--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গেহলট চৰকাৰৰ মন্ত্ৰী পৰসাদী লাল মীনাই ৰাহুল গান্ধীক ৰামৰ লগত তুলনা কৰিলে। আনকি তেওঁ কৈছিল যে ৰাহুল গান্ধীয়ে কৰা দৰে দীঘলীয়া যাত্ৰা ভগৱান ৰামেও কৰা নাই।

গেহলট চৰকাৰত দিয়া বক্তব্যৰ বাবে পুনৰবাৰ শিৰোনাম দখল কৰিছে চিকিৎসা মন্ত্ৰী পৰসাদী লাল মীনাই। পৰসাদী লাল মীনাই ৰাহুল গান্ধীক ভগৱান ৰামৰ লগত তুলনা কৰিছিল। তেওঁ কয় যে ৰাহুল গান্ধীয়ে ভগৱান ৰামতকৈ বেছি খোজ কাঢ়িব। ভগৱান ৰাম অযোধ্যাৰ পৰা শ্ৰীলংকালৈ খোজকাঢ়ি গৈছিল। কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ খোজ কাঢ়ি যাব ৰাহুল গান্ধীয়ে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কালি বিয়লি ৪ বজাত দৌছাত মন্ত্ৰী পৰসাদী লাল মীনাই এই বক্তব্য প্ৰদান কৰে। লালসোট নগৰৰ বাগদী গাঁৱত চি এইচ চি ভৱনকে ধৰি বহুকেইখন আঁচনিৰ আধাৰশিলা স্থাপন কৰি তেওঁ এই বক্তব্য দাঙি ধৰে। ভাৰত যোড়ো যাত্ৰাৰ বাবে তেওঁ ৰাহুল গান্ধীক বহুত প্ৰশংসা কৰে। তেওঁ কৈছিল যে ভগৱান ৰামেও ত্ৰেতাযুগত নিৰ্বাসিত সময়ত ইমান দীঘলীয়া যাত্ৰা কৰা নাছিল। ভগৱান ৰাম অযোধ্যাৰ পৰা শ্ৰীলংকালৈ খোজ কাঢ়ি গৈছিল। তাতোকৈয়ো বেছি ৰাহুল গান্ধীৰ এই ঐতিহাসিক পদযাত্ৰা যি কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাব।

মন্ত্ৰীগৰাকীয়ে কয় যে দেশত সাম্প্ৰদায়িকতাবাদৰ পৰিৱেশ সৃষ্টি হৈছে, য’ত ৰাহুল গান্ধীয়ে দেশখনক একত্ৰিত কৰাৰ বাবে কাম কৰিবলৈ ওলাইছে। ইমান দীঘলয়া পদযাত্ৰা কেতিয়াও ওলোৱা নাছিল আৰু আগলৈও কোনেও উলিয়াব নোৱাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক