--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এম জে আকবৰৰ বিষয়ে আপোনাৰ মনত আছেনে? এসময়ত সঘনাই সংবাদ শিৰোনাম দখল কৰা সাংবাদিক তথা প্ৰাক্তন মন্ত্ৰী এমজে আকবৰ এতিয়া ক’ত ? এসময়ত ৰাজ কৰা এমজে আকবৰৰ আছিল বহু নাম৷ নামী-দামী মানুহেৰে ভৰি পৰিছিল তেওঁৰ ঘৰৰ চৌপাশ৷ তেওঁক সাধাৰণ লোকে লগ কৰিবলৈও ল’ব লাগিছিল এপইণ্টমেণ্ট৷ কিন্তু কিয় হঠাতে বিলুপ্ত হৈ গ’ল এম জেৰ নাম৷

পৰ্দাৰ আগত চিকচিকীয়া হাঁহি বিলায় জনতাক মুগ্ধ কৰিবলৈ চেষ্টা কৰা প্ৰাক্তন মন্ত্ৰীগৰাকীৰ ক’লা অধ্যয়ৰ বিষয়ে জানিলে আপোনাৰ চকু কপালত উঠিব৷ তাৰ আগতে এইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ জীৱন বৃত্তান্তৰ বিষয়ে জনাটো প্ৰয়োজনীয়৷

এম জে আকবৰৰ জীৱন বৃত্তান্ত:

এমজে আকবৰৰ সম্পন্ন নাম হৈছে মোবাশ্বৰ জাৱেদ আকবৰ (জন্ম ১১ জানুৱাৰী ১৯৫১) এজন ভাৰতীয় সাংবাদিক আৰু ৰাজনীতিবিদ৷ তেওঁ ১৭ অক্টোবৰ ২০১৮ চনলৈকে বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী (ৰাজ্যিক মন্ত্ৰী) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আকবৰ ৰাজ্যসভাৰ এজন সাংসদ আৰু ৫ জুলাই ২০১৬ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত কৰিছিল। তেওঁ এজন প্ৰবীণ ভাৰতীয় সাংবাদিক আৰু কেইবাখনো কিতাপৰ লেখক। তেওঁ প্ৰথমবাৰৰ বাবে ১৯৮৯ৰ পৰা ১৯৯১ চনৰ ভিতৰত নিৰ্বাচিত সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ২০১৪ চনৰ মাৰ্চ মাহত ৰাজনৈতিক জীৱনৰ পাতনি মেলে৷ আৰু তেওঁ বিজেপিত যোগদান কৰিছিল আৰু ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ৰাষ্ট্ৰীয় মুখপাত্ৰ হিচাপে নিযুক্ত হৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দলটোক সাধাৰণ সংখ্যাগৰিষ্ঠতাৰে পুনৰ কাৰ্যালয়লৈ ঘূৰাই আনিছিল। জুলাই, ২০১৫ চনত তেওঁ ঝাৰখণ্ডৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়। সাংবাদিকতাত তেওঁৰ দীঘলীয়া কৰ্মজীৱনৰ সময়ছোৱাত, তেওঁ ইণ্ডিয়া টুডে’, হেডলাইনছ টুডে’, দ্য টেলিগ্ৰাফ, দ্য এছিয়ান এজ আৰু ডেক্কান ক্ৰনিকলকে ধৰি ভাৰতৰ প্ৰথম সাপ্তাহিক ৰাজনৈতিক বাতৰি আলোচনীসমূহৰ সম্পাদক হিচাপে আৰম্ভ কৰিছিল।

এটি পোষ্টে তেওঁৰ সমগ্ৰ সাধনাত কালিকা লগালে৷ দেশত চলা #মিটুৱে তেওঁৰ সকলো তথ্য পোহৰলৈ আনে৷ সাংবাদিক আৰু প্ৰাক্তন মন্ত্ৰী বুলি পৰিচিত এমজেৰ আছে আন এখন মুখা৷ তেওঁ সৎকামৰ জয়গান ইমানতেই পৰে ওৰ৷ এমজে হৈছে প্ৰকৃততে এজন যৌন প্ৰলোভন দিয়া অসৎ প্ৰকৃতিৰ ব্যক্তি৷ এই কথা পোহৰলৈ আনে প্ৰিয়ংকা ৰমানি বুলি এগৰাকী মহিলাই৷ #meetooৰ জৰিয়তে পৰ্দা খোল খায় ধৃত এম জেৰ৷ অভিযোগ অনুসৰি প্ৰিয়ংকা ৰমনিৰ লগতে বহু মহিলাক যৌনউৎপীড়ন চেষ্টা চলাইছে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷ ইয়াৰ সন্দৰ্ভত এক গোচৰো ৰুজু হয় এমজেৰ বিৰুদ্ধে৷ ইপিনে তেওঁ ইয়াৰ বাবে এজন সাংবাদিকৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল৷ ফলস্বৰূপে এই গোচৰত পৰাজয় হয় এমজে৷ যাৰ ফলস্বৰুপে এজন প্ৰসিদ্ধ সংবাদিক আৰু লেখকৰ পৰা ৰাজনীতিবিদ হোৱা আকবৰ ভাৰতৰ #MeToo আন্দোলনত নাম থকা আটাইতকৈ সভ্ৰান্ত ব্যক্তি হৈ পৰিছিল। যাৰফলত ২০১৮ চনৰ অক্টোবৰত কেলেংকাৰীৰ পাছত তেওঁ কনিষ্ঠ বৈদেশিক মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা