--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ নাগৰিকত্ব সংশোধনী আইনকলৈ গৰম হৈ পৰিছে দেশৰ ৰাজনীতি৷  লোকসভা নিৰ্বাচন মাত্ৰ কেইমাহমান বাকী থকাৰ সময়তে বহু কেইটা ৰাজনৈতিক দলে নাগৰিকত্ব সংশোধনী আইনকলৈ পুনৰ আৰম্ভ কৰিছে ৰাজনীতি৷


পুনৰ বংগত অমিত শ্বাহে কয় 'নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাত কোনেও বাধা দিব নোৱাৰে',৷ তেওঁ  মমতা বেনাৰ্জীৰ বিৰুদ্ধে আইন খনকলৈ বিভ্ৰান্তিকৰ পৰিবেশৰ সৃষ্টি কৰা বুলিও অভিযোগ উত্থাপন কৰে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগ ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী আইন  সন্দৰ্ভত বিজেপিৰ স্থিতি পুনৰবাৰ  স্পষ্ট কৰে৷ তেওঁ কয়  "নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰাটো বিজেপিৰ প্ৰতিশ্ৰুতিৰ অংশ’’।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়  যে নাগৰিকত্ব সংশোধনী আইন (চিএএ) ৰূপায়ণ কোনেও বন্ধ কৰিব নোৱাৰে, কিয়নো ই দেশৰ আইন। তেওঁ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বিষয়টোত মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ৰাষ্ট্ৰীয় পুথিভঁৰালত ৰাজ্যিক বিজেপিৰ ছ'চিয়েল মিডিয়া আৰু আইটি শাখাৰ সদস্যসকলৰ এক ৰুদ্ধদ্বাৰ  বৈঠকত ভাষণ দি শ্বাহে কয় যে চিএএ ৰূপায়ণ হৈছে দলটোৰ প্ৰতিশ্ৰুতি।
অমিত শ্বাহে বিশ্বাস ব্যক্ত কৰে  যে ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যখনৰ ৪২ খন লোকসভা আসনৰ ভিতৰত ৩৫ খনতকৈ অধিক আসন লাভ কৰিব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, বিজেপিয়ে ১৮ খন আসন লাভ কৰিছিল। বংগ  বিজেপিৰ মিডিয়া শাখাই বৈঠকত শ্বাহে দিয়া ভাষণৰ কিয়দংশ ৰাজহুৱা কৰিছে৷ 

শ্বাহে কয় "আমি পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ পিছত পশ্চিম বংগত বিজেপি চৰকাৰ গঠনৰ বাবে কাম কৰিব লাগিব। বিজেপি চৰকাৰৰ উদ্দেশ্য হ'ব অনুপ্ৰৱেশ, গৰুৰ চোৰাং ব্যৱসায় বন্ধ কৰা আৰু চিএএৰ জৰিয়তে ধৰ্মীয় ভিত্তিত নিৰ্যাতিত লোকসকলক নাগৰিকত্ব প্ৰদান কৰা," ৷  উল্লেখ্য নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে মোদীয়েই হওঁক বা শ্বাহেই হওঁক, বংগ প্ৰতিবাৰেই মমতাক আক্ৰমণৰ লক্ষ্য কৰি আহিছে৷ মূলতঃ বংগৰ হিন্দু বঙালী ভোটাৰক আকৃষ্ট কৰাৰ বাবেই বিজেপিয়ে বংগত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগটো সঘনাই উচ্চাৰণ কৰি আহিছে বুলি ৰাজনৈতিক বিশেষজ্ঞ মহলে ধাৰণা কৰিছে৷ ইয়াৰ পূৰ্বেও  কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগৰ  ধৰ্মতলাত এক ৰেলীত  চিএএৰ বিষয়টো উত্থাপন কৰি মমতা নেতৃত্বাধীন চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। শ্বাহে মমতাক প্ৰত্যাহ্বান জনাই কৈছিল  যে সংশোধিত নাগৰিকত্ব আইন সমগ্ৰ দেশৰে আইন। বংগ চৰকাৰে এই আইন ৰূপায়ণ কৰাটো  বন্ধ কৰিব নোৱাৰে।

বিজেপিয়ে পূৰ্বে ২০১৯ ৰ লোকসভা নিৰ্বাচনত   নাগৰিকত্বৰ সংশোধনী আইন প্ৰযোজ্য কৰা হ’ব বুলি ঘোষণা কৰিছিল৷  বিজেপি ক্ষমতালৈ  অহাৰ পিছত আইনখন সংসদতো গৃহীত হৈছিল। কাৰ বিৰুদ্ধে  সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল। তাৰ পিছত সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে, আইনখন কৰোনা মহামাৰীৰ অজুহাতত  পেলাই ৰখা হৈছিল৷  

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বংগত অতি শীঘ্ৰে আইনখন কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। তেতিয়াৰে পৰা প্ৰায় দুবছৰ পাৰ হৈ গ'ল, কিন্তু আইনখন বংগত  প্ৰণয়ন কৰা হোৱা নাই।  এইবোৰ লোকসভা  নিৰ্বাচনৰ পূৰ্বে বংগলৈ  আহি শ্বাহে  পুনৰ চিএএৰ  বিষয়টো উলিয়াইছে৷ 

উল্লেখ্য বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিছৰে পৰা ইয়াৰ বিৰোধিতা কৰি আহিছে। তেওঁ স্পষ্ট কৰি দিছে যে ৰাজ্যখনত আইনখন কাৰ্যকৰী কৰিবলৈ দিয়া নহ’ব। মমতাৰ এনে স্থিতিৰ বিপৰীতে অমিত শ্বাহে কয় "টিএমচিয়ে ৰাজ্যখনত অনুপ্ৰৱেশৰ বাবে উচটনি  দি আহিছে। সেই কাৰণে মমতাই চিএএ কাৰ্যকৰী কৰিব নিবিচাৰে। কিন্তু এয়া  দিল্লীৰ আইন। আনকি কোনোবাই  চেষ্টা কৰিলেও ইয়াক বন্ধ কৰিব নোৱাৰে’’। অমিত শ্বাহে লগতে  কয়, "এই দেশৰ এজন হিন্দু নাগৰিকৰ যিমান অধিকাৰ আছে। শৰণাৰ্থীসকলৰ অধিকাৰো সমানেই। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক