--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই দেশত গৰুক দেৱতা হিচাপে পূজা কৰা হয়। সেয়েহে ঈশ্বৰে গৰুক অত্যাচাৰ কৰা বা গোহত্যা কৰাসকলক ক্ষমা নকৰে।  গুজৰাট উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠ এখনে  আদালতৰ এটা পুৰণি ৰায়ৰ কথা মনত পেলাই এইবুলি কয় । আদালতে মন্তব্য কৰে, "মানুহৰ সুখৰ বাবে জন্তু হত্যা কৰাটো এক অপৰাধ। '

গুজৰাটৰ ৰাজপথত  গৰুৰ সংখ্যা দিনক দিনে বাঢ়ি আহিছে। দৰাচলতে গুজৰাট, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত গৰুবোৰ বৃদ্ধ হ'লে ৰাজপথত মুকলি কৰি দিয়া হয়। বহুসময়ত এই গৰুবোৰৰ ৰাস্তাতে  মৃত্যু ঘটে। বহুসময়ত দুৰ্ঘটনাতো বহু গৰুৰ  মৃত্যু হয়। এই বিষয়ত গুজৰাট উচ্চ ন্যায়ালয়ত  এটা গোচৰ ৰুজু কৰা হৈছে। ন্যায়াধীশ আশুতোষ শাস্ত্ৰী আৰু হেমন্ত প্ৰচ্ছাৰ বিচাৰপীঠে কয়, "ৰাস্তাত মৃত গৰু পৰি থকাটো উচিত নহয়। '

কেইদিনমান পূৰ্বে  গুজৰাটৰ খেদা জিলাৰ ৰাস্তাত এটা গৰুৰ মৃত্যু হৈছিল। ঘটনাটোৰ উদাহৰণ দি খণ্ড বিচাৰপীঠে কয়, "ঈশ্বৰে ইয়াৰ বাবে আমাক ক্ষমা নকৰিব। মানুহৰ 'সুখ'ৰ বাবে জন্তু হত্যা কৰাটো এটা অপৰাধ। মৃত জন্তু  ৰাস্তাত পৰি থকাটো উচিত নহয়।’’ অতীততো গুজৰাট উচ্চ ন্যায়ালয়ে  বিষয়টো  একে ধৰণে পৰ্যৱেক্ষণ কৰিছিল। বিচাৰপীঠে কয় "আমি আগতে লক্ষ্য কৰিছিলো যে এই দেশত গৰুক দেৱতা হিচাপে পূজা কৰা হয়। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক