--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পিতৃৰ বৃত্তিগত পৰিচয়ক লৈ গৰ্বিত তেওঁ৷ জীৱনৰ বাটত পিতৃ-পৰিচয়ে তেওঁক দিছে নতুন গতি৷ কন্যাৰ সফলতাত সুখী পিতৃয়ো৷ উত্তৰ প্ৰদেশৰ এগৰাকী ৰাজমিস্ত্ৰীৰ কন্যাৰ সফলতাই আনন্দৰ জোৱাৰ আনিছে৷ উত্তৰ প্ৰদেশৰ জনপদ মুজাফৰ নগৰৰ এজন ৰাজমিস্ত্ৰীৰ কন্যাৰ সাফল্যই এতিয়া চমকিত কৰিছে সকলোকে৷

নিজৰ তীক্ষ্ণ মেধাৰে ৰাজমিস্ত্ৰীগৰাকীৰ কন্যাই আমেৰিকাৰ প্ৰসিদ্ধ বাবসন কলেজৰ জলপানি লাভ কৰিবলৈ সক্ষম হৈছে৷ এই জলপানি আমেৰিকাৰ উক্ত কলেজখনে উচ্চশিক্ষাৰ বাবে প্ৰদান কৰিছে ৰাজমিস্ত্ৰীগৰাকীৰ কন্যাক৷

ৰাজমিস্ত্ৰীগৰাকীৰ কন্যাৰ নাম মুস্কান আনছাৰী৷ জানিব পৰা মতে, মুস্কানে বুলন্দ চহৰৰ বিদ্যাজ্ঞান বিদ্যালয়ত অধ্যয়ন কৰি আছে৷ ২০১৪ চনত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছৰে পৰা মুস্কানে এই বিদ্যালয়ত অধ্যয়ন কৰি আছে৷ এই বিদ্যালয়খনে সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলৰ সন্তানৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰে৷ 

উল্লেখযোগ্য যে, দশম শ্ৰেণীত ৯৭.৬ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল মুস্কান৷ এই উত্তম নম্বৰৰ বাবে মুস্কান আমেৰিকাৰ বাবসন কলেজলৈ নিৰ্বাচিত হৈছিল৷ এই কলেজেই ১০০ শতাংশ জলপানি প্ৰদান কৰিছে মুস্কানক উচ্চ শিক্ষাৰ বাবে৷
         
মুস্কানৰ এই সাফল্যই পৰিয়ালৰ লগতে অঞ্চলটোৰ আন লোকসকলকো সুখী কৰি তুলিছে৷
এই সাফল্যৰ বাবে মুস্কানে নিজৰ পৰিয়াল আৰু শিক্ষাগুৰুক ধন্যবাদ জনাইছে৷ অনাগত দিনত দেশৰ হকে কাম কৰি যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে মুস্কানে৷ তাৰোপৰি মুস্কানে নিজৰ সম্প্ৰদায়ৰ লোকসকলক তেওঁলোকৰ সন্তানক পঢ়ুৱাবলৈ অনুৰোধ জনায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ