--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পিতৃৰ বৃত্তিগত পৰিচয়ক লৈ গৰ্বিত তেওঁ৷ জীৱনৰ বাটত পিতৃ-পৰিচয়ে তেওঁক দিছে নতুন গতি৷ কন্যাৰ সফলতাত সুখী পিতৃয়ো৷ উত্তৰ প্ৰদেশৰ এগৰাকী ৰাজমিস্ত্ৰীৰ কন্যাৰ সফলতাই আনন্দৰ জোৱাৰ আনিছে৷ উত্তৰ প্ৰদেশৰ জনপদ মুজাফৰ নগৰৰ এজন ৰাজমিস্ত্ৰীৰ কন্যাৰ সাফল্যই এতিয়া চমকিত কৰিছে সকলোকে৷

নিজৰ তীক্ষ্ণ মেধাৰে ৰাজমিস্ত্ৰীগৰাকীৰ কন্যাই আমেৰিকাৰ প্ৰসিদ্ধ বাবসন কলেজৰ জলপানি লাভ কৰিবলৈ সক্ষম হৈছে৷ এই জলপানি আমেৰিকাৰ উক্ত কলেজখনে উচ্চশিক্ষাৰ বাবে প্ৰদান কৰিছে ৰাজমিস্ত্ৰীগৰাকীৰ কন্যাক৷

ৰাজমিস্ত্ৰীগৰাকীৰ কন্যাৰ নাম মুস্কান আনছাৰী৷ জানিব পৰা মতে, মুস্কানে বুলন্দ চহৰৰ বিদ্যাজ্ঞান বিদ্যালয়ত অধ্যয়ন কৰি আছে৷ ২০১৪ চনত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা মুস্কানে এই বিদ্যালয়ত অধ্যয়ন কৰি আছে৷ এই বিদ্যালয়খনে সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলৰ সন্তানৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰে৷ 

উল্লেখযোগ্য যে, দশম শ্ৰেণীত ৯৭.৬ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল মুস্কান৷ এই উত্তম নম্বৰৰ বাবে মুস্কান আমেৰিকাৰ বাবসন কলেজলৈ নিৰ্বাচিত হৈছিল৷ এই কলেজেই ১০০ শতাংশ জলপানি প্ৰদান কৰিছে মুস্কানক উচ্চ শিক্ষাৰ বাবে৷
         
মুস্কানৰ এই সাফল্যই পৰিয়ালৰ লগতে অঞ্চলটোৰ আন লোকসকলকো সুখী কৰি তুলিছে৷
এই সাফল্যৰ বাবে মুস্কানে নিজৰ পৰিয়াল আৰু শিক্ষাগুৰুক ধন্যবাদ জনাইছে৷ অনাগত দিনত দেশৰ হকে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে মুস্কানে৷ তাৰোপৰি মুস্কানে নিজৰ সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকৰ সন্তানক পঢ়ুৱাবলৈ অনুৰোধ জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে