--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বজাৰত এতিয়া বিভিন্ন ‘চেইন মাৰ্কেটিং’ কোম্পানীয়ে গ্ৰাহকক বিভিন্ন প্ৰলোভন দি থকা দেখা যায়। বিশ্বমানৰ সামগ্ৰীৰ যোগান ধৰাৰ দাবী কৰা এই কোম্পানীবোৰে সাধাৰণ মানুহক ব্যৱসায়িক সুবিধা প্ৰদান কৰাৰো দাবী কৰি আহিছে। অতি উচ্চ লাভ আৰু আৰ্থিক স্বাচ্ছন্দ্যৰ প্ৰলোভন দি অহা এই কোম্পানীবোৰৰ প্ৰকৃত ৰূপ কি তাক লৈ বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ এনে এটা প্ৰখ্যাত কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী তথা স্বাস্থ্যৰক্ষাৰ সামগ্ৰীৰ ব্যৱসায় কৰাৰ লগতে মানুহক ব্যৱসায়িক সুবিধা প্ৰদানৰ নামত এমৱে’ নামৰ কোম্পানীটোৱে বহুতৰপীয়া মাৰ্কেংটি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই কোম্পানীটোৱে অতি উচ্চ দামত সামগ্ৰী বিক্ৰী কৰাৰ লগতে মানুহক ধনী হোৱাৰ সপোন দেখুৱাই নিজৰ ব্যৱসায়িক জালত পেলোৱাৰো অভিযোগ অনা হৈছে।

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এমৱে ইণ্ডিয়া এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেডৰ ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। সোমবাৰে, ইডিয়ে প্ৰকাশ কৰিছিল যে, কোম্পানীটোৰ নামত থকা বৃহৎ পৰিমাণৰ সম্পত্তি অস্থায়ীভাৱে জব্দ কৰা হৈছে। তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ এমৱে’ ইণ্ডিয়াৰ ভূমি, অট্টালিকা, যান-বাহন, ফেক্টৰী আদি জব্দ কৰা হৈছিল।

সূত্ৰ অনুসৰি, ইডিয়ে এমৱে’ৰ ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আৰু ৩৬ টা বিভিন্ন বেংক একাউণ্টৰ পৰা ৩৪৫.৯৪ কোটি টকা জব্দ কৰিছিল। ইডিয়ে দাবী কৰে যে এমৱে’ ইণ্ডিয়া ডাইৰেক্ট ছেলিঙে এক বহু তৰপীয়া মাৰ্কেটিং নেটৱৰ্কৰ ছদ্মৱেশত প্ৰৱঞ্চনা কৰি আহিছে। বহুস্তৰীয় বিপণন কেলেংকাৰী চলোৱা কোম্পানীৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত সম্পত্তিসমূহ জব্দ কৰে ইডি-এ।

ইডি মতে, ‘তদন্তত পোহৰলৈ আহিছে যে অন্যান্য জনপ্ৰিয় ব্ৰেণ্ডৰ তুলনাত বজাৰত থকা এই কোম্পানীটোৰ সামগ্ৰীৰ দাম অত্যাধিক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ মতে, এমৱে’ ইণ্ডিয়াই ২০০২-০৩ বিত্তীয় বৰ্ষৰপৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈ ব্যৱসায়িক ভিত্তিত বজাৰৰ পৰা ২৭,৫৬২ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত, বিতৰক আৰু সদস্যসকলক ৭,৫৮৮ কোটি টকা আদায়। এই কোম্পানীটোৰ ব্যৱসায়িক আৰ্হিটো আছিল মানুহক এই সংগঠনৰ সদস্য কৰি কেনেদৰে ধনী কৰা হয় তাক প্ৰচাৰ কৰা। সাধাৰণ মানুহক এই বৃত্তিলৈ অনা আৰু কোম্পানীটোক অন্তৰ্ভুক্ত কৰি শৃংখল বিপণন গঢ়ি তোলাৰ বাবে এক অতি বিলাসী জীৱনশৈলী দেখুওৱা হৈছিল। যিটো প্ৰকৃততে এটা সম্পূৰ্ণ ভুৱা প্ৰচাৰ। ইয়াৰ উপৰি, ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি লোকসকলকো এই ব্যৱসায়লৈ অনা হৈছিল।

এমৱে’ ইণ্ডিয়াই অলপতে সংবাদ মাধ্যমক জনাইছিল যে কোম্পানীটোৱে তদন্তত সম্পূৰ্ণ সহযোগিতা কৰি আছে। ২০১১ চনৰ পৰা সময়ে সময়ে বিচৰা সকলো তথ্য অনুসন্ধানকাৰীসকলক দিয়া হৈছে। বৰ্তমানৰ সমস্যাটো সমাধান কৰাৰ বাবে, আমি ইয়াক আইনীভাৱে আৰু চৰকাৰী বিষয়াসকলৰ সৈতে ন্যায্য আৰু আইনী উপায়েৰে সমাধান কৰিম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত