--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী উচ্চ ন্যায়ালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে  গোচৰ তৰিলে এজন লোকে।  মোদী-ৰাহুলৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত আদানী গোটক বদনাম কৰাৰ অভিযোগ উত্থাপন হৈছে। আবেদনকাৰীয়ে দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এনে বিদ্বেষপূৰ্ণ ভাষণ নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায়। ৰাহুল আৰু মোদীৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছে সুৰজিৎ ​​সিং যাদৱ নামৰ লোকজনে। তেওঁ নিজকে কৃষক আৰু শ্বেয়াৰ বজাৰত বিনিয়োগকাৰী বুলি পৰিচয় দিছে।

 সুৰজিতে দাবী কৰে যে বিজেপি আৰু কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ  বক্তব্যৰ বাবেই আদানী গোটৰ বজাৰ মূল্য প্ৰভাৱান্বিত  হৈছে। ফলত বিনিয়োগকাৰী ক্ষতিগ্ৰস্ত হ’ব। আদানী গোট সন্দৰ্ভত ৰাহুলৰ বক্তব্য মিছা বুলি অভিযোগ উত্থাপন কৰে আবেদনকাৰীয়ে। ৰাহুল আৰু মোদীৰ মন্তব্যৰ  বাবেই বিনিয়োগকাৰী বিভ্ৰান্ত হৈ পৰিছে। উল্লেখ্য নিৰ্বাচনী প্ৰচাৰৰ সময়ত মোদীয়ে  প্ৰশ্ন উত্থাপন কৰিছিল যে  পাঁচ বছৰ ধৰি আদানী আম্বানীৰ কথা কৈ থকা ৰাহুলৰ দলে ৰাতিটোৰ ভিতৰতে কিয় মৌন হৈ পৰিল? এঢাপ আগুৱাই গৈ তেওঁৰ প্ৰশ্ন কৰিছিল, এই ব্যৱসায়ীসকলৰ পৰা  কংগ্ৰেছে  টকা লৈছিল নেকি? আনহাতে, আদানী গোটক সুবিধা দিয়া বুলি মোদীক বাৰে বাৰে আক্রমণ কৰি আহিছে ৰাহুলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ