--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেট ওলালে সকলো চিন্তাত পৰে। পেট ওলালে শৰীৰটোৰ আকৰ্ষণ কমি যায়। সেয়েহে সকলোৱে পেট কমোৱাৰ বাবে নানা উপায় অৱলম্বন কৰে। ছিক্স পেক পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। পাছে এইখন পৃথিৱীতে আছে এনে এখন ঠাই য'ত ডাঙৰ পেটৰ পুৰুষক আটাইতকৈ আকৰ্ষণীয় বুলি গণ্য কৰা হয়। তেওঁলোকে লাভ কৰে নায়কৰ দৰে সন্মান। এই নিয়ম প্ৰচলিত আছে আফ্ৰিকাৰ ইথিওপিয়াৰ বডি জনজাতিৰ মাজত।   

বডি জনজাতিয়ে আটাইতকৈ ডাঙৰ পেটৰ পুৰুষগৰাকীক আটাইতকৈ বেছি সন্মান কৰে। ইথিওপিয়াৰ ওমো উপত্যকাৰ এটা দূৰৱৰ্তী অঞ্চলত বাস কৰে বডি জনজাতিয়ে। পেটটো চৰ্বিৰে শকত কৰিবৰ বাবে তেওঁলোকে গৰুৰ তেজ আৰু গাখীৰ খায়। বডি জনজাতিৰ বাবে গৰু অতি পবিত্ৰ প্ৰাণী, সেয়ে ইহঁতক হত্যা কৰা নহয়। বৰং গৰুৰ শিৰা কাটি তাৰ পৰা তেজ উলিয়াই লোৱা হয়। ইয়াত এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সেই প্ৰতিযোগিতাতে আটাইতকৈ শকত পেটৰ পুৰুষজনক বাচনি কৰা হয়। 

এই প্ৰতিযোগিতাৰ বাবে পুৰুষসকলে ছমাহজোৰা প্ৰস্তুতি চলায়। প্ৰতিটো পৰিয়ালৰ এজন অবিবাহিত পুৰুষে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ ছমাহ এটা জুপুৰীত থাকে য’ত তেওঁক বাহিৰলৈ ওলাই যাবলৈ বা যৌন সম্পৰ্ক স্থাপন কৰিবলৈ দিয়া নহয়। এই লোকসকলে গৰুৰ তেজ আৰু গাখীৰৰ মিশ্ৰণ খাদ্য হিচাপে গ্ৰহণ কৰে। গাঁৱৰ মহিলাসকলে নিয়মিতভাৱে এই মিশ্ৰণ পুৰুষসকলক যোগান ধৰে। 
Hero: Every child wants to become one of the fat men, according to Lafforgue, who are feted as heroes by the rest of the tribe for their incredible feat
গোটেই দিনটো এই পুৰুষসকলে গৰুৰ গাখীৰ আৰু তেজ খায়। প্ৰথম কাপটো ২ লিটাৰৰ থাকে, যিটো সূৰ্য্য উদয়ৰ সময়ত খোৱা হয়। বাকী কাপবোৰ দিনটোৰ যিকোনো সময়তে সেৱন কৰিব পাৰি। কিছুমান পুৰুষে ছমাহ ধৰি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই ইমানেই শকত হৈ পৰে যে খোজ কাঢ়িবও নোৱাৰে।

প্ৰতিযোগিতাৰ দিনা ছাই-বোকাৰে শৰীৰ ঢাকি গোটেই গাঁৱৰ সন্মুখত নিজৰ শৰীৰটো দেখুৱাই, জপিয়াই নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ পুৰুষসকল উঠিপৰি লাগে। ইয়াৰ উপৰিও পবিত্ৰ গছবোৰৰ চাৰিওফালে তেওঁলোকে ঘন্টা ধৰি ঘূৰি ফুৰে। বিচাৰক হিচাপে বয়োজ্যেষ্ঠসকলে সিদ্ধান্ত লয় যে পুৰুষসকলৰ ভিতৰত কোনজনৰ পেট আটাইতকৈ ডাঙৰ আৰু কোনে ভাল প্ৰদৰ্শন কৰিছে। জয়ী হোৱা পুৰুষজনক গাঁৱৰ আটাইতকৈ শকত মানুহ বুলি গণ্য কৰি গোটেই বছৰটো তেওঁৰ প্ৰশংসা কৰা হয়। বডি জনজাতিৰ প্ৰতিটো শিশুৱেই সৰুৰে পৰা এই সন্মান পোৱাৰ সপোন পুহি ৰাখে।  

এই জনজাতিটো জীৱিকাৰ বাবে পশুপালন আৰু গৰু-ম’হৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। বডি পুৰুষসকল উলংগ হৈ থাকে আৰু কঁকালত কপাহী বেল্ট পিন্ধে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প