--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগৱান শ্ৰীকৃষ্ণ  অসমৰ 'জোঁৱাই' আছিল ৷ হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এই মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই ৷ ২৩ ডিচেম্বৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আয়োজিত  'আন্তৰ্জাতিক গীতা মহোৎসৱ'ত উপস্থিত আছিল মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সৈতে থকা  শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ কথা উল্লেখ কৰে৷ 

 এই বছৰৰ   'আন্তৰ্জাতিক গীতা মহোৎসৱ'ৰ  বিশেষ  দিশটো  হ’ল  এইবেলি এই  মহোৎসৱ কুৰুক্ষেত্ৰৰ দৰে পবিত্ৰ ভূমিত অনুষ্ঠিত হৈছে৷কুৰুক্ষেত্ৰৰ পৰাই গীতাৰ ঐশ্বৰিক বাৰ্তা ভগৱান কৃষ্ণই অৰ্জুনক প্ৰদান কৰিছিল৷   মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰু ভগৱৎ গীতাৰ মহাকাব্যিক বৰ্ণনা দাঙি ধৰি  অসমৰ সৈতে থকা গভীৰ সাংস্কৃতিক সম্পৰ্কৰ বিষয়ত  আলোকপাত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয় , "... ভগৱান শ্ৰীকৃষ্ণ অসমৰ জোঁৱাই আছিল৷  কাৰণ তেওঁ  ৰুক্মিণীক বিয়া কৰাইছিল, ৰুক্মিণী অসমৰ কন্যা। সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে আমাৰ সম্পৰ্ক অতি গভীৰ..."৷ 

 কুৰুক্ষেত্ৰৰ আন্তৰ্জাতিক গীতা মহোৎসৱত  যজ্ঞ, গীতাৰ পদ আবৃত্তি, ভক্তিমূলক গীত আৰু নাটকীয় প্ৰদৰ্শনকে ধৰি নানান ধৰণৰ আধ্যাত্মিক কাৰ্যকলাপৰ অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ দেশৰ বিদেশৰ পৰাও বহু ভক্তই আহি   এই পৱিত্ৰ স্থানত একত্ৰিত হৈছে আৰু বিভিন্ন  ৰীতি-নীতিত অংশগ্ৰহণ কৰিছে৷  গীতা মহোৎসৱত মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ অংশগ্ৰহণে কেৱল হাৰিয়ানাতে নহয়, সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিশেষ  গুৰুত্ব কঢ়িয়াই আনিছে। কাৰণ তেওঁ  ভগৱান শ্ৰীকৃষ্ণৰ বিবাহ বৃত্তান্তৰ কথা এই অনুষ্ঠানৰ পৰাই বিশ্ববাসীক অৱগত কৰিবলৈ সক্ষম হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক