--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে  গোচৰ তৰিলে এজন লোকে।  মোদী-ৰাহুলৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত আদানী গোটক বদনাম কৰাৰ অভিযোগ উত্থাপন হৈছে। আবেদনকাৰীয়ে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এনে বিদ্বেষপূৰ্ণ ভাষণ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায়। ৰাহুল আৰু মোদীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে সুৰজিৎ ​​সিং যাদৱ নামৰ লোকজনে। তেওঁ নিজকে কৃষক আৰু শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী বুলি পৰিচয় দিছে।

 সুৰজিতে দাবী কৰে যে বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ  বক্তব্যৰ বাবেই আদানী গোটৰ বজাৰ মূল্য প্ৰভাৱান্বিত  হৈছে। ফলত বিনিয়োগকাৰী ক্ষতিগ্ৰস্ত হ’ব। আদানী গোট সন্দৰ্ভত ৰাহুলৰ বক্তব্য মিছা বুলি অভিযোগ উত্থাপন কৰে আবেদনকাৰীয়ে। ৰাহুল আৰু মোদীৰ মন্তব্যৰ  বাবেই বিনিয়োগকাৰী বিভ্ৰান্ত হৈ পৰিছে। উল্লেখ্য নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোদীয়ে  প্ৰশ্ন উত্থাপন কৰিছিল যে  পাঁচ বছৰ ধৰি আদানী আম্বানীৰ কথা কৈ থকা ৰাহুলৰ দলে ৰাতিটোৰ ভিতৰতে কিয় মৌন হৈ পৰিল? এঢাপ আগুৱাই গৈ তেওঁৰ প্ৰশ্ন কৰিছিল, এই ব্যৱসায়ীসকলৰ পৰা  কংগ্ৰেছে  টকা লৈছিল নেকি? আনহাতে, আদানী গোটক সুবিধা দিয়া বুলি মোদীক বাৰে বাৰে আক্রমণ কৰি আহিছে ৰাহুলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু