--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম নহ’ল। ফলত সহযোগী দলৰ সমৰ্থনলৈ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে এনডিএ। আজি নতুন দিল্লীত অনুষ্ঠিত এনডিএৰ বৈঠকত  নৰেন্দ্ৰ মোদীক ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।  ফলত তেওঁ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰিল। 

 প্ৰথমবাৰৰ বাবে মোদীৰ নেতৃত্বত বিজেপিক  চৰকাৰ গঠনৰ বাবে  মিত্ৰ দলৰ সমৰ্থনৰ প্ৰয়োজন হৈছে।  বিজেপি আৰু মিত্ৰজোঁটৰ সদস্যসকলে তেওঁক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন কৰাৰ পিছত মোদীয়ে কয় ‘আমাৰ এই মিত্ৰতাই প্ৰকৃত অৰ্থত ভাৰতৰ মনোভাৱক প্ৰতিফলিত কৰিছে।’ । তেওঁ লগতে কয়, ‘আমি পৰাজিত হোৱা নাছিলো আৰু পৰাজিত হোৱা নাই ... পূৰ্বতে এন ডি এ চৰকাৰ আছিল, এতিয়াও আছে আৰু থাকিব।’ এপ্ৰিল মাহৰ মাজভাগত আৰম্ভ হোৱা ভাৰতৰ ছয় সপ্তাহজোৰা নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল প্ৰকাশ পায় বুধবাৰ. বিজেপিয়ে ২৪০খন আসন লাভ কৰে, যিটো সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ২৭২ৰ নিৰ্দিষ্ট সীমাৰ বহু তলত। 

এন ডি এ মিত্ৰজোঁটৰ দলসমূহে একেলগে ৫৪৩ জনীয়া সংসদৰ নিম্ন সদনত ২৯৩ খন আসন লাভ কৰে।ইফালে মোদীৰ ৰাজনৈতিক প্ৰতিপক্ষ  কংগ্ৰেছ দলৰ নেতৃত্বত ইণ্ডিয়ান মিত্ৰজোঁটে আশা কৰাতকৈ অধিক শক্তিশালী যুঁজ দিবলৈ সক্ষম হয়।এক্সিট পলৰ ভৱিষ্যদ্বাণীক মিছা প্ৰমাণ কৰি যোৱা নিৰ্বাচনৰ তুলনাত শক্তি দুগুণ কৰি মুঠ ২৩২খন আসন লাভ কৰিবলৈ সক্ষম হয় ইণ্ডিয়া মিত্ৰজোঁটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ