--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বজাৰত এতিয়া বিভিন্ন ‘চেইন মাৰ্কেটিং’ কোম্পানীয়ে গ্ৰাহকক বিভিন্ন প্ৰলোভন দি থকা দেখা যায়। বিশ্বমানৰ সামগ্ৰীৰ যোগান ধৰাৰ দাবী কৰা এই কোম্পানীবোৰে সাধাৰণ মানুহক ব্যৱসায়িক সুবিধা প্ৰদান কৰাৰো দাবী কৰি আহিছে। অতি উচ্চ লাভ আৰু আৰ্থিক স্বাচ্ছন্দ্যৰ প্ৰলোভন দি অহা এই কোম্পানীবোৰৰ প্ৰকৃত ৰূপ কি তাক লৈ বিভিন্ন প্ৰশ্নবোধকৰ সৃষ্টি হৈ আহিছে। শেহতীয়াকৈ এনে এটা প্ৰখ্যাত কোম্পানীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে। বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী তথা স্বাস্থ্যৰক্ষাৰ সামগ্ৰীৰ ব্যৱসায় কৰাৰ লগতে মানুহক ব্যৱসায়িক সুবিধা প্ৰদানৰ নামত এমৱে’ নামৰ কোম্পানীটোৱে বহুতৰপীয়া মাৰ্কেংটি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। এই কোম্পানীটোৱে অতি উচ্চ দামত সামগ্ৰী বিক্ৰী কৰাৰ লগতে মানুহক ধনী হোৱাৰ সপোন দেখুৱাই নিজৰ ব্যৱসায়িক জালত পেলোৱাৰো অভিযোগ অনা হৈছে।

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) এমৱে ইণ্ডিয়া এণ্টাৰপ্ৰাইজেছ প্ৰাইভেট লিমিটেডৰ ৭৫৭.৭৭ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। সোমবাৰে, ইডিয়ে প্ৰকাশ কৰিছিল যে, কোম্পানীটোৰ নামত থকা বৃহৎ পৰিমাণৰ সম্পত্তি অস্থায়ীভাৱে জব্দ কৰা হৈছে। তামিলনাডুৰ ডিণ্ডিগুল জিলাৰ এমৱে’ ইণ্ডিয়াৰ ভূমি, অট্টালিকা, যান-বাহন, ফেক্টৰী আদি জব্দ কৰা হৈছিল।

সূত্ৰ অনুসৰি, ইডিয়ে এমৱে’ৰ ৪১১.৮৩ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি আৰু ৩৬ টা বিভিন্ন বেংক একাউণ্টৰ পৰা ৩৪৫.৯৪ কোটি টকা জব্দ কৰিছিল। ইডিয়ে দাবী কৰে যে এমৱে’ ইণ্ডিয়া ডাইৰেক্ট ছেলিঙে এক বহু তৰপীয়া মাৰ্কেটিং নেটৱৰ্কৰ ছদ্মৱেশত প্ৰৱঞ্চনা কৰি আহিছে। বহুস্তৰীয় বিপণন কেলেংকাৰী চলোৱা কোম্পানীৰ বিৰুদ্ধে অভিযোগৰ ভিত্তিত সম্পত্তিসমূহ জব্দ কৰে ইডি-এ।

ইডি মতে, ‘তদন্তত পোহৰলৈ আহিছে যে অন্যান্য জনপ্ৰিয় ব্ৰেণ্ডৰ তুলনাত বজাৰত থকা এই কোম্পানীটোৰ সামগ্ৰীৰ দাম অত্যাধিক। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ মতে, এমৱে’ ইণ্ডিয়াই ২০০২-০৩ বিত্তীয় বৰ্ষৰপৰা ২০২১-২২ বিত্তীয় বৰ্ষলৈ ব্যৱসায়িক ভিত্তিত বজাৰৰ পৰা ২৭,৫৬২ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত, বিতৰক আৰু সদস্যসকলক ৭,৫৮৮ কোটি টকা আদায়। এই কোম্পানীটোৰ ব্যৱসায়িক আৰ্হিটো আছিল মানুহক এই সংগঠনৰ সদস্য কৰি কেনেদৰে ধনী কৰা হয় তাক প্ৰচাৰ কৰা। সাধাৰণ মানুহক এই বৃত্তিলৈ অনা আৰু কোম্পানীটোক অন্তৰ্ভুক্ত কৰি শৃংখল বিপণন গঢ়ি তোলাৰ বাবে এক অতি বিলাসী জীৱনশৈলী দেখুওৱা হৈছিল। যিটো প্ৰকৃততে এটা সম্পূৰ্ণ ভুৱা প্ৰচাৰ। ইয়াৰ উপৰি, ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি লোকসকলকো এই ব্যৱসায়লৈ অনা হৈছিল।

এমৱে’ ইণ্ডিয়াই অলপতে সংবাদ মাধ্যমক জনাইছিল যে কোম্পানীটোৱে তদন্তত সম্পূৰ্ণ সহযোগিতা কৰি আছে। ২০১১ চনৰ পৰা সময়ে সময়ে বিচৰা সকলো তথ্য অনুসন্ধানকাৰীসকলক দিয়া হৈছে। বৰ্তমানৰ সমস্যাটো সমাধান কৰাৰ বাবে, আমি ইয়াক আইনীভাৱে আৰু চৰকাৰী বিষয়াসকলৰ সৈতে ন্যায্য আৰু আইনী উপায়েৰে সমাধান কৰিম।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক