--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ২৪ নৱেম্বৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ অধ্যক্ষা মমতা বেনাৰ্জীয়ে পশ্চিম বংগত আগন্তুক বৰ্ষত হ’বলগীয়া গোলকীয় বাণিজ্য সন্মিলন উদ্বোধন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ পিছে দেশৰ ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰি মমতা বেনাৰ্জীয়ে এইবেলি দিল্লী ভ্ৰমণকালত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাতৰ পৰা বিৰত থাকে৷ এই লৈ চলিছে নতুন চৰ্চা৷ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পূৰ্বে মমতা বেনাৰ্জীয়ে সাক্ষাৎ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা সুব্ৰমনিয়ম স্বামীক৷ কিয়নো, সুব্ৰমনিয়ম স্বামীয়ে বিজেপি এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিবলৈ যো-জা চলাইছে৷

চাৰিমাহৰ পূৰ্বে মমতা বেনাৰ্জীয়ে দিল্লী ভ্ৰমণকালত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছবিৰোধী ঐক্যৰ নেতৃত্ব ল’বলৈ আহ্বান জনাইছিল৷ দেশৰ সকলো বিৰোধী একেখন মঞ্চত একত্ৰিত হ’লেহে বিজেপিক ২৪ৰ নিৰ্বাচনত পৰাভূত কৰাতো সম্ভৱ হ’ব বুলি মতপোষণ কৰিছিল মমতা বেনাৰ্জীয়ে৷ অৱশ্যে, সমুখৰ নেতৃত্বৰ পৰা ৰাহুল গান্ধীক আঁতৰাবলৈ পৰামৰ্শ আগবঢ়াইছিল মমতা বেনাৰ্জীয়ে৷ মমতা বেনাৰ্জীয়ে কৈছিল যে ৰাহুল গান্ধী সন্মুখত থাকিলে বিজেপিক সেইটোকে ‘ইচ্ছ্যু’ কৰিবলৈ এৰি দিয়া হয়৷ মমতা বেনাৰ্জীৰ এই পৰামৰ্শ মানিবলৈ আগ্ৰহী নহয় ছোনিয়া গান্ধী৷

সমাগত পাঁচখন ৰাজ্যৰ নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ছোনিয়া গান্ধীয়েই লৈ থাকিব কংগ্ৰেছৰ নেতৃত্ব৷ তেনেস্থলত মমতা বেনাৰ্জীয়ে কংগ্ৰেছ দলক ভাৰসা কৰিব বিচৰা নাই৷ যাৰ বাবে ক্ষুণ্ণ মমতাই এইবেলি দিল্লী ভ্ৰমণত সাক্ষাৎ নকৰিলে ছোনিয়া গান্ধীক৷ পৰিয়ালতন্ত্ৰৰ মোহ আৰু কংগ্ৰেছ নেতৃত্বৰ আঁকোৰগোজ মনোভাৱৰ বাবেই যে বিৰোধী ঐক্যত ভাঙোন আহিব, সেয়া নিশ্চিত৷ আনহাতে, কংগ্ৰেছ নেতৃত্বত পৰিয়ালতন্ত্ৰৰ প্ৰভাৱ আৰু ছোনিয়া গান্ধীৰ অহংকাৰসুলভ মনোভাৱৰ বাবেই কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ নেতা গোলাম নবী আজাদেও ত্যাগ কৰিব কংগ্ৰেছ দল৷ আৰু সেয়া হ’বলৈ হ’লে দেশৰ সংঘ্যালঘু সমাজৰ পৰাও গণবিচ্ছিন্ন হোৱাৰ উপক্ৰম হ’ব দেশৰ প্ৰাচীন ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু