--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২৪ নৱেম্বৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জীয়ে পশ্চিম বংগত আগন্তুক বৰ্ষত হ’বলগীয়া গোলকীয় বাণিজ্য সন্মিলন উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ পিছে দেশৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰি মমতা বেনাৰ্জীয়ে এইবেলি দিল্লী ভ্ৰমণকালত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাতৰ পৰা বিৰত থাকে৷ এই লৈ চলিছে নতুন চৰ্চা৷ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পূৰ্বে মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়ম স্বামীক৷ কিয়নো, সুব্ৰমনিয়ম স্বামীয়ে বিজেপি এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ যো-জা চলাইছে৷

চাৰিমাহৰ পূৰ্বে মমতা বেনাৰ্জীয়ে দিল্লী ভ্ৰমণকালত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছবিৰোধী ঐক্যৰ নেতৃত্ব ল’বলৈ আহ্বান জনাইছিল৷ দেশৰ সকলো বিৰোধী একেখন মঞ্চত একত্ৰিত হ’লেহে বিজেপিক ২৪ৰ নিৰ্বাচনত পৰাভূত কৰাতো সম্ভৱ হ’ব বুলি মতপোষণ কৰিছিল মমতা বেনাৰ্জীয়ে৷ অৱশ্যে, সমুখৰ নেতৃত্বৰ পৰা ৰাহুল গান্ধীক আঁতৰাবলৈ পৰামৰ্শ আগবঢ়াইছিল মমতা বেনাৰ্জীয়ে৷ মমতা বেনাৰ্জীয়ে কৈছিল যে ৰাহুল গান্ধী সন্মুখত থাকিলে বিজেপিক সেইটোকে ‘ইচ্ছ্যু’ কৰিবলৈ এৰি দিয়া হয়৷ মমতা বেনাৰ্জীৰ এই পৰামৰ্শ মানিবলৈ আগ্ৰহী নহয় ছোনিয়া গান্ধী৷

সমাগত পাঁচখন ৰাজ্যৰ নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ছোনিয়া গান্ধীয়েই লৈ থাকিব কংগ্ৰেছৰ নেতৃত্ব৷ তেনেস্থলত মমতা বেনাৰ্জীয়ে কংগ্ৰেছ দলক ভাৰসা কৰিব বিচৰা নাই৷ যাৰ বাবে ক্ষুণ্ণ মমতাই এইবেলি দিল্লী ভ্ৰমণত সাক্ষাৎ নকৰিলে ছোনিয়া গান্ধীক৷ পৰিয়ালতন্ত্ৰৰ মোহ আৰু কংগ্ৰেছ নেতৃত্বৰ আঁকোৰগোজ মনোভাৱৰ বাবেই যে বিৰোধী ঐক্যত ভাঙোন আহিব, সেয়া নিশ্চিত৷ আনহাতে, কংগ্ৰেছ নেতৃত্বত পৰিয়ালতন্ত্ৰৰ প্ৰভাৱ আৰু ছোনিয়া গান্ধীৰ অহংকাৰসুলভ মনোভাৱৰ বাবেই কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা গোলাম নবী আজাদেও ত্যাগ কৰিব কংগ্ৰেছ দল৷ আৰু সেয়া হ’বলৈ হ’লে দেশৰ সংঘ্যালঘু সমাজৰ পৰাও গণবিচ্ছিন্ন হোৱাৰ উপক্ৰম হ’ব দেশৰ প্ৰাচীন ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ