--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এমাহত ৬৫০ কোটি টকাৰ বিশাল উপাৰ্জন, এই পৰিসংখ্যা সপোন যেন লাগে যদিও সেয়া সঁচা। এগৰাকী মহিলা ৰেখা ঝুনঝুনৱালাই এই অবিশ্বাস্য ধন উপাৰ্জন কৰিছে। ৰাকেশ ঝুনঝুনৱালাৰ পত্নী ৰেখাই ৩টা ষ্টকৰ পৰা এই ধন উপাৰ্জন কৰিছিল।এই ষ্টকসমূহে ২০২৩ চনত ৰেখা ঝুনঝুনৱালাক মাল্টিবেগাৰ ৰিটাৰ্ণ দিছিল। অৱশ্যে টাইটানৰ ৫.৪ শতাংশ অংশীদাৰিত্বৰ পৰাই তেওঁ সৰ্বাধিক উপাৰ্জন কৰে।


মাল্টিবেগাৰ ষ্টক যিকোনো কোম্পানীৰ ইকুইটি শ্বেয়াৰ।এনে ষ্টকে বিনিয়োগৰ বহুগুণে ৰিটাৰ্ণ দিব পাৰে। ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি এই তালিকাভুক্ত কোম্পানীসমূহৰ শ্বেয়াৰহোল্ডিং ষ্ট্ৰাকচাৰ অনুসৰি ঝুনঝুনৱালাৰ ২৫টা ষ্টক আছে। এই ত্ৰৈমাসিকত সেইসমূহৰ মূল্য ১৪ শতাংশ বৃদ্ধি পাই ৩৯০০০ কোটি টকা হৈছে।উল্লেখ্য যে কেৱল এনে কোম্পানীসমূহৰ বিষয়েহে তথ্য দিয়া হৈছে য’ত ঝুনঝুনৱালা পৰিয়ালৰ অংশীদাৰিত্ব ১ শতাংশতকৈ অধিক।


এই বছৰ টাটা মটৰ্ছ ডিভিআৰৰ শ্বেয়াৰ ১৩৮ শতাংশ উৰ্দ্ধগামী হৈ পৰিছে। এইটোৱেই ঝুনঝুনৱালাৰ পৰ্টফলিঅ’ৰ আটাইতকৈ উত্তম প্ৰদৰ্শনকাৰী ষ্টক। প্ৰতিবেদন অনুসৰি এই কোম্পানীত ৰেখা ঝুনঝুনৱালাৰ ১.৯২ শতাংশ অংশীদাৰিত্ব আছে।


ডি বি ৰিয়েলটিত বিনিয়োগকাৰী ৰেখাৰ ২ শতাংশ অংশীদাৰিত্ব আছে, এই কোম্পানীটোৰ শ্বেয়াৰ ১০৮ শতাংশলৈ উৰ্দ্ধগামী হৈছে। আন্তঃগাঁথনি আৰু পথ নিৰ্মাণ কোম্পানীসমূহৰ শ্বেয়াৰ এই বছৰ প্ৰায় দুগুণ বৃদ্ধি পাইছে।


টাইটানত ঝুনঝুনৱালা পৰিয়ালৰ অংশীদাৰিত্ব সৰ্বাধিক, য’ত তেওঁলোকৰ অংশীদাৰিত্ব প্ৰায় ৫.৪ শতাংশ। এই বছৰ টাইটানৰ ষ্টক ৩৯ শতাংশ বৃদ্ধি পোৱাৰ লগতে ঝুনঝুনৱালা পৰিয়ালৰ সম্পত্তি ১৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। এই কোটিপতিজনে মাৰ্চৰ পৰা জুন মাহৰ ভিতৰত টাইটানত বিনিয়োগ কৰিছিল।


ইয়াৰ উপৰিও ৰেখা ঝুনঝুনৱালাৰ টাটা মটৰছৰ ১.৬ শতাংশ অংশীদাৰিত্বও আছে। ইয়াৰ বজাৰ মূল্য প্ৰায় ৩৮০০ কোটি টকা। এই বছৰ কোম্পানীটোৰ ষ্টক ৮৮ শতাংশ বৃদ্ধি হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক