--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগৱান শ্ৰীকৃষ্ণ  অসমৰ 'জোঁৱাই' আছিল ৷ হাৰিয়ানাৰ কুৰুক্ষেত্ৰত এই মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাই ৷ ২৩ ডিচেম্বৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত আয়োজিত  'আন্তৰ্জাতিক গীতা মহোৎসৱ'ত উপস্থিত আছিল মুখ্যমন্ত্ৰী শৰ্মাই অসমৰ সৈতে থকা  শ্ৰীকৃষ্ণৰ সম্পৰ্কৰ কথা উল্লেখ কৰে৷ 

 এই বছৰৰ   'আন্তৰ্জাতিক গীতা মহোৎসৱ'ৰ  বিশেষ  দিশটো  হ’ল  এইবেলি এই  মহোৎসৱ কুৰুক্ষেত্ৰৰ দৰে পবিত্ৰ ভূমিত অনুষ্ঠিত হৈছে৷কুৰুক্ষেত্ৰৰ পৰাই গীতাৰ ঐশ্বৰিক বাৰ্তা ভগৱান কৃষ্ণই অৰ্জুনক প্ৰদান কৰিছিল৷   মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰু ভগৱৎ গীতাৰ মহাকাব্যিক বৰ্ণনা দাঙি ধৰি  অসমৰ সৈতে থকা গভীৰ সাংস্কৃতিক সম্পৰ্কৰ বিষয়ত  আলোকপাত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয় , "... ভগৱান শ্ৰীকৃষ্ণ অসমৰ জোঁৱাই আছিল৷  কাৰণ তেওঁ  ৰুক্মিণীক বিয়া কৰাইছিল, ৰুক্মিণী অসমৰ কন্যা। সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ সৈতে আমাৰ সম্পৰ্ক অতি গভীৰ..."৷ 

 কুৰুক্ষেত্ৰৰ আন্তৰ্জাতিক গীতা মহোৎসৱত  যজ্ঞ, গীতাৰ পদ আবৃত্তি, ভক্তিমূলক গীত আৰু নাটকীয় প্ৰদৰ্শনকে ধৰি নানান ধৰণৰ আধ্যাত্মিক কাৰ্যকলাপৰ অনুষ্ঠিত কৰা হৈছে। সমগ্ৰ দেশৰ বিদেশৰ পৰাও বহু ভক্তই আহি   এই পৱিত্ৰ স্থানত একত্ৰিত হৈছে আৰু বিভিন্ন  ৰীতি-নীতিত অংশগ্ৰহণ কৰিছে৷  গীতা মহোৎসৱত মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ অংশগ্ৰহণে কেৱল হাৰিয়ানাতে নহয়, সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিশেষ  গুৰুত্ব কঢ়িয়াই আনিছে। কাৰণ তেওঁ  ভগৱান শ্ৰীকৃষ্ণৰ বিবাহ বৃত্তান্তৰ কথা এই অনুষ্ঠানৰ পৰাই বিশ্ববাসীক অৱগত কৰিবলৈ সক্ষম হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক