--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যোৱা এবছৰত আমেৰিকাৰ আকাশত বহুতো 'ইউএফঅ' বা ভিন্ন গ্ৰহীয় মহাকাশযান দেখা গৈছে। সেই দেশৰ প্ৰতিৰক্ষা বিভাগে এইদৰে জনাইছে।

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনত এটা নতুন কাৰ্যালয় খোলা হৈছে। কাৰ্যালয়টোক 'অল-ডমেইন এনোমালি ৰিজলিউশ্বন অফিচ' বা এ.এ.আৰ.ও. নাম দিয়া হৈছে।

এই কাৰ্যালয়ৰ  কাম হৈছে আকাশত 'ইউএফঅ' বা এনে অজ্ঞাত বস্তু বিচাৰি উলিওৱা আৰু এইসমূহৰ গতিবিধিৰ ওপৰত নজৰ ৰখা।

আমেৰিকাৰ আকাশত ইউএফঅ' বা অজ্ঞাত উৰণীয়া বস্তু দেখাটো নতুন নহয়। প্ৰায়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান উৰণীয়া চকা দেখা যায়। ভিন্নগ্ৰহৰ আবাসীৰ বিষয়েও সেয়ে আমেৰিকাত ব্যাপক কল্পকাহিনী জনপ্ৰিয় হৈ আহিছে।

পেন্টাগনৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা কাৰ্যালয়ৰ সঞ্চালকৰ তথ্য অনুসৰি, ২০০৪ চনৰ পৰা ২০২১ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত মুঠ ১৪৪ টা ইউএফঅ' ধৰা পৰিছিল। ২০২১ চনৰ পৰা আমেৰিকাৰ আকাশত এনে অজ্ঞাত বস্তুৰ সংখ্যা অনেক গুণ বৃদ্ধি পাইছে।

এ.এ.আৰ.ও.-ৰ পৰিসংখ্যা অনুসৰি, ২০২১ আৰু ২০২২ চনৰ ভিতৰত শ শ 'ইউ.এফ.ও.' দেখা গৈছে। পূৰ্বৱৰ্তী সকলো ৰেকৰ্ড ভংগ কৰিছে ই।

অৱশ্যে এই উৰণীয়া বস্তুসমূহ সঁচাকৈয়ে  'ইউএফঅ'' নে নাই সেয়া স্পষ্ট নহয়। কিন্তু সম্ভাৱনাবোৰো অস্বীকাৰ কৰিব নোৱাৰি বুলি বহুতে কয়।

এ.এ.আৰ.ও. বিষয়াসকলে আন এটা অনুসন্ধানো চলাই আছে। সেয়া হৈছে চীন, ৰাছিয়া বা আন কোনো দেশে এনেধৰণৰ অজ্ঞাত কোনো প্ৰযুক্তি ব্যৱহাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰীক্ষণ কৰা হৈছে নেকি- সেই বিষয়ে বিষয়াসকল উৎসুক হৈ পৰিছে।

মূলতঃ পৃথিৱীৰ বাহিৰত বিশ্বব্ৰহ্মাণ্ডত আন কোনো জীৱৰ অস্তিত্ব আছে নেকি, সেই বিষয়ে অনুসন্ধান কৰিবলৈ এ.এ.আৰ.ও.-ৰ স্থাপন কৰা হৈছিল।

এ.এ.আৰ.ও-ৰ মতে, আকাশত থকা 'ইউএফঅ'বোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ বাবেও বিপদ আনিব পাৰে। ই দেশৰ নিৰাপত্তা ব্যাহত কৰিব পাৰে।

পেন্টাগনৰ এ.এ.আৰ.ও.-য়ে 'ইউ.এফ.ও.' চিনাক্তকৰণৰ প্ৰযুক্তি অধিক উন্নত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। বিশেষজ্ঞসকলে কয় যে ভৱিষ্যতে আমেৰিকা বা চীনত তৈয়াৰ কৰা কেইবাটাও উচ্চ ক্ষমতাসম্পন্ন মিছাইলক 'ইউএফঅ' বুলি ভুল কৰা হ'ব পাৰে। তেনে ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ প্ৰয়োজন।

এ.এ.আৰ.ও.-য়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰক আকাশত দেখা সকলো 'ইউএফঅ'ৰ  বিষয়ে তথ্য প্ৰদান কৰি আছে। চৰকাৰেও নিয়মীয়াকৈ বিষয়টো নিৰীক্ষণ কৰি আছে।

'ইউএফঅ' সম্পৰ্কীয় সকলো বাতৰি আমেৰিকান সংবাদ মাধ্যমত প্ৰকাশিত হৈছে। ফলস্বৰূপে জনসজাগতাও বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ