--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মঙলবাৰে গ্ৰেপ্তাৰ হোৱাৰ আশংকা কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এগৰাকী পৰ্ণ ষ্টাৰক মুখ বন্ধ ৰাখিবলৈ ধন দিয়াৰ অভিযোগত তেওঁক মঙলবাৰে গ্ৰেপ্তাৰ কৰিব বুলি সম্ভাৱনা প্ৰকাশ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে।

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি গ্ৰেপ্তাৰৰ আশংকাত ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক গণ প্ৰতিবাদ আৰম্ভ কৰিবলৈও আহ্বান জনাইছে। ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা ব্যক্ত কৰিছে।

ট্ৰাম্পে পোষ্টটোত লিখিছে যে মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ৰ পৰা ফাদিল হোৱা খবৰে তেওঁক অহা সপ্তাহৰ মঙলবাৰে গ্ৰেপ্তাৰ কৰা হ’ব বুলি ইংগিত বহন কৰিছে। সংবাদ সংস্থা জিনহুয়াই প্ৰকাশ কৰিছে এই খবৰ।

উল্লেখ্য যে, ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত এগৰাকী নীলা ছবিৰ তাৰকাক মুখ বন্ধ ৰখাৰ বাবে ধন দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ট্ৰাম্পৰ বিৰুদ্ধে। এই অভিযোগৰ সৈতে জড়িত ব্যৱসায়িক ৰেকৰ্ড ট্ৰাম্পে নষ্ট কৰিছিল নেকি- সেই সন্দৰ্ভত মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ে তদন্ত কৰি আছে।

ট্ৰাম্পৰ অধিবক্তাই এই তদন্তত অংশগ্ৰহণ কৰাৰ কোনো পৰিকল্পনা কৰা নাই বুলি মন্তব্য কৰাৰ লগতে ২০১৭ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জানুৱাৰীলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ড’নাল্ড ট্ৰাম্পৰ দল ৰিপাব্লিকানে এই তদন্তক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে।

চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্পক গ্ৰেণ্ড জুৰীৰ সন্মুখত সাক্ষ্য দিবলৈ নিৰ্দেশনা দিয়াৰ পাছতে তেওঁৰ বিৰুদ্ধে এই গোচৰটো আগবাঢ়িছিল। ইয়াৰ পাছতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী শীঘ্ৰেই অপৰাধমূলক অভিযোগৰ সন্মুখীন হ’ব পাৰে বুলি চৰ্চা চলিছিল।

অৱশ্যে ট্ৰাম্পৰ অধিবক্তাই ট্ৰাম্পৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ পৰা কোনো যোগাযোগ হোৱা নাই বুলি সদৰী কৰিছে। স্থানীয় জিলা অধিবক্তাৰ কাৰ্যালয়েও বৰ্তমানলৈকে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

লক্ষণীয়ভাৱে, যদি ট্ৰাম্পৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হয়, তেতিয়া তেওঁৰ বিৰুদ্ধে এইটোৱেই হ’ব প্ৰথমটো অপৰাধমূলক গোচৰ। অৱশ্যে অভিযুক্ত হ’লেও ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাপে প্ৰচাৰ অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিছে ট্ৰাম্পে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা