--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানে প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। জীৱনত গীতাৰ কথা গ্রহণ কৰি এজন ব্যক্তিয়ে বহুত অগ্ৰগতি লাভ কৰে। গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক কেনেকৈ জীয়াই থাকিব লাগে শিকাইছে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি বিবেচিত হৈছে। গীতা জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনেই শ্ৰেষ্ঠ। গীতাত শ্ৰী কৃষ্ণই কৰ্মৰ কথা কৈছে।

শ্ৰীমদ্ভাগৱদ্গীতাৰ বহুমূলীয়া বাক্য

- শ্ৰীকৃষ্ণই গীতাত কৈছে যে যি ব্যক্তিৰ কৰ্মত অদম্য বিশ্বাস থাকে আৰু যি ব্যক্তিয়ে সদায় নিজৰ কৰ্মত দৃঢ় হৈ থাকে, সেই ব্যক্তিজনেই জীৱনত সফল হয়। আনহাতে যিজনে কেৱল ফলৰ চিন্তা কৰে, তেওঁ জীৱনত কেৱল বিফলতাহে পায়।

- শ্ৰীকৃষ্ণৰ মতে পৰিস্থিতি যিমানেই বেয়া নহওক কিয়, সদায় একেই নাথাকে। নিশ্চিতভাৱে পৰিস্থিতি সলনি হয়, সেইবাবেই মানুহে সাহস হেৰুৱাব নালাগে। শ্ৰী কৃষ্ণই কৈছে যে ঈশ্বৰে কেতিয়াও কোনো ব্যক্তিৰ লগত অন্যায় নকৰে, তেওঁ কেৱল তেওঁৰ প্ৰাপ্য বস্তুহে দিয়ে।

- গীতাৰ মতে সফল হ'বলৈ  নিজে যুঁজিব লাগিব আৰু সাৱধান হ’ব লাগিব। শ্ৰীকৃষ্ণই কৈছে হে অৰ্জুন! এজন ব্যক্তিয়ে নিজৰ ইচ্ছামতে হ’ব পাৰে যদিহে তেওঁ অনবৰতে আকাংক্ষিত বস্তুটোৰ বিষয়ে বিশ্বাসেৰে চিন্তা কৰে।

- শ্ৰীমদভাগৱ গীতাত শ্ৰীকৃষ্ণই কৈছে যে জীৱনত একোৱেই স্থায়ী নহয়, গতিকে নিজকে বেছি মানসিক চাপ নিদিব। কাৰোবাৰ লগত খোজ দিলে কোনো সুখো পোৱা নাযায়, কোনো লক্ষ্যও পোৱা নাযায়। সেইবাবেই মানুহে সদায় নিজৰ কৰ্মত বিশ্বাস কৰি অকলে খোজ দিব লাগে।

- শ্ৰীকৃষ্ণই নিজৰ ধৰ্মত মৃত্যু হোৱাই ভাল। অৰ্থাৎ আনক অনুসৰণ বা অনুকৰণ কৰাৰ পৰিৱৰ্তে আমি নিজৰ ধৰ্মক স্বীকৃতি দিয়া উচিত। আনৰ অনুসৰণ কৰিয়েই মনত ভয়ৰ সৃষ্টি হয়। শ্ৰীকৃষ্ণৰ মতে ভয় দূৰ কৰাৰ এটাই উপায় আৰু সেয়া হ’ল নিজৰ ধৰ্মক চিনি পাই তাত জীয়াই থকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ