--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৪০ বছৰতকৈ কম বয়সত হাৰ্ট এটেকৰ আশংকা কম আছিল যদিও বৰ্তমান এই ঘটনা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। আজিকালি বেছিভাগৰ ক্ষেত্ৰতে হাৰ্ট এটেকৰ চিকাৰ হোৱা লোকৰ বয়স ৪০ বছৰৰ তলত বা ওচৰৰ হোৱা দেখা যায়। কিন্তু প্ৰশ্ন হয় যে কিয় এনে পৰিৱৰ্তন দেখা গৈছে আৰু কম বয়সতে কিয় এই মাৰাত্মক ৰোগৰ চিকাৰ হৈছে।

 হাৰ্ট এটেক, হাৰ্ট ষ্ট্ৰোক, কাৰ্ডিয়াক এৰেষ্ট আৰু মায়োকাৰ্ডিয়াল ইনফাৰ্কচন (MI) এই সকলোবোৰেই হৃদযন্ত্ৰৰ সৈতে জড়িত। এই ৰোগবোৰ বয়সৰ লগত সম্পৰ্কিত বুলি গণ্য কৰা হৈছিল যদিও এতিয়া প্ৰতি ৫জন হাৰ্ট এটেক ৰোগীৰ ভিতৰত এজনৰ বয়স ৪০ বছৰৰ তলৰ হোৱা দেখা যায়। হৃদযন্ত্ৰৰ পেশীলৈ তেজৰ সোঁত হঠাতে কমি যোৱাৰ ফলত হৃদযন্ত্ৰৰ পেশীৰ ক্ষতি হ’লে তীব্ৰ মায়োকাৰ্ডিয়াল ইনফাৰ্কচন বা হাৰ্ট এটেক হয়। শৰীৰৰ কাৰ্যক্ষমতা আৰু বয়সৰ অৱনতি ঘটা বাবেও এনে অৱস্থাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। কিন্তু বৰ্তমান সময়ত ২০ৰ পৰা ৩০ বছৰৰ ভিতৰতো হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।

 কম বয়সতে হাৰ্ট এটেক-

আপুনি জানি আচৰিত হ’ব যে ২০০০ চনৰ পৰা ২০১৬ চনলৈকে যুৱক-যুৱতীসকলৰ মাজত হাৰ্ট এটেকৰ ৰোগীৰ সংখ্যা প্ৰতি বছৰে ২ শতাংশ হাৰত বৃদ্ধি পাইছে। যোৱা শাৰদীয় নৱৰাত্ৰিত গাৰ্বা কৰি থকা অৱস্থাত ২১ বছৰীয়া এজন যুৱক হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছিল। কাৰণ সেই ২১ বছৰীয়া যুৱকজন কোনো ড্ৰাগছ আসক্ত নাছিল, কোনো গুৰুতৰ ৰোগত আক্ৰান্তও নাছিল। কিন্তু এনেবোৰ ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে।

 হঠাৎ হাৰ্ট এটেক কিয় আহে?

হৃদৰোগ আচলতে ইতিমধ্যে গঠন হৈ থকা বিভিন্ন কাৰকৰ ফল। উদাহৰণস্বৰূপে, আন যিকোনো লক্ষণ ক’ৰ’নাৰী হাৰ্ট ডিজিজৰ লগত জড়িত হোৱাৰ লগে লগে এজন ব্যক্তিৰ হাৰ্ট এটেক হ’ব পাৰে। এই সকলোবোৰ শৰীৰৰ ভিতৰত সংঘটিত হোৱা পৰিঘটনা, যিয়ে অতি মৃদু লক্ষণেৰে ইংগিত দিয়ে। সেইবাবেই মানুহে প্ৰায়ে চিনি পোৱাত ব্যৰ্থ হয়।

যেনে-বাওঁহাতৰ বিষ, কিছু লোকৰ ক্ষেত্ৰত দুয়োহাততে এই বিষ হ’ব পাৰে। বিশেষ কথাটো হ’ল এই বিষটো জিৰণি লোৱাৰ সময়ত ভাল হয়। যদি এইটো অবিৰতভাৱে হৈ আছে তেন্তে ইয়াক কেতিয়াও আওকাণ কৰা উচিত নহয়। খোজকঢ়াৰ সময়ত বা যিকোনো কাম কৰাৰ সময়ত বুকুত বিষ অনুভৱ হোৱা, যিটো খোজকঢ়া বা কাম শেষ কৰাৰ পাছত ভাল হয়। আহাৰ খোৱাৰ পাছত খোজকাঢ়িলে বুকুত তীব্ৰ বিষ অনুভৱ হয় আৰু খোজকঢ়া বন্ধ কৰাৰ পাছত বিষ কমি যায়। এই অৱস্থাক পষ্ট প্ৰেণ্ডিয়াল এঞ্জাইনা বুলি কোৱা হয় আৰু ই হৃদযন্ত্ৰৰ সমস্যাৰ প্ৰাৰম্ভিক লক্ষণো হ’ব পাৰে।

 কম বয়সতে কিয় হাৰ্ট এটেক হয়?

কম বয়সতে হাৰ্ট এটেকৰ কাৰণসমূহ জীৱনশৈলীৰ সৈতে জড়িত, যিবোৰ তলত দিয়া ধৰণৰ হ’ব পাৰে-

* এলেহুৱা জীৱনশৈলী

* দৈনিক ব্যায়ামৰ অভাৱ

* অনিৰ্দিষ্ট টোপনিৰ সময়

* অত্যধিক ওজন বৃদ্ধি

* উচ্চ ৰক্তচাপ

* ডায়েবেটিছ ৰোগত আক্ৰান্ত

* দীৰ্ঘদিন ধৰি মানসিক চাপত থকা

* মদ্যপান আৰু ধূমপানৰ আসক্তি

 হাৰ্ট এটেকৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

হৃদৰোগৰ পৰা আঁতৰি থাকিবলৈ এই টিপছসমূহ মানি চলক-

* নিয়মীতভাৱে ৰক্তচাপ পৰীক্ষা কৰোৱা

* যদি পৰিয়ালত ডায়েবেটিছৰ ইতিহাস আছে তেন্তে চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰক

* খাদ্য গ্ৰহণৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰক

* ধূমপান, মদ্যপানৰ পৰা বিৰত থাকক

* সীমিত পৰিমাণে নিমখ সেৱন কৰিব লাগে

* পেকেটিং খাদ্য খোৱাৰ পৰা বিৰত থাকক

* পুৱা সোনকালে উঠাৰ অভ্যাস কৰক

* সক্ৰিয় হওক আৰু নিয়মীতভাৱে ব্যায়াম কৰক


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু