--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকোভিডৰ সময়ৰে পৰাই বিধ্বস্ত হৈ পৰিছে ভাৰতৰ অৰ্থনীতি। ভাৰতীয় অৰ্থনীতি বিশ্বৰ ষষ্ঠ স্থানত থকা বুলি বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে যদিও দৰাচলতে শেহতীয়া ফেক্ট ছেকে দেশৰ অৰ্থনীতি তৃতীয় স্থানত থকা বুলিহে প্ৰমাণ কৰিছে।

শেহতীয়া খবৰ অনুসৰি বিকাশৰ ক্ষেত্ৰত ভাৰত ১৬৪ সংখ্যক  স্থানত উপনীত হৈছে। এই দাবীটো সুব্ৰমনিয়াম স্বামীৰ দৰে ৰাজনীতিবিদসকলেও  টুইটত কৰিছে। 

কিন্তু তথ্য পৰীক্ষা কৰি দেখা গৈছে যে ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'ব বুলিহে অনুমাণ কৰা হৈছিল। দেশৰ জিডিপিৰ (মুঠ ৰাষ্ট্ৰীয় উৎপাদন) ৰ পৰিমাণ সেই সময়ত হ'ব ৮.৪ ট্ৰিলিয়ন ডলাৰ হ'ব বুলি ধাৰণা কৰা হৈছিল। বৰ্তমান, জিডিপি হৈছে ২.৭ বিলিয়ন ডলাৰ। আমেৰিকা যুক্তৰাজ্য, চীন, জাপান, জাৰ্মানী আৰু ব্ৰিটেইনৰ পিছত ভাৰত বৰ্তমান বিশ্বৰ ষষ্ঠ বৃহত্তম অৰ্থনীতি বুলি কোৱা হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক সংস্থাৰ  জৰীপ অনুসৰি  ২০৩০  চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ অৰ্থনীতি হ'ব। একাধিক বিত্তীয় পৰিসাংখ্যিক জৰীপত এনেধৰণৰ পূৰ্বানুমান কৰা হৈছে।বৰ্তমান, ভাৰত হৈছে বিশ্বৰ ১৯৩ খন দেশৰ ভিতৰত ১৬৪ তম সৰ্ববৃহৎ অৰ্থনীতি।কিন্তু এই দাবীটো কিমান বাস্তৱিক? কৰোনা মহামাৰীৰ ফলত জিডিপি যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ পিছত দেশৰ অৰ্থনীতি প্ৰকৃততে ক'ত আছে? ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ বৃদ্ধি পাইছে নেকি? ব্যাপকভাৱে ভাইৰেল হোৱা দাবীটো কংগ্ৰেছৰ প্ৰাক্তন সাংসদ উদিত ৰাজ আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুব্ৰমনিয়াম স্বামীয়ে পুনৰ টুইট কৰিছিল আৰু শ্বেয়াৰ কৰিছিল। অৱশ্যে, ভাইৰেল দাবীটো খাৰিজ কৰি এই প্ৰশ্নবোৰৰ উত্তৰ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনষ্ঠ  পিআইবিয়ে দিছে।

পি.আই.বি.-ৰ মতে, ২০২১ চনত ভাৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হৈ পৰিছে। দাবীটোৰ সমৰ্থনত, কেন্দ্ৰীয় সংস্থাটোৱে বিভিন্ন প্ৰতিবেদনৰ তথ্য উল্লেখ কৰিছে। বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰঅনুসৰি, বিশ্ব বেংকৰ দ্বাৰাও এই তথ্যক স্বীকৃতি দিয়া হৈছে।

তথ্য অনুসৰি চীন হৈছে এই মুহূৰ্তত বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতি। দ্বিতীয় স্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু তৃতীয় স্থানত আছে ভাৰত।


অৱশ্যে, ডব্লিউডিআই (বিশ্ব বেংক বিশ্ব উন্নয়ন সূচক) অনুসৰি, ভাৰতে বৰ্তমান ফ্ৰান্সক চেৰ পেলাই বিশ্বৰ ষষ্ঠ সৰ্ববৃহৎ অৰ্থনীতি হৈছে।

"১৬৪ তম অৰ্থনীতি"ৰ দাবীৰ আঁৰৰ কাৰণ কি?
অক্টোবৰ ২০২০-ত, আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে মহামাৰীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জিডিপিৰ হ্ৰাস ১০ শতাংশ  অতিক্ৰম কৰিব পাৰে। ইয়াৰ ফলস্বৰূপে, বাংলাদেশেও জনমূৰি জিডিপিত ভাৰতক অতিক্ৰম কৰিব পাৰে। যদি তেনেকুৱা হয়, তেন্তে ভাৰতে প্ৰকৃততে ১৯৩ খন দেশৰ ভিতৰত অৰ্থনৈতিক বিকাশত ১৬৪  তম স্থান লাভ কৰিব। অৱশ্যে, কৰোনাৰ ঢৌৰ  ফলত ভাৰতে যথেষ্ট পৰিমাণৰ বিত্তীয় লোকচান ভৰিবলগীয়া হৈছে।  এনেবোৰ প্ৰতিবেদনৰ মাজতে ভাৰতৰ অৰ্থনীতি ষষ্ঠ নহয় তৃতীয় স্থানত থকা বুলিহে চৰকাৰী ভাবে দাবী কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ