--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এইবাৰ ৰাম আৰু ৰাহুল গান্ধীৰ মাজত সাদৃশ্যতা বিচাৰি পাইছে কংগ্ৰেছ নেতাসকলে। শেহতীয়াকৈ দুজনকৈ দেশৰ জ্যেষ্ঠ কংগ্ৰেছ নেতাই এই সম্পৰ্কত লক্ষ্যণীয় মন্তব্য আগবঢ়াইছে।

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সচিব নানা পাটলেই কয় যে ৰাহুল গান্ধী আৰু ৰামৰ মাজত এটা কাকতালীয় সংযোগ আছে। সেয়া হৈছে দুয়োগৰাকীৰে নামটো আৰম্ভ হৈছে ৰ আখৰেৰে।

পাটলেৰ পূৰ্বে সোমাবাৰে ৰাজস্থানৰ মন্ত্ৰী পাৰচাদী লাল মীনাইও একে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে ৰামে অযোধ্যাৰ পৰা লংকালৈ যিদৰে যাত্ৰা কৰিছিল, সেইদৰে ৰাহুল গান্ধীয়েও ‘ভাৰত জোড়ো যাত্ৰা’ কৰিছে। আনকি ৰামতকৈও বেছি দূৰত্ব ৰাহুল গান্ধীয়ে অতিক্ৰম কৰিছে।

“ৰাহুল গান্ধীৰ পদযাত্ৰা ঐতিহাসিক।”- মীনাই কৈছিল। মীনাৰ বক্তব্যটোৱে চৰ্চা লাভ কৰি থাকোতেই ইয়াৰ সমৰ্থনত নানা পাটলেই কয় যে ৰাহুল গান্ধী আৰু ৰামৰ প্ৰথম আখৰৰ মাজত সাদৃশ্য আছে কিন্তু কংগ্ৰছ দলে তেওঁলোকৰ মাজত তুলনা কৰা নাই।

 “এয়া ভগৱান শ্ৰীৰামচন্দ্ৰৰ লগত তুলনা নহয় কিন্তু এটা কাকতালীয় সংযোগ যে ৰাহুল গান্ধী আৰু ৰাম- দুয়োগৰাকীৰে প্ৰথম আখৰটো ৰ।”- পাটলেই কয়।

“ভগৱান ভগৱানেই আৰু ৰাহুল গান্ধী এজন মানুহ। ৰাহুল গান্ধীয়ে মানৱতাৰ বাবে কাম কৰি আছে।”- তেওঁ যোগ দিয়ে।

উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত ‘ভাৰত জোড়ো যাত্ৰা’ই মঙলবাৰে পুৱা অন্ধ্ৰ প্ৰদেশত সোমাইছে। বৰ্তমানলৈকে যাত্ৰাটোৰ ৪১ টা দিন অতিক্ৰম কৰিছে। কংগ্ৰেছে টুইটাৰযোগে কয় যে অন্ধ্ৰ প্ৰদেশত ৰাহুল গান্ধী সোমোৱাৰ লগে লগে ৰাজ্যখনত ব্যাপক উচাহ পৰিলক্ষিত হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক