--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মঙলবাৰে এন ডি এ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাৰ পাছত প্ৰথমবাৰলৈ দিল্লীলৈ আহিছে দ্ৰৌপদী মুৰ্মু। ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁৰ বিজয় প্ৰায় নিশ্চিত বুলি ধাৰণা কৰা হৈছে। যদিহে আশা কৰা ধৰণে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা জনজাতীয় ৰাষ্ট্ৰপতি চিহ্নিত 'ব।

তেওঁক সাক্ষাৎ কৰাৰ কৰাৰ কথা প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে এই বিষয়ে সদৰি কৰে। তেওঁ কয়, "মই আজি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিলোঁ আৰু তেওঁক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাটোৱে সমগ্ৰ দেশৰ সমাজৰ সকলো শ্ৰেণীৰ পৰা সমৰ্থন লাভ কৰিছে। ভাৰতৰ উন্নয়নৰ বাবে তেওঁৰ দৃষ্টিভংগী আৰু দেশৰ তৃণমূল সমস্যাৰ বিষয়ে তেওঁৰ বুজাবুজি অতুলনীয়।


দিল্লীলৈ দ্ৰৌপদী মুৰ্মুৰ আগমনৰ পাছতে, বিজেপিৰ ৰাজ্যিক সভাপতি আদেশ গুপ্তা, দলৰ সাংসদ মনোজ তিৱাৰী আৰু দিল্লী বিধানসভাৰ বিৰোধী দলৰ নেতা ৰমেশ বিধুৰী আৰু তেওঁৰ লগতে দিল্লী বিজেপিৰ কেইবাজনো নেতাই বিমানবন্দৰত মুৰ্মুক আদৰণি জনায়। সূত্ৰ অনুসৰি, তেওঁৰ মনোনয়ন সম্পৰ্কীয় নথিপত্ৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীৰ বাসগৃহত প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা তেওঁৰ প্ৰস্তাৱক হ'ব।

কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতাসকলে যোশীৰ বাসগৃহত প্ৰস্তাৱক আৰু সমৰ্থক হিচাপে নথিপত্ৰত স্বাক্ষৰ কৰিছে। বিজু জনতা দলৰ সস্মিত পাত্ৰও নথিপত্ৰত স্বাক্ষৰ কৰাসকলৰ ভিতৰত আছে। উল্লেখ্য যে, বিজেডিয়ে মুৰ্মুৰ মনোনয়ন সমৰ্থন কৰিছে।

 

ৰাষ্ট্ৰীয় ৰাজধানী লৈ ৰাওনা হোৱাৰ পূৰ্বে উৰিষ্যাত এক চমু বিবৃতিত মুৰ্মুৱে কয়, "মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সকলোৰে সহযোগিতা বিচাৰিছোঁ। মই ১৮ জুলাইৰ আগতে সকলো সাংসদ ভোটাৰক লগ ৰিম আৰু তেওঁলোকৰ সমৰ্থন বিচাৰিম। উল্লেখ্য যে, ৰাষ্ট্ৰপতি পদৰ বাবে ভোটদান ১৮ জুলাইত অনুষ্ঠিত হ'ব। বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ