--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধি, প্ৰদূষণ, যান-জঁটৰ সমস্যা আদি এশ এবুৰি সমস্যাৰ বাবে চাইকেল এতিয়া বহুতৰে প্ৰিয় বাহন হৈ পৰিছে। গাঁৱৰ লগতে চহৰ সমূহতো চাইকেলৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে সময়তে মানুহক চাইকেল কিনিবলৈ অধিক উৎসাহী কৰি তোলাৰ বাবে দেশৰ এঘখন ৰাজ্যৰ চৰকাৰে চাইকেলতো চাবচিডি অৰ্থাৎ ৰাজসাহায্য ঘোষণা কৰিছে। 

একো খন চাইকেল কিনিলে ক্ৰয় কৰা ব্যক্তি গৰাকীয়ে কমেও ৫,০০০ টকাৰ ৰাজসাহায্য লাভ কৰিব। কিন্তু কোন খন ৰাজ্যই বাৰু এই বিশেষ সকাহ প্ৰদানৰ ব্যৱস্থা কৰিছে? ৰাজ্য খন হৈছে দিল্লী। মানুহক চাইকেল ক্ৰয় কৰিবলৈ উৎসাহিত কৰি তোলাৰ বাবেই দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে বৈদ্যুতিক বাহন নীতিৰ অধীনত বৈদ্যুতিক চাইকেলত  ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। সেইমৰ্মে  ই-চাইকেলৰ  ১১ টা মডেল আৰু দুখন ই-কাৰ্গো চাইকেল মডেলত ৰাজসাহায্য  প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।

 ই-চাইকেলৰ আৰু ছয়টা মডেলত ৰাজসাহায্য প্ৰদানৰ বিষয়টো বিবেচনাধীন হৈ আছে। দিল্লী চৰকাৰৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়, "ৰাজসাহায্য প্ৰদানৰ পিছত  দিল্লীৰ জনসাধাৰণে  ই-চাইকেল ক্ৰয় কৰিবলৈ উৎসাহী হ’ব।" এপ্ৰিলৰ দ্বিতীয় সপ্তাহত দিল্লীৰ চৰকাৰে ৰাজধানী চহৰ খনত  চলি থকা  ই-চাইকেলৰ ব্যৱহাৰ বৃদ্ধিৰ  বাবে এক গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিছিল। চহৰখনত বৈদ্যুতিক বাহনৰ বজাৰ সম্প্ৰসাৰিত কৰা আৰু প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে ই-চাইকেলৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছিল।

 চৰকাৰী মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে ৰাজসাহায্য কেৱল তেওঁলোকক দিয়া হ'ব, যিসকল দিল্লীৰ বাসিন্দা। দিল্লীৰ প্ৰথম ১০,০০০ জন বৈদ্যুতিক চাইকেলৰ  ক্ৰেতাই ২৫ শতাংশ ৰাজসাহায্য লাভ কৰিব। ইয়াৰ পৰিমাণ হ’ব ৫,৫০০ টকা।

 আনহাতে প্ৰথম ১,০০০ জনে ২০০০ টকাৰ অতিৰিক্ত ৰাজসাহায্য লাভ কৰিব। দিল্লীৰ চৰকাৰে চহৰখনৰ খাদ্য বিতৰণ আৰু ই-কমাৰ্চ কৰ্মীসকলক সহায় কৰিবলৈ প্ৰথম ৫,০০০ ই-কাৰ্গো চাইকেল ক্ৰেতাক প্ৰতিখন বাহনত ৩৩ শতাংশ অৰ্থাৎ ১৫,০০০  টকালৈ ৰাজসাহায্য প্ৰদান কৰিব। ই-চাইকেল ক্ৰয় কৰাৰ  ক্ৰয়ৰ ৭-১০ দিনৰ   ভিতৰত ক্ৰেতাৰ বেঙ্ক একাউণ্টত ৰাজসাহায্যৰ ধন জমা  হ'ব। অনুমোদিত ব্ৰেণ্ড আৰু মডেলৰ তালিকা দিল্লী পৰিবহন বিভাগৰ বৈদ্যুতিক বাহনৰ পৰ্টেলত  http://ev.delhi.gov.in উপলব্ধ হ’ব। ই-চাইকেল চাৰ্জেবল বেটাৰিৰ দ্বাৰা চালিত আৰু  পেডেলিঙৰো ব্যৱস্থা  থাকে।  এনে চাইকেল শৰীৰচৰ্চা আৰু ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। 

এনে  ই-চাইকেল এবাৰ চাৰ্জ দিলে ৪৫ কিলোমিটাৰ লৈকে ভ্ৰমণ কৰিব পাৰে। ই-চাইকেলবোৰ ঘৰতে মোবাইল ফোনৰ দৰে চাৰ্জিং কিটৰ জৰিয়তে চাৰ্জ কৰিব পাৰি।এনে চাইকেলে প্ৰদূষণ হ্ৰাস কৰাতো বৰঙণি যোগাই আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু