনকাৰীক আমি ভাৰতৰ বিৰুদ্ধে চলোৱা চাইবাৰ আক্ৰমণৰ ক্ষেত্ৰত একত্ৰিত হ'বলৈ অনুৰোধ জনালোঁ। ভাৰতত ইছলামৰ বিৰুদ্ধে কি কি ঘটনা সংঘটিত হৈ আছে সেয়া সকলোৱে জনা প্রয়োজন। প্রত্যেক মুছলিম সংগঠন, হেকাৰ, মানৱাধিকাৰ সংগঠনে ভাৰতত ইছলামৰ বিৰুদ্ধে সংঘটিত হৈ থকা অপৰাধৰ বিষয়ে ব্যাপকভাৱে প্ৰচাৰ চলাওক। ইছলাম ধৰ্মাৱলম্বীৰ প্ৰতি ভাৰতে সন্ত্ৰাসবাদীৰ দৰে কৰা আচৰণ, অপৰাধমূলক পদক্ষেপ উন্মোচন কৰক।

ইফালে আহমেদাবাদৰ চাইবাৰ ক্ৰাইমে দুটা হেকিং গ্ৰুপৰ কিছুমান আই পি ঠিকনা অনুসন্ধান কৰি ইণ্টাৰপ’লৰ সৈতে সবিশেষ শ্বেয়াৰ কৰিছে। ইয়াৰ উপৰিও ইণ্ডোনেছিয়াৰ ১০০টাতকৈও অধিক,মালয়েছিয়াৰ ৭০টাতকৈ অধিক  আৰু ৮০টাতকৈ অধিক ভাৰতীয় চৰকাৰী ৱেবছাইটত ৱাগ (চফ্টৱেৰত পোৱা ক্ৰুতি) পোৱা গৈছিল ।

 চাইবাৰক্ৰাইমৰ ডিচিপি অমিত ভাছাভাই কয়, "চাইবাৰ ৱাৰফেয়াৰ ( Cyberwarfare)  এটা অতি গুৰুতৰ বিষয় য'ত ইণ্টাৰনেটৰ জৰিয়তে ৱেবছাইট, পাৱাৰ গ্ৰীডত ( power grid) আক্ৰমণ কৰা হয় আৰু তথ্য চুৰি কৰা হয়। বাগ সাধাৰণতে অনলাইন ব্যৱস্থাৰ এটা ত্ৰুটি, যিটো লাভৰ বাবে অপব্যৱহাৰ কৰিব পাৰি। হেকাৰ গোটসমূহৰ কেইটামান আইপি ঠিকনা ইন্টাৰপলৰ সৈতে শ্বেয়াৰ কৰা হৈছে।"

১) দুটা হেকাৰ গ্ৰুপে হেক কৰা ৱেবছাইটসমূহৰ ভিতৰত আছে শৈক্ষিক ক্ষেত্ৰৰ ৱেবছাইট, অৰ্ধসামৰিক বাহিনী, ডিচটিভিৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠান আদি।

২)অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ ৱেবছাইট হেক কৰাৰ লগতে অনলাইনযোগে লিক কৰা হয় কৰ্মীৰ সকলৰ সবিশেষ।  আৰক্ষী থানাৰ ৱেবচাইটটোও হেক কৰে।

৩) চৰকাৰী ৱেবচাইটৰ পৰা PAN কাৰ্ডৰ সবিশেষ চুৰি কৰি ৰাজহুৱা কৰে।

৪)নুপুৰ শৰ্মাৰ ব্যক্তিগত তথ্য যেনে তেওঁৰ মোবাইল নম্বৰ, ইমেইল আইডি আৰু বাসস্থানৰ ঠিকনাও ৰাজহুৱা কৰিছে।

৫)অসমৰ এটা নিউজ প'ৰ্টেলৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ সময়তে হেকাৰে আক্ৰমণ সংঘটিত কৰি সম্পূৰ্ণ স্ক্ৰীণ ক'লা কৰি দিয়ে। আন্ধাৰ হৈ পৰা স্ক্ৰীণত সেই সময়ত হেকাৰে প্ৰদৰ্শন কৰে পাকিস্তানৰ জাতীয় পতাকা। 

বৰ্তমান হেকাৰৰ এই কার্য অতিশয় স্পৰ্শকাতৰ আৰু বিপদজনক বুলি বিবেচিত হৈছে। কিয়নো ইতিমধ্যে অনেক খ্যাত-অখ্যাত ইছলামিক মৌলবাদী সংগঠনে নূপুৰ শৰ্মাক হত্যা কৰা আৰু তেওঁৰ জিভা কাটি দিয়াৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছে। সেয়ে নূপুৰ শৰ্মাৰ ঠিকনাসহ সবিশেষ হেকাৰে প্ৰকাশ কৰি দিয়াত সম্প্ৰতি নিলম্বিত হৈ থকা বিজেপিৰ নেত্ৰীগৰাকী ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব বুলি আশংকা কৰা হৈছে। এই হেকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনাৰে ভাৰত চৰকাৰে ইণ্টাৰপ'লৰ ‘লুকআউট নটিচ' প্ৰেৰণ কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। তদুপৰি আহমেদাবাদৰ আৰক্ষী তথা চাইবাৰ অনুসন্ধান বিভাগৰ আহ্বানমৰ্মে ভাৰত চৰকাৰে ইণ্ডোনেছিয়া আৰু মালয়েছিয়া চৰকাৰক এই ইছলামিক হেকাৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি