--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মঙলবাৰে গ্ৰেপ্তাৰ হোৱাৰ আশংকা কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এগৰাকী পৰ্ণ ষ্টাৰক মুখ বন্ধ ৰাখিবলৈ ধন দিয়াৰ অভিযোগত তেওঁক মঙলবাৰে গ্ৰেপ্তাৰ কৰিব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি গ্ৰেপ্তাৰৰ আশংকাত ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক গণ প্ৰতিবাদ আৰম্ভ কৰিবলৈও আহ্বান জনাইছে। ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা ব্যক্ত কৰিছে।

ট্ৰাম্পে পোষ্টটোত লিখিছে যে মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ৰ পৰা ফাদিল হোৱা খবৰে তেওঁক অহা সপ্তাহৰ মঙলবাৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি ইংগিত বহন কৰিছে। সংবাদ সংস্থা জিনহুয়াই প্ৰকাশ কৰিছে এই খবৰ।

উল্লেখ্য যে, ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এগৰাকী নীলা ছবিৰ তাৰকাক মুখ বন্ধ ৰখাৰ বাবে ধন দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ট্ৰাম্পৰ বিৰুদ্ধে। এই অভিযোগৰ সৈতে জড়িত ব্যৱসায়িক ৰেকৰ্ড ট্ৰাম্পে নষ্ট কৰিছিল নেকি- সেই সন্দৰ্ভত মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ে তদন্ত কৰি আছে।

ট্ৰাম্পৰ অধিবক্তাই এই তদন্তত অংশগ্ৰহণ কৰাৰ কোনো পৰিকল্পনা কৰা নাই বুলি মন্তব্য কৰাৰ লগতে ২০১৭ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জানুৱাৰীলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ড’নাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানে এই তদন্তক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্পক গ্ৰেণ্ড জুৰীৰ সন্মুখত সাক্ষ্য দিবলৈ নিৰ্দেশনা দিয়াৰ পাছতে তেওঁৰ বিৰুদ্ধে এই গোচৰটো আগবাঢ়িছিল। ইয়াৰ পাছতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী শীঘ্ৰেই অপৰাধমূলক অভিযোগৰ সন্মুখীন হ’ব পাৰে বুলি চৰ্চা চলিছিল।

অৱশ্যে ট্ৰাম্পৰ অধিবক্তাই ট্ৰাম্পৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ পৰা কোনো যোগাযোগ হোৱা নাই বুলি সদৰী কৰিছে। স্থানীয় জিলা অধিবক্তাৰ কাৰ্যালয়েও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

লক্ষণীয়ভাৱে, যদি ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয়, তেতিয়া তেওঁৰ বিৰুদ্ধে এইটোৱেই হ’ব প্ৰথমটো অপৰাধমূলক গোচৰ। অৱশ্যে অভিযুক্ত হ’লেও ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে প্ৰচাৰ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ