--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেট ওলালে সকলো চিন্তাত পৰে। পেট ওলালে শৰীৰটোৰ আকৰ্ষণ কমি যায়। সেয়েহে সকলোৱে পেট কমোৱাৰ বাবে নানা উপায় অৱলম্বন কৰে। ছিক্স পেক পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। পাছে এইখন পৃথিৱীতে আছে এনে এখন ঠাই য'ত ডাঙৰ পেটৰ পুৰুষক আটাইতকৈ আকৰ্ষণীয় বুলি গণ্য কৰা হয়। তেওঁলোকে লাভ কৰে নায়কৰ দৰে সন্মান। এই নিয়ম প্ৰচলিত আছে আফ্ৰিকাৰ ইথিওপিয়াৰ বডি জনজাতিৰ মাজত।   

বডি জনজাতিয়ে আটাইতকৈ ডাঙৰ পেটৰ পুৰুষগৰাকীক আটাইতকৈ বেছি সন্মান কৰে। ইথিওপিয়াৰ ওমো উপত্যকাৰ এটা দূৰৱৰ্তী অঞ্চলত বাস কৰে বডি জনজাতিয়ে। পেটটো চৰ্বিৰে শকত কৰিবৰ বাবে তেওঁলোকে গৰুৰ তেজ আৰু গাখীৰ খায়। বডি জনজাতিৰ বাবে গৰু অতি পবিত্ৰ প্ৰাণী, সেয়ে ইহঁতক হত্যা কৰা নহয়। বৰং গৰুৰ শিৰা কাটি তাৰ পৰা তেজ উলিয়াই লোৱা হয়। ইয়াত এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সেই প্ৰতিযোগিতাতে আটাইতকৈ শকত পেটৰ পুৰুষজনক বাচনি কৰা হয়। 

এই প্ৰতিযোগিতাৰ বাবে পুৰুষসকলে ছমাহজোৰা প্ৰস্তুতি চলায়। প্ৰতিটো পৰিয়ালৰ এজন অবিবাহিত পুৰুষে ইয়াত অংশগ্ৰহণ কৰিব পাৰে। প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছত তেওঁ ছমাহ এটা জুপুৰীত থাকে য’ত তেওঁক বাহিৰলৈ ওলাই যাবলৈ বা যৌন সম্পৰ্ক স্থাপন কৰিবলৈ দিয়া নহয়। এই লোকসকলে গৰুৰ তেজ আৰু গাখীৰৰ মিশ্ৰণ খাদ্য হিচাপে গ্ৰহণ কৰে। গাঁৱৰ মহিলাসকলে নিয়মিতভাৱে এই মিশ্ৰণ পুৰুষসকলক যোগান ধৰে। 
Hero: Every child wants to become one of the fat men, according to Lafforgue, who are feted as heroes by the rest of the tribe for their incredible feat
গোটেই দিনটো এই পুৰুষসকলে গৰুৰ গাখীৰ আৰু তেজ খায়। প্ৰথম কাপটো ২ লিটাৰৰ থাকে, যিটো সূৰ্য্য উদয়ৰ সময়ত খোৱা হয়। বাকী কাপবোৰ দিনটোৰ যিকোনো সময়তে সেৱন কৰিব পাৰি। কিছুমান পুৰুষে ছমাহ ধৰি প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই ইমানেই শকত হৈ পৰে যে খোজ কাঢ়িবও নোৱাৰে।

প্ৰতিযোগিতাৰ দিনা ছাই-বোকাৰে শৰীৰ ঢাকি গোটেই গাঁৱৰ সন্মুখত নিজৰ শৰীৰটো দেখুৱাই, জপিয়াই নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ পুৰুষসকল উঠিপৰি লাগে। ইয়াৰ উপৰিও পবিত্ৰ গছবোৰৰ চাৰিওফালে তেওঁলোকে ঘন্টা ধৰি ঘূৰি ফুৰে। বিচাৰক হিচাপে বয়োজ্যেষ্ঠসকলে সিদ্ধান্ত লয় যে পুৰুষসকলৰ ভিতৰত কোনজনৰ পেট আটাইতকৈ ডাঙৰ আৰু কোনে ভাল প্ৰদৰ্শন কৰিছে। জয়ী হোৱা পুৰুষজনক গাঁৱৰ আটাইতকৈ শকত মানুহ বুলি গণ্য কৰি গোটেই বছৰটো তেওঁৰ প্ৰশংসা কৰা হয়। বডি জনজাতিৰ প্ৰতিটো শিশুৱেই সৰুৰে পৰা এই সন্মান পোৱাৰ সপোন পুহি ৰাখে।  

এই জনজাতিটো জীৱিকাৰ বাবে পশুপালন আৰু গৰু-ম’হৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। বডি পুৰুষসকল উলংগ হৈ থাকে আৰু কঁকালত কপাহী বেল্ট পিন্ধে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ