--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’লযোগে যাত্ৰা কৰা যাত্ৰীসকলক ৰে’ল মন্ত্ৰালয়ে যথেষ্ট সকাহ দিছে।শেহতীয়াকৈ বন্দে ভাৰত ৰে’ল আৰু এচি চেয়াৰ কাৰ ৰে’লৰ ভাড়া হ্ৰাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে ভাৰতীয় ৰেল বিভাগে। ৰে’লত অধিক যাত্ৰী যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত এচি চিটিং থকা ৰে’লৰ ভাড়াত শিথিলতা প্ৰদান কৰিব ৰে’ল মন্ত্ৰালয়ে। ৰেহাইৰ বাবে মন্ত্ৰালয়ে এই কৰ্তৃত্ব খণ্ড ৰেলৱেক অৰ্পণ কৰিব।

ৰে’ল মন্ত্ৰালয়ৰ এই সিদ্ধান্তৰ পাছতে বন্দে ভাৰতকে ধৰি সকলো ৰে’লৰ এচি চেয়াৰ কাৰ, কাৰ্যবাহী শ্ৰেণীৰ ভাড়া ২৫ শতাংশ হ্ৰাস কৰা হ’ব। এই আঁচনিখনত ভিষ্টাড’ম ডবাকে ধৰি এচিত বহাৰ সুবিধা থকা সকলো ৰে’লৰ এচি চেয়াৰ কাৰ আৰু এক্সিকিউটিভ ক্লাছত প্ৰযোজ্য হ’ব। ভাড়াৰ ৰেহাই সৰ্বাধিক ২৫ শতাংশ পৰ্যন্ত হ’ব। আনহাতে, আন আন চাৰ্জ যেনে ৰিজাৰ্ভেচন চাৰ্জ, ছুপাৰ ফাষ্ট চাৰ্জেচ, জি এছ টি ইত্যাদিৰ দৰে কৰ যিয়েই নহওক কিয়, পৃথকে পৃথকে আৰোপ কৰা হ’ব। একে সময়তে শ্ৰেণী অনুসৰিও মাচুলৰ শিথিলতাও দিব পাৰি। যোৱা ৩০ দিনৰ ভিতৰত ৫০ শতাংশ দখল থকা ৰে’লৰ কথা বিবেচনা কৰা হ’ব। ইয়াৰ পাছত যাত্ৰীৰ ভাড়া ভিত্তিত এই ৰে’লসমূহত ভাড়া ৰেহাই দিয়া হ’ব।


\





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস