--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ ৰাম আৰু ৰাহুল গান্ধীৰ মাজত সাদৃশ্যতা বিচাৰি পাইছে কংগ্ৰেছ নেতাসকলে। শেহতীয়াকৈ দুজনকৈ দেশৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাই এই সম্পৰ্কত লক্ষ্যণীয় মন্তব্য আগবঢ়াইছে।

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সচিব নানা পাটলেই কয় যে ৰাহুল গান্ধী আৰু ৰামৰ মাজত এটা কাকতালীয় সংযোগ আছে। সেয়া হৈছে দুয়োগৰাকীৰে নামটো আৰম্ভ হৈছে ৰ আখৰেৰে।

পাটলেৰ পূৰ্বে সোমাবাৰে ৰাজস্থানৰ মন্ত্ৰী পাৰচাদী লাল মীনাইও একে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে ৰামে অযোধ্যাৰ পৰা লংকালৈ যিদৰে যাত্ৰা কৰিছিল, সেইদৰে ৰাহুল গান্ধীয়েও ‘ভাৰত জোড়ো যাত্ৰা’ কৰিছে। আনকি ৰামতকৈও বেছি দূৰত্ব ৰাহুল গান্ধীয়ে অতিক্ৰম কৰিছে।

“ৰাহুল গান্ধীৰ পদযাত্ৰা ঐতিহাসিক।”- মীনাই কৈছিল। মীনাৰ বক্তব্যটোৱে চৰ্চা লাভ কৰি থাকোতেই ইয়াৰ সমৰ্থনত নানা পাটলেই কয় যে ৰাহুল গান্ধী আৰু ৰামৰ প্ৰথম আখৰৰ মাজত সাদৃশ্য আছে কিন্তু কংগ্ৰছ দলে তেওঁলোকৰ মাজত তুলনা কৰা নাই।

 “এয়া ভগৱান শ্ৰীৰামচন্দ্ৰৰ লগত তুলনা নহয় কিন্তু এটা কাকতালীয় সংযোগ যে ৰাহুল গান্ধী আৰু ৰাম- দুয়োগৰাকীৰে প্ৰথম আখৰটো ৰ।”- পাটলেই কয়।

“ভগৱান ভগৱানেই আৰু ৰাহুল গান্ধী এজন মানুহ। ৰাহুল গান্ধীয়ে মানৱতাৰ বাবে কাম কৰি আছে।”- তেওঁ যোগ দিয়ে।

উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ই মঙলবাৰে পুৱা অন্ধ্ৰ প্ৰদেশত সোমাইছে। বৰ্তমানলৈকে যাত্ৰাটোৰ ৪১ টা দিন অতিক্ৰম কৰিছে। কংগ্ৰেছে টুইটাৰযোগে কয় যে অন্ধ্ৰ প্ৰদেশত ৰাহুল গান্ধী সোমোৱাৰ লগে লগে ৰাজ্যখনত ব্যাপক উচাহ পৰিলক্ষিত হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু