--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদীয় সমিতিৰ নেতৃত্বৰ পৰা বাদ পৰিল তৃণমূল, আম আদমী পাৰ্টি।৩৬ জন সদস্যৰ সৈতে তৃণমূল কংগ্ৰেছ সংসদৰ দ্বিতীয় সৰ্ববৃহৎ বিৰোধী দল। মমতা বেনাৰ্জীৰ দলক সংসদৰ মুঠ ৫৬ খন সমিতিৰ ভিতৰৰে এটাৰো অধ্যক্ষৰ পদ দিয়া হোৱা নাই।

ইয়াৰ আগতে ২৪ টা বিভিন্ন মন্ত্ৰালয়ৰ স্থায়ী সমিতি পুনৰ গঠন কৰা হৈছিল। খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা বিষয়ক সমিতিৰ পুৰণি অধ্যক্ষ টিএমচিৰ সুদীপ বন্দোপাধ্যায়ক অপসাৰণ কৰা হৈছিল। দুদিন আগতে সংসদীয় অধিৱেশনৰ কাৰ্যপ্ৰণালী সম্পৰ্কীয় ২৯ খন সমিতি (গৃহ সমিতি) আৰু ৩ খন অৰ্থনৈতিক সমিতিৰ সদস্যসকলৰ নাম ঘোষণা কৰা হৈছে।

এই তালিকাত  তৃণমূল আৰু আপক কোনো সমিতিৰ অধ্যক্ষৰ পদ দিয়া হোৱা নাই। অৱশ্যে ৩৪ জন সাংসদ থকা ডিএমকেই তিনিখন সমিতিৰ অধ্যক্ষতা লাভ কৰে। তাৎপৰ্যপূৰ্ণভাৱে বিএছপি আৰু বিজেডিয়ে ক্ৰমান্বয়ে এখন  আৰু দুখন সমিতিৰ অধ্যক্ষতা লাভ কৰিছে।বিএছপিক বিজেপি বিৰোধী দল হিচাপে জনা যায়। কিন্তু ৰাজনৈতিক শিবিৰৰ মতে যোৱা আঢ়ৈ বছৰ ধৰি মায়াৱতীয়ে কেন্দ্ৰীয় তদন্ত সংস্থাৰ হেঁচাত উত্তৰ প্ৰদেশত বিজেপিক পৰোক্ষভাৱে সহায় কৰি আহিছে। 

একেদৰে নবীন পাটনায়কৰ বিজেডিয়ে এনডিএৰ অংশ নোহোৱা স্বত্বেও বিজেপিক বিভিন্ন ধৰণে সহায় কৰিছে। বিৰোধী দলৰ এটা অংশৰ মতে এনডিএৰ প্ৰতি নৰম দলসমূহক এইবাৰ বিভিন্ন সংসদীয় সমিতিৰ পদ দি পুৰস্কৃত কৰা হৈছে। 

জগন মোহন ৰেড্ডীৰ ৱাইএছআৰ কংগ্ৰেছক দুটা পদ দিয়া হৈছে, টিআৰএছক এটা আৰু শিৱসেনাক এটা পদ প্ৰদান কৰা হৈছে। টিএমচিৰ ৰাজ্যসভাৰ নেতা ডেৰেক অ'ব্ৰায়েনে কয়, "আমি ভিক্ষা নকৰো। মই সংসদৰ ভিতৰত আৰু বাহিৰত যিদৰে যুঁজি আছিলোঁ সেইদৰে  বিজেপিৰ বিৰুদ্ধে যুঁজি যাম। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু