--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰিবলৈ সক্ষম নহ’ল। ফলত সহযোগী দলৰ সমৰ্থনলৈ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে এনডিএ। আজি নতুন দিল্লীত অনুষ্ঠিত এনডিএৰ বৈঠকত  নৰেন্দ্ৰ মোদীক ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়।  ফলত তেওঁ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত হৈ পৰিল। 

 প্ৰথমবাৰৰ বাবে মোদীৰ নেতৃত্বত বিজেপিক  চৰকাৰ গঠনৰ বাবে  মিত্ৰ দলৰ সমৰ্থনৰ প্ৰয়োজন হৈছে।  বিজেপি আৰু মিত্ৰজোঁটৰ সদস্যসকলে তেওঁক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সমৰ্থন কৰাৰ পিছত মোদীয়ে কয় ‘আমাৰ এই মিত্ৰতাই প্ৰকৃত অৰ্থত ভাৰতৰ মনোভাৱক প্ৰতিফলিত কৰিছে।’ । তেওঁ লগতে কয়, ‘আমি পৰাজিত হোৱা নাছিলো আৰু পৰাজিত হোৱা নাই ... পূৰ্বতে এন ডি এ চৰকাৰ আছিল, এতিয়াও আছে আৰু থাকিব।’ এপ্ৰিল মাহৰ মাজভাগত আৰম্ভ হোৱা ভাৰতৰ ছয় সপ্তাহজোৰা নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল প্ৰকাশ পায় বুধবাৰ. বিজেপিয়ে ২৪০খন আসন লাভ কৰে, যিটো সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় ২৭২ৰ নিৰ্দিষ্ট সীমাৰ বহু তলত। 

এন ডি এ মিত্ৰজোঁটৰ দলসমূহে একেলগে ৫৪৩ জনীয়া সংসদৰ নিম্ন সদনত ২৯৩ খন আসন লাভ কৰে।ইফালে মোদীৰ ৰাজনৈতিক প্ৰতিপক্ষ  কংগ্ৰেছ দলৰ নেতৃত্বত ইণ্ডিয়ান মিত্ৰজোঁটে আশা কৰাতকৈ অধিক শক্তিশালী যুঁজ দিবলৈ সক্ষম হয়।এক্সিট পলৰ ভৱিষ্যদ্বাণীক মিছা প্ৰমাণ কৰি যোৱা নিৰ্বাচনৰ তুলনাত শক্তি দুগুণ কৰি মুঠ ২৩২খন আসন লাভ কৰিবলৈ সক্ষম হয় ইণ্ডিয়া মিত্ৰজোঁটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু