--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গেহলট চৰকাৰৰ মন্ত্ৰী পৰসাদী লাল মীনাই ৰাহুল গান্ধীক ৰামৰ লগত তুলনা কৰিলে। আনকি তেওঁ কৈছিল যে ৰাহুল গান্ধীয়ে কৰা দৰে দীঘলীয়া যাত্ৰা ভগৱান ৰামেও কৰা নাই।

গেহলট চৰকাৰত দিয়া বক্তব্যৰ বাবে পুনৰবাৰ শিৰোনাম দখল কৰিছে চিকিৎসা মন্ত্ৰী পৰসাদী লাল মীনাই। পৰসাদী লাল মীনাই ৰাহুল গান্ধীক ভগৱান ৰামৰ লগত তুলনা কৰিছিল। তেওঁ কয় যে ৰাহুল গান্ধীয়ে ভগৱান ৰামতকৈ বেছি খোজ কাঢ়িব। ভগৱান ৰাম অযোধ্যাৰ পৰা শ্ৰীলংকালৈ খোজকাঢ়ি গৈছিল। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি যাব ৰাহুল গান্ধীয়ে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কালি বিয়লি ৪ বজাত দৌছাত মন্ত্ৰী পৰসাদী লাল মীনাই এই বক্তব্য প্ৰদান কৰে। লালসোট নগৰৰ বাগদী গাঁৱত চি এইচ চি ভৱনকে ধৰি বহুকেইখন আঁচনিৰ আধাৰশিলা স্থাপন কৰি তেওঁ এই বক্তব্য দাঙি ধৰে। ভাৰত যোড়ো যাত্ৰাৰ বাবে তেওঁ ৰাহুল গান্ধীক বহুত প্ৰশংসা কৰে। তেওঁ কৈছিল যে ভগৱান ৰামেও ত্ৰেতাযুগত নিৰ্বাসিত সময়ত ইমান দীঘলীয়া যাত্ৰা কৰা নাছিল। ভগৱান ৰাম অযোধ্যাৰ পৰা শ্ৰীলংকালৈ খোজ কাঢ়ি গৈছিল। তাতোকৈয়ো বেছি ৰাহুল গান্ধীৰ এই ঐতিহাসিক পদযাত্ৰা যি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাব।

মন্ত্ৰীগৰাকীয়ে কয় যে দেশত সাম্প্ৰদায়িকতাবাদৰ পৰিৱেশ সৃষ্টি হৈছে, য’ত ৰাহুল গান্ধীয়ে দেশখনক একত্ৰিত কৰাৰ বাবে কাম কৰিবলৈ ওলাইছে। ইমান দীঘলয়া পদযাত্ৰা কেতিয়াও ওলোৱা নাছিল আৰু আগলৈও কোনেও উলিয়াব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু