--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যোৱা এবছৰত আমেৰিকাৰ আকাশত বহুতো 'ইউএফঅ' বা ভিন্ন গ্ৰহীয় মহাকাশযান দেখা গৈছে। সেই দেশৰ প্ৰতিৰক্ষা বিভাগে এইদৰে জনাইছে।

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনত এটা নতুন কাৰ্যালয় খোলা হৈছে। কাৰ্যালয়টোক 'অল-ডমেইন এনোমালি ৰিজলিউশ্বন অফিচ' বা এ.এ.আৰ.ও. নাম দিয়া হৈছে।

এই কাৰ্যালয়ৰ  কাম হৈছে আকাশত 'ইউএফঅ' বা এনে অজ্ঞাত বস্তু বিচাৰি উলিওৱা আৰু এইসমূহৰ গতিবিধিৰ ওপৰত নজৰ ৰখা।

আমেৰিকাৰ আকাশত ইউএফঅ' বা অজ্ঞাত উৰণীয়া বস্তু দেখাটো নতুন নহয়। প্ৰায়ে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান উৰণীয়া চকা দেখা যায়। ভিন্নগ্ৰহৰ আবাসীৰ বিষয়েও সেয়ে আমেৰিকাত ব্যাপক কল্পকাহিনী জনপ্ৰিয় হৈ আহিছে।

পেন্টাগনৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা কাৰ্যালয়ৰ সঞ্চালকৰ তথ্য অনুসৰি, ২০০৪ চনৰ পৰা ২০২১ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত মুঠ ১৪৪ টা ইউএফঅ' ধৰা পৰিছিল। ২০২১ চনৰ পৰা আমেৰিকাৰ আকাশত এনে অজ্ঞাত বস্তুৰ সংখ্যা অনেক গুণ বৃদ্ধি পাইছে।

এ.এ.আৰ.ও.-ৰ পৰিসংখ্যা অনুসৰি, ২০২১ আৰু ২০২২ চনৰ ভিতৰত শ শ 'ইউ.এফ.ও.' দেখা গৈছে। পূৰ্বৱৰ্তী সকলো ৰেকৰ্ড ভংগ কৰিছে ই।

অৱশ্যে এই উৰণীয়া বস্তুসমূহ সঁচাকৈয়ে  'ইউএফঅ'' নে নাই সেয়া স্পষ্ট নহয়। কিন্তু সম্ভাৱনাবোৰো অস্বীকাৰ কৰিব নোৱাৰি বুলি বহুতে কয়।

এ.এ.আৰ.ও. বিষয়াসকলে আন এটা অনুসন্ধানো চলাই আছে। সেয়া হৈছে চীন, ৰাছিয়া বা আন কোনো দেশে এনেধৰণৰ অজ্ঞাত কোনো প্ৰযুক্তি ব্যৱহাৰ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰীক্ষণ কৰা হৈছে নেকি- সেই বিষয়ে বিষয়াসকল উৎসুক হৈ পৰিছে।

মূলতঃ পৃথিৱীৰ বাহিৰত বিশ্বব্ৰহ্মাণ্ডত আন কোনো জীৱৰ অস্তিত্ব আছে নেকি, সেই বিষয়ে অনুসন্ধান কৰিবলৈ এ.এ.আৰ.ও.-ৰ স্থাপন কৰা হৈছিল।

এ.এ.আৰ.ও-ৰ মতে, আকাশত থকা 'ইউএফঅ'বোৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ বাবেও বিপদ আনিব পাৰে। ই দেশৰ নিৰাপত্তা ব্যাহত কৰিব পাৰে।

পেন্টাগনৰ এ.এ.আৰ.ও.-য়ে 'ইউ.এফ.ও.' চিনাক্তকৰণৰ প্ৰযুক্তি অধিক উন্নত কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। বিশেষজ্ঞসকলে কয় যে ভৱিষ্যতে আমেৰিকা বা চীনত তৈয়াৰ কৰা কেইবাটাও উচ্চ ক্ষমতাসম্পন্ন মিছাইলক 'ইউএফঅ' বুলি ভুল কৰা হ'ব পাৰে। তেনে ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ প্ৰয়োজন।

এ.এ.আৰ.ও.-য়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰক আকাশত দেখা সকলো 'ইউএফঅ'ৰ  বিষয়ে তথ্য প্ৰদান কৰি আছে। চৰকাৰেও নিয়মীয়াকৈ বিষয়টো নিৰীক্ষণ কৰি আছে।

'ইউএফঅ' সম্পৰ্কীয় সকলো বাতৰি আমেৰিকান সংবাদ মাধ্যমত প্ৰকাশিত হৈছে। ফলস্বৰূপে জনসজাগতাও বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ