--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিমান ইন্ধনৰ কৰ কমাবলৈ দেশৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমানসেৱা মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। মঙলবাৰে তেওঁ কয়ে মহামাৰিৰ পাছত বিমান যাত্ৰাৰ ব্যাপক চাহিদা বৃদ্ধি পাইছে। সেয়ে ৰাজ্যকেইখনে বিমান ইন্ধনৰ কৰ লঘু কৰক।

নতুন দিল্লীত এখন বৈঠকত সিন্ধিয়াই কয়ে দেশৰ ঘৰুৱা বিমানসেৱা ক’ভিডৰ পাছত পুনৰ ঠন ধৰি উঠিছে, যাত্ৰীৰ সংখ্যা তীব্ৰভাৱে বৃদ্ধি পাইছে। কিন্তু বিমান ইন্ধনৰ ওপৰত থকা ভেটৰ পৰিমাণ আঠোখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ২০-৩০ শতাংশৰ ভিতৰত। সেয়ে ইয়াক কমাবলৈ তেওঁ তেওঁ আহ্বান জনাইছে।

সিন্ধিয়াই উল্লেখ কৰা এই ৰাজ্যকেইখন হৈছে অসম, গোৱা, দিল্লী, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, ৰাজস্থান আৰু তামিলনাডু। তেওঁ কয় যে বৰ্তমানলৈকে ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিমান ইন্ধনৰ ওপৰত ১ৰ পৰা ৪ শতাংশলৈকে ভেটৰ ব্যৱস্থা আছে।

দেশৰ বিমান সেৱাক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি সিন্ধিয়াই কয় যে ইয়াক সহজসাধ্য আৰু অত্যধিক কৰৰ পৰা ৰেহাই কৰাটো অত্যন্ত প্ৰয়োজনীয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক