--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধি, প্ৰদূষণ, যান-জঁটৰ সমস্যা আদি এশ এবুৰি সমস্যাৰ বাবে চাইকেল এতিয়া বহুতৰে প্ৰিয় বাহন হৈ পৰিছে। গাঁৱৰ লগতে চহৰ সমূহতো চাইকেলৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। এনে সময়তে মানুহক চাইকেল কিনিবলৈ অধিক উৎসাহী কৰি তোলাৰ বাবে দেশৰ এঘখন ৰাজ্যৰ চৰকাৰে চাইকেলতো চাবচিডি অৰ্থাৎ ৰাজসাহায্য ঘোষণা কৰিছে। 

একো খন চাইকেল কিনিলে ক্ৰয় কৰা ব্যক্তি গৰাকীয়ে কমেও ৫,০০০ টকাৰ ৰাজসাহায্য লাভ কৰিব। কিন্তু কোন খন ৰাজ্যই বাৰু এই বিশেষ সকাহ প্ৰদানৰ ব্যৱস্থা কৰিছে? ৰাজ্য খন হৈছে দিল্লী। মানুহক চাইকেল ক্ৰয় কৰিবলৈ উৎসাহিত কৰি তোলাৰ বাবেই দিল্লীৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে বৈদ্যুতিক বাহন নীতিৰ অধীনত বৈদ্যুতিক চাইকেলত  ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। সেইমৰ্মে  ই-চাইকেলৰ  ১১ টা মডেল আৰু দুখন ই-কাৰ্গো চাইকেল মডেলত ৰাজসাহায্য  প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে।

 ই-চাইকেলৰ আৰু ছয়টা মডেলত ৰাজসাহায্য প্ৰদানৰ বিষয়টো বিবেচনাধীন হৈ আছে। দিল্লী চৰকাৰৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়, "ৰাজসাহায্য প্ৰদানৰ পিছত  দিল্লীৰ জনসাধাৰণে  ই-চাইকেল ক্ৰয় কৰিবলৈ উৎসাহী হ’ব।" এপ্ৰিলৰ দ্বিতীয় সপ্তাহত দিল্লীৰ চৰকাৰে ৰাজধানী চহৰ খনত  চলি থকা  ই-চাইকেলৰ ব্যৱহাৰ বৃদ্ধিৰ  বাবে এক গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিছিল। চহৰখনত বৈদ্যুতিক বাহনৰ বজাৰ সম্প্ৰসাৰিত কৰা আৰু প্ৰদূষণৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে ই-চাইকেলৰ ব্যৱহাৰত গুৰুত্ব দিয়া হৈছিল।

 চৰকাৰী মুখপাত্ৰ গৰাকীয়ে লগতে কয় যে ৰাজসাহায্য কেৱল তেওঁলোকক দিয়া হ'ব, যিসকল দিল্লীৰ বাসিন্দা। দিল্লীৰ প্ৰথম ১০,০০০ জন বৈদ্যুতিক চাইকেলৰ  ক্ৰেতাই ২৫ শতাংশ ৰাজসাহায্য লাভ কৰিব। ইয়াৰ পৰিমাণ হ’ব ৫,৫০০ টকা।

 আনহাতে প্ৰথম ১,০০০ জনে ২০০০ টকাৰ অতিৰিক্ত ৰাজসাহায্য লাভ কৰিব। দিল্লীৰ চৰকাৰে চহৰখনৰ খাদ্য বিতৰণ আৰু ই-কমাৰ্চ কৰ্মীসকলক সহায় কৰিবলৈ প্ৰথম ৫,০০০ ই-কাৰ্গো চাইকেল ক্ৰেতাক প্ৰতিখন বাহনত ৩৩ শতাংশ অৰ্থাৎ ১৫,০০০  টকালৈ ৰাজসাহায্য প্ৰদান কৰিব। ই-চাইকেল ক্ৰয় কৰাৰ  ক্ৰয়ৰ ৭-১০ দিনৰ   ভিতৰত ক্ৰেতাৰ বেঙ্ক একাউণ্টত ৰাজসাহায্যৰ ধন জমা  হ'ব। অনুমোদিত ব্ৰেণ্ড আৰু মডেলৰ তালিকা দিল্লী পৰিবহন বিভাগৰ বৈদ্যুতিক বাহনৰ পৰ্টেলত  http://ev.delhi.gov.in উপলব্ধ হ’ব। ই-চাইকেল চাৰ্জেবল বেটাৰিৰ দ্বাৰা চালিত আৰু  পেডেলিঙৰো ব্যৱস্থা  থাকে।  এনে চাইকেল শৰীৰচৰ্চা আৰু ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। 

এনে  ই-চাইকেল এবাৰ চাৰ্জ দিলে ৪৫ কিলোমিটাৰ লৈকে ভ্ৰমণ কৰিব পাৰে। ই-চাইকেলবোৰ ঘৰতে মোবাইল ফোনৰ দৰে চাৰ্জিং কিটৰ জৰিয়তে চাৰ্জ কৰিব পাৰি।এনে চাইকেলে প্ৰদূষণ হ্ৰাস কৰাতো বৰঙণি যোগাই আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ