--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদীয় সমিতিৰ নেতৃত্বৰ পৰা বাদ পৰিল তৃণমূল, আম আদমী পাৰ্টি।৩৬ জন সদস্যৰ সৈতে তৃণমূল কংগ্ৰেছ সংসদৰ দ্বিতীয় সৰ্ববৃহৎ বিৰোধী দল। মমতা বেনাৰ্জীৰ দলক সংসদৰ মুঠ ৫৬ খন সমিতিৰ ভিতৰৰে এটাৰো অধ্যক্ষৰ পদ দিয়া হোৱা নাই।

ইয়াৰ আগতে ২৪ টা বিভিন্ন মন্ত্ৰালয়ৰ স্থায়ী সমিতি পুনৰ গঠন কৰা হৈছিল। খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিষয়ক সমিতিৰ পুৰণি অধ্যক্ষ টিএমচিৰ সুদীপ বন্দোপাধ্যায়ক অপসাৰণ কৰা হৈছিল। দুদিন আগতে সংসদীয় অধিৱেশনৰ কাৰ্যপ্ৰণালী সম্পৰ্কীয় ২৯ খন সমিতি (গৃহ সমিতি) আৰু ৩ খন অৰ্থনৈতিক সমিতিৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে।

এই তালিকাত  তৃণমূল আৰু আপক কোনো সমিতিৰ অধ্যক্ষৰ পদ দিয়া হোৱা নাই। অৱশ্যে ৩৪ জন সাংসদ থকা ডিএমকেই তিনিখন সমিতিৰ অধ্যক্ষতা লাভ কৰে। তাৎপৰ্যপূৰ্ণভাৱে বিএছপি আৰু বিজেডিয়ে ক্ৰমান্বয়ে এখন  আৰু দুখন সমিতিৰ অধ্যক্ষতা লাভ কৰিছে।বিএছপিক বিজেপি বিৰোধী দল হিচাপে জনা যায়। কিন্তু ৰাজনৈতিক শিবিৰৰ মতে যোৱা আঢ়ৈ বছৰ ধৰি মায়াৱতীয়ে কেন্দ্ৰীয় তদন্ত সংস্থাৰ হেঁচাত উত্তৰ প্ৰদেশত বিজেপিক পৰোক্ষভাৱে সহায় কৰি আহিছে। 

একেদৰে নবীন পাটনায়কৰ বিজেডিয়ে এনডিএৰ অংশ নোহোৱা স্বত্বেও বিজেপিক বিভিন্ন ধৰণে সহায় কৰিছে। বিৰোধী দলৰ এটা অংশৰ মতে এনডিএৰ প্ৰতি নৰম দলসমূহক এইবাৰ বিভিন্ন সংসদীয় সমিতিৰ পদ দি পুৰস্কৃত কৰা হৈছে। 

জগন মোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছক দুটা পদ দিয়া হৈছে, টিআৰএছক এটা আৰু শিৱসেনাক এটা পদ প্ৰদান কৰা হৈছে। টিএমচিৰ ৰাজ্যসভাৰ নেতা ডেৰেক অ'ব্ৰায়েনে কয়, "আমি ভিক্ষা নকৰো। মই সংসদৰ ভিতৰত আৰু বাহিৰত যিদৰে যুঁজি আছিলোঁ সেইদৰে  বিজেপিৰ বিৰুদ্ধে যুঁজি যাম। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক